Logo
image

এটা লকেটৰ বাবেই ধৰা পৰি গ’ল কৰ্নেল

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ  কামৰূপ আৰক্ষীয়ে চাংসাৰিত বস্তাৰ ভিতৰত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ ঘটনাৰ পম খেদি গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাৰ চতুৰ্থ ক’ৰৰ লেফটেনেণ্ট কৰ্নেল তথা প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ অমৰিন্দৰ সিং ৱালিয়াক৷ শুকুৰবাৰে নিশা তেজপুৰৰ মিছন চাৰিআলিস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ আৱাসৰ পৰা প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰে কামৰূপ আৰক্ষীয়ে৷ বিগত ১৫ ফেব্ৰুৱাৰীৰ পুৱা কামৰূপৰ চাংসাৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা  মহিলাৰ মৃতদেহটো চেন্নাইৰ বন্দনা শ্ৰী বুলি চিনাক্ত কৰাৰ পাছতেই মহিলাগৰাকীৰ হত্যাত জড়িত থকাৰ অভিযোগত সেনাৰ শীৰ্ষ বিষয়াজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ তদন্তত সেনা বিষয়াজনে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা মহিলাগৰাকীক অতি পৰিকল্পিতভাৱে হত্যা কৰি বস্তাত বান্ধি পেলাই দিয়াৰ লগতে মহিলাগৰাকীৰ ৪ বছৰীয়া কন্যাক গুৱাহাটীৰ পৰা নি পশ্চিম বংগৰ হাওৰা ষ্টেচনত এৰি থৈ অহাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷ উল্লেখ্য, ১৫ ফেব্ৰুৱাৰীৰ পুৱাই চাংসাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰিছিল এগৰাকী মহিলাৰ মৃতদেহ৷ আনুমানিক ৩৫ বছৰ বয়সৰ মহিলাগৰাকীয়ে ডিঙিত পিন্ধি আছিল তামিলনাডুৰ বিখ্যাত লিংগ ভৈৰৱী মন্দিৰৰ এটা লকেট৷ তদুপৰি মহিলাগৰাকীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ অহা এটা ৰে’লৰ টিকট উদ্ধাৰ কৰিছিল৷ সেই সূত্ৰেই আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকী দক্ষিণ ভাৰতৰ নিৱাসী বুলি সন্দেহ কৰি ছ’চিয়েল মিডিয়াৰ লগতে দক্ষিণ ভাৰতৰ সংবাদ-পত্ৰতো মহিলাগৰাকীৰ পৰিচয় উদ্‌ঘাটনৰ বাবে ফটোসহ বিজ্ঞাপন প্ৰচাৰ কৰিছিল৷ ইয়াৰ পাছতেই আৰক্ষীয়ে তামিলনাডুৰ লিংগ ভৈৰৱী মন্দিৰৰে যোগাযোগ কৰি মহিলাগৰাকীয়ে ডিঙিত পিন্ধি থকা উক্ত লকেটটোসেনা বিষয়া অমৰিন্দৰ সিং ৱালিয়াই ক্ৰয় কৰাটো নিশ্চিত হয়৷ একে সময়তে ছ’চিয়েল মিডিয়াত হোৱা ব্যাপক প্ৰচাৰৰ পাছতেই পৰিয়ালৰ লোকে মহিলাগৰাকীক চিনাক্ত কৰাৰ লগতে প্ৰকৃত ঘৰ তামিলনাডুৰ চেন্নাইত বুলি জানিবলৈ দিয়ে৷ পৰিয়ালৰ লোকে লগতে কামৰূপ আৰক্ষীক জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ নাম বন্দনা শ্ৰী৷ বন্দনা শ্ৰীৰ ইতিপূৰ্বে বিবাহ বিচ্ছেদ হৈছে আৰু এটি ৪ বছৰীয়া কন্যা সন্তানো আছে৷ পৰিয়ালৰ লোকে আৰক্ষীক জানিবলৈ দিয়া মতে বন্দনা শ্ৰী বিবাহ বিচ্ছেদত হ’লেও অসমত কৰ্মৰত পাঞ্জাৱৰ সেনা বিষয়া অমৰিন্দৰ সিং ৱালিয়াৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্ক আছিল৷ কিন্তু ১৪ ফেব্ৰুৱাৰীৰ পৰা বন্দনা শ্ৰীৰ ফোন বন্ধ থকাৰ লগতে ৪ বছৰীয়া কন্যাৰ সন্ধান নাই বুলিও আৰক্ষীক জানিবলৈ দিয়ে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শুকুৰবাৰে চতুৰ্থ ক’ৰৰ লেফটেনেণ্ট কৰ্নেল অমৰিন্দৰ সিং ৱালিয়াক প্ৰথমে আটক কৰি সোধা-পোছা কৰাৰ পাছতেই ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহে৷ সেনা বিষয়াজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে অমৰিন্দৰ সিঙৰ পত্নী আৰু ১০ বছৰীয়া এটি পুত্ৰৰ সৈতে সুখৰ সংসাৰ আছিল যদিও বন্দনা শ্ৰীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ অমৰিন্দৰৰ পত্নী-পুত্ৰ আগ্ৰাত থকাত তেজপুৰৰ চৰকাৰী আৱাসলৈ প্ৰায়ে আহিছিল চেন্নাইৰ বন্দনা শ্ৰী৷ পহিলা ফেব্ৰুৱাৰীত চেন্নাইৰ পৰা বাৰানসীলৈ যোৱা বন্দনাই কিছুদিন দিল্লীত আছিল৷ ১৪ ফেব্ৰুৱাৰীত ৰাজধানী এক্সপ্ৰেছেৰে  দিল্লীৰ পৰা আহি গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হৈছিল বন্দনা শ্ৰী৷ আনহাতে, পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই বন্দনা শ্ৰীক সেইদিনা গুৱাহাটীৰ পৰা তেজপুৰলৈ আগবঢ়াই নিবলৈ আহিছিল অমৰিন্দৰ৷ এখন গাড়ী ভাৰা কৰি তেজপুৰৰ পৰা নিজেই চলাই আহি গুৱাহাটীত ১৪ ফেব্ৰুৱাৰীত উপস্থিত হৈছিল সেনা বিষয়াজন৷ কিন্তু উক্ত দিনা সন্ধিয়া গুৱাহাটীৰ পৰা তেজপুৰলৈ বুলি ওলাই গৈছিল যদিও মঙলদৈত পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই বন্দনা শ্ৰীক হত্যা কৰি মৃতদেহ এটা বস্তাত বান্ধি গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰিত ৰাষ্ট্ৰীয় ঘাইপথত পেলাই দিয়ে৷ যিটো মৃতদেহ পুৱা কামৰূপ আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ইফালে, বন্দনা শ্ৰীক হত্যা কৰি মৃতদেহ ৰাজপথত পেলাই দিয়াৰ পাছত পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনলৈ ঘূৰি আহে অৰবিন্দৰ সিং ৱালিয়া৷ ইয়াৰ পাছতেই বন্দনাশ্ৰীৰ ৪ বছৰীয়া কন্যা মানুশ্বিকাক লগত লৈ ৰে’লেৰে পশ্চিম বংগৰ হাওৰা ষ্টেচনত উপস্থিত হয় কৰ্নেল ৱালিয়া৷ পুৱতি নিশা ৰে’ল ষ্টেচনটোতে বন্দনা শ্ৰীৰ ৪ বছৰীয়া কন্যাক এৰি থৈ পুনৰ গুৱাহাটীলৈ উভতি আহে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰজন৷ পৰৱৰ্তী সময়ত আৰ পি এফে বন্দনা শ্ৰীৰ ৪ বছৰীয়া কন্যা মানুশ্বিকাক উদ্ধাৰ কৰি চাইল্ড লাইনকে গতাই দিয়ে৷ আনকি পশ্চিম বংগৰ বিভিন্ন ৰে’ল ষ্টেচনত চাইল্ড লাইনে মানুশ্বিকাৰ ফটো প্ৰচাৰ কৰি অভিভাৱকৰ সন্ধানতো পোষ্টাৰ আঁৰি দিয়ে৷ সেই পোষ্টাৰৰ ভিত্তিতে কামৰূপ আৰক্ষীয়ে ইতিমধ্যে মানুশ্বিকাক হাওৰা আৰ পি এফৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মালৈ আনিছে৷ আৰক্ষীয়ে হত্যাকাণ্ডটোত ব্যৱহাৰ কৰা ভাৰা গাড়ীখনো জব্দ কৰিছে৷ শনিবাৰে জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাত লেফটেনেণ্ট কৰ্নেল অৰবিন্দৰক গ্ৰেপ্তাৰ কৰি কামৰূপ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই ৭ দিনৰ জিম্মাত লৈছে ৷ সেনা বিষয়াজনক  অধিক জেৰা কৰিলেই অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা বন্দনা শ্ৰীক হত্যাৰ প্ৰকৃত কাৰণ কি তাক জনা যাব বুলি কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ে জানিবলৈ দিছে৷ অৱশ্যে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবেই যে বন্দনা শ্ৰীক হত্যা কৰা হৈছে তাক লৈ নিশ্চিত হৈছে কামৰূপ আৰক্ষী৷

 প্ৰতিৰক্ষা মুখপাত্ৰ ৱালিয়াক আটক কামৰূপ আৰক্ষীৰ

তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল এ এছ ৱালিয়াক কামৰূূপ আৰক্ষীৰ এটা তদন্তকাৰী দলে শোণিতপুৰ আৰক্ষীৰ সহযোগত তেজপুৰৰ পৰা কালি বিয়লি আটক কৰে৷ উল্লেখ্য, ১৫ফেব্ৰুৱাৰীত চাংসাৰিত ৰাষ্ট্ৰীয় পথৰ দাঁতিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ তামিলনাডুৰ মহিলাগৰাকীৰ সৈতে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৱালিয়াৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্য তদন্তকাৰী আৰক্ষীয়ে লাভ কৰাৰ পাছতে কালি তেওঁক সোধ-পোছৰ বাবে লৈ যায় আৰক্ষীয়ে৷ আজি তেজপুৰত শোণিতপুৰ আৰক্ষীৰ সূত্ৰই এই কথা সদৰি কৰিছে৷ চাংসাৰিত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহৰ ডিঙিত এটা লকেট উদ্ধাৰ কৰিছিল আৰক্ষীয়ে আৰু সেই লকেটৰ পৰাই লাভ কৰা সূত্ৰৰ ভিত্তিত তদন্তকাৰী আৰক্ষীয়ে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তেজপুৰৰ মুখপাত্ৰজনক কৰায়ত্ত কৰি নিছে৷ এই ঘটনাৰ বিষয়ে প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই কোনো তথ্য সদৰি কৰা নাই যদিও শোণিতপুৰ আৰক্ষীয়ে ৱালিয়াক কামৰূপ আৰক্ষীয়ে আটক কৰি নিয়াৰ সত্যতা স্বীকাৰ কৰিছে৷

কামৰূপ আৰক্ষী অধীক্ষকৰ সংবাদমেল

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ মতে অতি পৰিকল্পিত আৰু নিখুতভাৱে সংঘটিত হৈছিল বন্দনাশ্ৰীৰ হত্যাকাণ্ড৷ হত্যাকাণ্ড সংঘটিত কৰি কোনো ক্লু ৰখা নাছিল সেনা বিষয়া লেঃ কৰ্নেল এ এছ ৱালিয়াই৷ মহিলাগৰাকীৰ সৈতে এটি চাৰিবছৰীয়া শিশুও আছিল বুলি সদৰি কৰে কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে৷ আজি এখন সংবাদ মেল অনুষ্ঠিত কৰি আৰক্ষী অধীক্ষকজনে আৰু কয় যে আৰু অধিক অনুসন্ধানৰ বাবে ধৃত সেনা বিষয়াজনক ন্যায়িক জিম্মাত লোৱা হৈছে৷ ইফালে, হাওৰা ষ্টেচনৰ পৰা উদ্ধাৰ কৰা মৃত মহিলাগৰাকীৰ শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত কামৰূপ আৰক্ষীৰ লগত আছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকে৷ সংবাদ মেলত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ আৰু ৰঙিয়াৰ এছ ডি পি অ’ সুজল আগৰৱালা উপস্থিত আছিল৷