Logo
image

আৰক্ষীৰ ভুল এনকাউণ্টাৰ; ডকাইতৰ পৰিৱৰ্তে প্ৰাণ গ'ল খেতিয়কৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাঙত সংঘটিত এনকাউণ্টাৰৰ ঘটনাটোৱে লৈছে এক নতুন ৰূপ। আৰক্ষীৰ এনকাউণ্টাৰত কেইবাটাও বেংক ডকাইতিৰ লগত জড়িত  দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰীৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল। আৰক্ষীৰ এনকাউণ্টাৰত নিহত লোকজন নাছিল দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী। এই দাবী এগৰাকী মহিলাৰ। মহিলাগৰাকীৰ দাবী আৰক্ষীয়ে তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰীক হে গুলীয়াই হত্যা কৰিলে। এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন প্ৰকৃততে নিৰ্দষী কৃষক ডিম্বেশ্বৰ মুছাহীৰহে। সংবাদ মাধ্যমৰ আগত ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে কয়, ‘বৃহস্পতিবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন কেনাৰাম বড়ো নহয়, মোৰ স্বামীহে’।‘সেই নিশা কেনাৰাম আমাৰ ঘৰলৈ আহি মোৰ স্বামীক মাতি লৈ গৈছিল’, এইদৰে কয় পত্নীয়ে।আৰক্ষীৰ গুলীত নিহত লোকজন কেনাৰাম নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰি মুছাহাৰীৰ পত্নীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীৰ মৃতদেহটো কেনাৰামৰ পৰিয়ালে পুটি থৈছে।

আৰক্ষীয়েও এনকাউণ্টাৰত নিহত হোৱা কেনাৰাম বসুমতাৰীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ চমজাই দিছিল পৰিয়ালক। পৰিয়ালৰ লোকেও গ্ৰহণ কৰিছিল সেই মৃতদেহ।
ঘৰৰ পদুলিত কেনাৰামৰ পত্নীয়ে মৃতদেহ চাই কান্দোনত ভাঙি পৰিছিল।কিন্তু  হিন্দু ধৰ্মাৱলম্বী হোৱাৰ পিছতো পৰৱৰ্তী সময়ত ৰহস্যজনক ভাৱে সেই মৃতদেহ ধৰ্মীয় ৰীতি অনুসৰি দাহ কৰাৰ পৰিৱৰ্তে কৱৰস্থ কৰা হৈছিল। যাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

আৰক্ষীৰ উপস্থিতিত এতিয়া পুনৰ কৱৰ খান্দি উলিয়াই অনা হ'ব এই মৃতদেহ। পুনৰ দুয়োপক্ষৰ উপস্থিতিত চিনাক্ত কৰা হ'ব প্ৰকৃততে এনকাউণ্টাৰত নিহত হোৱা এই লোকজন কোন? দুধৰ্ষ ডকাইত কেনাৰাম নে নিৰ্দোষী কৃষক ডিম্বেশ্বৰ।