Logo
image

৫ লাখ টকা তুলি অৰূপক ২ লাখ দিছিল বন্দনাই

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ দেশ কঁপাই যোৱা চাঞ্চল্যকৰ গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ নিতৌ ওলাই আছে ন ন তথ্য৷ এইবাৰ অৰূপ ডেকাৰ বিয়াৰ বাবে বন্দনা কলিতাই দুই লাখ টকা আদায় দিছিল৷ শাহু শংকৰী দে’ৰ একাউণ্টৰ পৰা এ টি এম কাৰ্ড ব্যৱহাৰ কৰি বন্দনা কলিতাই ৫ লাখ টকা উঠাইছিল৷ এই ৫ লাখ টকাৰ দুই লাখ টকা বন্দনা কলিতাই অৰূপ ডেকাক আদায় দিছিল তেওঁৰ বিয়াৰ বাবে৷ আৰক্ষীৰ উপৰ্যপৰি জেৰাত বন্দনা কলিতাই এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ৰ হত্যা কৰাৰ আচনি গ্ৰহণ কৰাৰ পূৰ্বেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত যোৱাৰ প্ৰস্তুতি সম্পূৰ্ণভাৱে নিজকে সাজু কৰি ৰাখিছিল বুলি বন্দনা কলিতাই আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিয়ে৷ আৰক্ষীৰ জেৰাৰ সময়ত বন্দনা কলিতাই  বিভিন্ন সময়ত বিভিন্ন স্বীকাৰোক্তি দি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা বুলি মহানগৰ আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰে৷ জেৰাৰ সময়চোৱাত আৰক্ষীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বন্দনা কলিতাই অধিক মাত্ৰাত কথা কৈ আৰক্ষীক ব্যতিব্যস্থ কৰাও বুলি অভিযোগ উঠিছে৷ ইপিনে, নুনমাটি আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত অৰূপ ডেকাই বন্দনা কলিতাৰ পৰা তেওঁৰ বিয়াৰ বাবে দুই লাখ টকা লোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে৷ মুলতঃ ধন-সম্পত্তিৰ বাবেই স্বামী আৰু শাহুক বন্দনা কলিতাই দুই সহযোগীৰ সহযোগত হত্যা কৰিছিল সেই কথা লাহে লাহে পোহৰলৈ আহি আছে৷ ইপিনে, মহানগৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত হত্যাৰ অভিযুক্ত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক লগত লৈ মেঘালয় আৰক্ষীৰ সহযোগত মেঘালয়ৰ ডাউকীত স্বামী অমৰজ্যোতি দে’ৰ ছিন্ন মুণ্ড বিছাৰি ব্যাপক অভিযান চলায়৷ আৰক্ষীৰ দলটোৱে তিনি অভিযুক্তক লগত লৈ ডাউকীৰ দখাৱৈত নামি অভিযান চলাই যদিও দিনৰ ৪ বজালৈকে অবশিষ্ট অংগৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ শেহতীয়াকৈ বন্দনা কলিতাক গাড়ীৰ ভিতৰত থৈ আৰক্ষীৰ দলটোৱে নিজে পথৰ দাতিৰ দ খাৱৈত নামি মৃতদেহৰ অৱশিষ্ট অংগ উদ্ধাৰ অভিযানত নামি পৰে যদিও সন্ধিয়া ৫ বজালৈকে অৱশিষ্ট অংগৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ আন্ধাৰ হোৱাৰ লগে লগে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আৰক্ষীৰ দলটোৰ দ খাৱৈৰ পৰা উঠি আহিবলৈ বাধ্য হয়৷ পিছত আৰক্ষীৰ দলটোৱে তিনি অভিযুক্তক লগত লৈ খালি হাতে গুৱাহাটীলৈ উভতি আহিব লগা হয়৷ সম্প্ৰতি বন্দনাক পাণবজাৰ সদৌ মহিলা আৰক্ষী থানাত ৰখা হৈছে আৰু ধনটি আৰু অৰূপক নুনমাটি থানাত ৰাখি মাৰাথন জেৰা চলাই আছে৷ উল্লেখ্য যে, মূলতঃ শাহু শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰাৰ কথা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত৷ আৰক্ষীৰ উপৰ্যুপৰি জেৰাত বন্দনা কলিতাই বিয়াৰ পূৰ্বে শংকৰী দে’ৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে কাম কৰি আছিল বুলি বিস্ফোৰক স্বকাৰোক্তি দিয়ে৷ এপিডিচিএলৰ অৱসৰী কৰ্মচাৰী শংকৰী দে’ৰ ধন-সম্পত্তি আৰু টকা দেখি বন্দনা কলিতাৰ চকু কপালত উঠিছিল৷ তেতিয়াই বন্দনা কলিতাই শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ পুত্ৰ অমৰজ্যোতি দে’ৰ লগত প্ৰেমৰ নাটক ৰচনা কৰে৷ বন্দনাৰ প্ৰেমৰ নাটকত অন্ধ হৈ অমৰজ্যোতি দেই বন্দনা কলিতাক পৰিয়ালক অমতত বিয়া পাতি আকস্মিকভাৱে ঘৰলৈ লৈ আহে৷ পুত্ৰৰ এনে কাণ্ডত মাতৃ শংকৰী দেই হতভম্ব হৈ পৰে আৰু এই বিয়া মানি লোৱা নাছিল৷ আনকি বন্দনাৰ পৰিয়ালেও এই বিয়াক মান্যতা দিয়া নাছিল৷ তাৰ মাজতে বন্দনা কলিতাই কোনো দিনে অমৰজ্যোতি দেক স্বামী হিচাপে মানি লোৱা নাছিল৷ আনকি বন্দনাই স্বামী অমৰজ্যোতি দে’ৰ লগত কোনো দিনে শাৰীৰিক সম্পৰ্কও স্থাপন কৰা নাছিল৷ মূলতঃ শাহু শংকৰী দে’ৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ বন্দনাই ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল যদিও সফলতা লাভ কৰা নাছিল৷ শেহতীয়াকৈ বন্দনা কলিতাই শাহুৰ ধন-সম্পত্তি হস্তগত কৰিবলৈ স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি দাৰে টুকুৰা টুকুৰ কৈ কাটি মেঘালয়ত পেলাই দিছিল৷ অৱশ্যে অমৰজ্যোতি দে’ৰ মোমায়েকৰ ল’ৰা নিৰ্মলা দেই বন্দনা কলিতাই শংকৰী দে’ৰ ঘৰত কোনো দিনেই কেয়াৰ টেকাৰ হিচাপে কাম কৰা নাছিল বুলি আমাৰ অসমৰ জানিবলৈ দিয়ে৷ কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত এই সমস্থ তথ্য প্ৰকাশ পাব৷ উল্লেখ্য যে, স্বামী আমৰজ্যোতি দে আৰু শাহু শংকৰী দে’ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক কালি নুনমাটি থানালৈ অনা হয়৷ নুনমাটি থানাত বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাক মুখামুখি কৈ বহুৱাই এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দুই ঘণ্টাতকৈ অধিক সময় জেৰা কৰে৷ জেৰাত তিনি অভিযুক্তই কি স্বীকাৰ কৰিলে সেয়া তদন্তৰ খাতিৰত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ পৰা বিৰত থাকে৷ জেৰাত অন্তত হত্যাৰ অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটা বোন্দা জানৰ বীৰকুছিৰ দলঙৰ সমীপলৈ আহে৷ তিনি অভিযুক্তই দেখা দিয়া বীৰকুছিৰ দলঙৰ তলত পানীত আৰক্ষীয়ে অভিযান চলাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ কৰা দাখন বন্দনা কলিতাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা হয় বুলি আৰক্ষীক নিশ্চিত প্ৰদান কৰে৷ দাখন উদ্ধাৰ কৰাৰ পাছতেই বন্দনা কলিতাই দা ক্ৰয় কৰা পাথৰকুৱেৰীৰ দোকানলৈ আৰক্ষীৰ দলটোক লৈ যায়৷ আৰক্ষীয়ে বন্দনা কলিতাৰ ওচৰত ৩৫০ টকাত দা বিক্ৰী কৰা দেকানীজনক আটক কৰি থানালৈ আনি সাক্ষ্য লিপিবদ্ধ কৰি ঘৰলৈ যাবলৈ দিয়ে৷