Logo
image

উজাই বিশ্বনাথ পালেগৈ গংগা বিলাস, অপেক্ষা ডিব্ৰুগড়ৰ

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পাছত বিশ্বৰ দীৰ্ঘতম প্ৰমোদ তৰি ‘এম ভি গংগা বিলাস আজি পুৱা বিশ্বনাথঘাটত উপস্থিত হয়৷ প্ৰমোদ তৰিখন গুপ্তকাশীখ্যাত বিশ্বনাথঘাটত উপস্থিত হোৱাৰ লগে লগে প্ৰশাসনে গামোচা, এৰি চাদৰ, গায়ন বায়নেৰে উষ্ম আদৰণি জনায়৷ বিশ্বনাথ প্ৰশাসনৰ বিষয়া  কৰ্মচাৰীসকলৰ সৈতে বিদেশী পৰ্যটকসকলে প্ৰথমে বিশ্বনাথঘাটৰ ঐতিহাসিক শিৱ দৌল দৰ্শন কৰে আৰু ইয়াৰ ধৰ্মীয় ঐতিহাসিক গুৰুত্ব সম্পৰ্কে বুজ লয়৷ পৰ্যটকসকলে বিশ্বনাথঘাটৰ কেইবাগৰাকী শিপিনীয়ে কৰি থকা তাঁত-বাতি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে৷ ইয়াৰ পিছতে পৰ্যটকসকল বিশ্বনাথঘাটৰ মূল মন্দিৰ চৌহদত উপস্থিত হয়৷ ইয়াতে বিদেশী পৰ্যটকসকলে বিহু দলৰ বিহু প্ৰদৰ্শন প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে৷ কেইবাগৰাকীও বিদেশী পৰ্যটকে বিহু দলটিৰ লগত বিহু নাচি আনন্দত আত্মাহাৰ হয়৷ তেওঁলোকে বিশ্বনাথ প্ৰশাসনৰ বিষয়া সকলৰ লগতো মত বিনিময় কৰে আৰু ২৭ টিকৈ সৰু বৰ মন্দিৰ অৱস্থিত মন্দিৰ নগৰী ঐতিহাসিক বিশ্বনাথঘাটৰ একাধিক মন্দিৰ দৰ্শনৰ অভিজ্ঞতাক ব্যতিক্ৰম বুলি আখ্যা দিয়ে৷ বিশ্বনাথ প্ৰশাসনে পৰ্যটকসকলক স্মৃতি স্বৰূপে বাঁহেৰে নিৰ্মিত একোটিকৈ অত্যাধুনিক পানীৰ বটলো উপহাৰ আগবঢ়ায়৷ পৰ্যটকসকলে বিশ্বনাথ মন্দিৰ পৰিদৰ্শন কৰাৰ উপৰিও মন্দিৰ চৌহদত ৰেচম বিভাগ আৰু নাবাৰ্ডৰ অধীনত আয়োজন কৰা প্ৰদৰ্শনীৰ বিভিন্ন সা সামগ্ৰী, কাৰু কলা, কাপোৰ আদি চাই ইয়াৰ কলাত্মক ৰূপৰ প্ৰশংসা কৰা দেখা গ’ল৷ ২৮গৰাকী বিদেশী পৰ্যটকক আদৰণি জনোৱা আজিৰ এই বিশেষ মুহূৰ্তটিত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জয় শিবাণী, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে লিজা তালুকদাৰ, ড॰ সূৰ্যকমল বৰা, বিশ্বজিৎ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ উপৰিও বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰী, সাংবাদিক, সমাজসেৱী, বিশ্বনাথঘাটৰ স্থানীয় ৰাইজ উপস্থিত আছিল৷ উল্লেখ্য, বিশ্বনাথ ঘাটৰ পৰা গৈ প্ৰমোদ তৰিখন দেওবাৰে সোৱণশিৰিমুখৰ খেৰখেৰি ঘাটত উপস্থিত হ’ব৷ সোমবাৰে মাজুলী, দিখৌমুখ অতিক্ৰমি মঙলবাৰে অন্তিম লক্ষ্যস্থান বগীবিলত উপস্থিত হ’বগৈ৷ ইয়াতেই ৩২০০ কিলোমিটাৰজোৰা এম ভি গংগা বিলাসৰ যাত্ৰাৰ সামৰণি পৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বাৰানসীৰ পৰা যাত্ৰা কৰা এম ভি গংগা বিলাস নামৰ বিলাসী জাহাজখন ব্যক্তিগত মালিকানাধীন বিলাসী অন্তৰা ৰিভাৰ ক্ৰুইজৰ অন্তৰ্গত এখন জাহাজ৷ ১৫ বছৰ ধৰি ৰিভাৰ ক্ৰুইজৰ অভিজ্ঞতাপুষ্ট এই অন্তৰা ৰিভাৰ ক্ৰুইজৰ স্বত্বাধিকাৰী হৈছে ৰাজ সিং৷ সিঙৰ এম ভি গংগা বিলাসৰ লগতে আৰু ৯খন বিলাসী জাহাজ আছে৷ ২০২৪ৰ মাৰ্চলৈকে এম ভি গংগা বিলাসৰ বুকিং সম্পূৰ্ণ হৈ আছে৷