Logo
image

কৃষি বিভাগৰ উদ্যোগত কৃষি ব্যয় আৰু মূল্য নিৰূপণ আয়োগৰ বৈঠক

ডিজিটেল ডেস্কঃ কৃষি বিভাগ, অসমৰ উদ্যোগত শুকুৰবাৰে খানাপাৰস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত খাৰিফ শস্য, ২০২৩ -২৪ ৰ মূল্য নীতিৰ ওপৰত উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এখন আঞ্চলিক বৈঠক আয়োজন কৰা হয়। এই বৈঠকত মাননীয় কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰাই অংশগ্ৰহণ কৰি উল্লেখ কৰে যে, কৃষকসকলক বাণিজ্যিক খেতিত নিয়োজিত কৰি ৰাখিবলৈ উৎসাহ প্ৰদানৰ বাবে এক সুস্থিৰ আৰু ফলপ্ৰসূ মূল্য নীতি সবাতোকৈ গুৰুত্বপূৰ্ণ। দেখা গৈছে যে কিছুমান গুৰুত্বপূৰ্ণ আৰু বাণিজ্যিক শস্যৰ নূন্য়তম সমৰ্থন মূল্য (এম এচ পি) ঘোষণা নকৰাৰ বাবে কৃষকৰ গৰিষ্ঠসংখ্যক উৎপাদিত সামগ্ৰী বিশেষকৈ শস্য চপোৱাৰ সময়ত খেতিৰ খৰচতকৈ বহু কম মূল্যত বিক্ৰী কৰিব লগা হয়৷ অসমত আলু, শাক-পাচলি আৰু ফল-মূলৰ ক্ষেত্ৰত এই সমস্যা মূলতঃ পৰিলক্ষিত হয়৷ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে কৃষিক্ষেত্ৰ কৃষক ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰা, কৃষিজাত সামগ্ৰীৰ যুক্তিসংগত মূল্য বজাই ৰখা আৰু কৃষি উৎপাদন বৃদ্ধি কৰাৰ বাবে উৎসাহ যোগোৱাত খাৰিফ শস্যৰ নূন্য়তম সমৰ্থন মূল্যই সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

ভাষণ প্ৰসংগত তেখেতে কয় যে ,অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু সক্ষম নেতৃত্বৰে আমাৰ চৰকাৰে অসম মিলেট মিছন, ফ'ডাৰ মিছন, তৈল পাম অভিযান আঁচনি আদি বিভিন্ন আঁচনি ৰূপায়ণ কৰি নৱপ্ৰজন্মক কৃষিকাৰ্য্যত মনোনিৱেশ কৰাৰ বাবে আকৰ্ষিত কৰিবলৈ  উদ্যোগ লৈছে ৷ লগতে সৰিয়হ আৰু মাহজাতীয়  শস্যৰ উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিবলৈ কৃষি বিভাগে এই দুবিধ শস্যৰ কৃষিকাৰ্য বিস্তৃত পৰিসৰত আৰম্ভ কৰিছে। লগতে কৃষি খণ্ডৰ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি কাষ্টম হাইৰিং চেণ্টাৰ আৰু গাওঁ পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপন কৰা হৈছে যাতে অধিক সংখ্যক লোক এই খণ্ডলৈ আকৰ্ষিত হয়৷

বৈঠকত কৃষি ব্যয় আৰু মূল্য নিৰূপণ আয়োগৰ অধ্যক্ষ অধ্যাপক বিজয় পাল শৰ্মা ডাঙৰীয়াই অৱগত কৰে যে এই বৈঠকৰ উদ্দেশ্য হৈছে খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা যাতে কৃষক সমাজে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যুক্তিসংগত মূল্য পায়। তেওঁ আৰু কয় যে পৰামৰ্শ আৰু ধাৰণা কৃষকসমাজৰ পৰা আহে আৰু শস্যৰ মূল্য নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কৃষক পৰামৰ্শদাতাসকলে মূল ভূমিকা পালন কৰে। বৈঠকত কৃষি মূল্য নীতিক প্ৰভাৱিত কৰা বিভিন্ন কাৰকসমূহৰ ওপৰত বিশদ আলোচনা কৰা হয়৷ 

এই বৈঠকত  ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি ব্যয় আৰু মূল্য নিৰূপণ আয়োগৰ অধ্যক্ষ অধ্যাপক বিজয় পাল শৰ্মা, কৃষি ব্যয় আৰু মূল্যৰ আয়োগৰ সদস্য ড° নবীন প্ৰকাশ সিং, উপ সঞ্চালকদ্বয় শ্ৰীমতী লীনা কুমাৰ আৰু শ্ৰী সুৰজ কুমাৰ শুক্লা, কৃষি বিভাগ,অসমৰ সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী ডাঙৰীয়া প্ৰমুখ্যে উত্তৰ -পূৰ্বাঞ্চলৰ অন্যান্য উচ্চপদস্থ বিষয়ববীয়াসকল উপস্থিত থাকে৷