Logo
image

ষ্টপ আদানি!অষ্ট্ৰেলিয়াত বিক্ষোভ

আমাৰ অসম, ২৬ ফেব্ৰুৱাৰীঃ ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ অষ্ট্ৰেলিয়াত কয়লা খনন উদ্যোগ বন্ধ কৰিবলৈ তৃণমূল পৰ্যায়ৰ পৰা আন্দোলন আৰম্ভ হৈছে৷ পূৰ্বেও আদানিৰ কয়লা খননৰ বিৰুদ্ধে দেশখনত আন্দোলন হৈছিল যদিও চৰকাৰী আতিশয্যত এই আন্দোলনে শিপাবলৈ সক্ষম হোৱা নাছিল৷ এতিয়া আদানিৰ কোম্পানীত বিনিয়োগ কৰি লক্ষ্য লক্ষ্য অষ্ট্ৰেলিয়াৰ নাগৰিকে পেন্সনৰ পুঁজি হেৰুওৱাৰ উপক্ৰম হোৱাৰ সময়তে আদানি বিৰোধী আন্দোলনে দেশখনত গা কৰি উঠিছে৷  গৌতম আদানিৰ দুটা কোম্পানীত অষ্ট্ৰেলিয়াৰ চৰকাৰী কৰ্মচাৰী আৰু কমনৱেল্‌থ বেংকৰ কৰ্মচাৰীৰ পেন্সনৰ ধন বিনিয়োগ কৰা হৈছিল৷ বহু লক্ষ্য কোটি টকাৰ বিনিয়োগ কৰাৰ উদ্দেশ্য আছিল আদানিৰ কোম্পানীৰ পৰা পোৱা বৃহৎ অংকৰ লাভ৷ কিন্তু আদানিয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত প্ৰবঞ্চনা কৰা বুলি হিণ্ডেনবাৰ্গ ৰিছাৰ্চ নামৰ মাৰ্কিন সংগঠন এটাই প্ৰকাশ কৰাৰ লগে লগে আদানি গোষ্ঠীৰ সমস্ত ব্যৱসায়ত লোকচান হৈছে৷ আনকি আদানিয়ে সমগ্ৰ জীৱনত আহৰণ কৰা মুঠ ধনৰ ৬০-৬৫ শতাংশ বিগত এমাহত হেৰুৱাইছে৷ ভাৰতীয় শ্বেয়াৰ বজাৰত আদানি গোষ্ঠীৰ এমাহৰ আগলৈকে ১৯ লাখ কোটি টকা জমা আছিল৷ যোৱা শুকুৰবাৰে আদানি গোষ্ঠীৰ ভাৰতীয় শ্বেয়াৰ বজাৰত জমা থকা ধন ৭ লাখ কোটিলৈ হ্ৰাস পাইছে৷ গৌতম আদানিয়ে এনেদৰে শ্বেয়াৰ বজাৰত লাভ কৰা ধনেৰেই অষ্ট্ৰেলিয়াৰ চৰকাৰী কৰ্মচাৰী আৰু কমনৱেল্‌থ বেংকৰ কৰ্মচাৰীৰ জমা থকা পেন্সনৰ ধনৰ বিনিময়ত লভ্যাংশ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু শ্বেয়াৰ বজাৰত আদানিৰ সকলো কোম্পানী ডুবাৰ দৰে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড প্ৰদেশৰ চৰকাৰী কৰ্মচাৰী আৰু কমনৱেল্‌থ বেংকৰ কৰ্মচাৰীৰ পেন্সনৰ ধন জমা ৰখা দুয়োটা কোম্পানীয়ো গভীৰ ক্ষতিৰ সন্মুখীন হৈছে৷ ফলত আদানি কোম্পানীত জমা ৰখা অষ্ট্ৰেলিয়াৰ কৰ্মচাৰীৰ পেন্সনৰ ধন এতিয়া শূন্যত পৰিণত হৈছে৷ দেশখনৰ আগশাৰীৰ সংবাদ পত্ৰই এই খবৰ প্ৰকাশ কৰিছে৷ সামগ্ৰীকভাৱে আদানি দুটা কোম্পানীত অষ্ট্ৰেলিয়াৰ চাকৰিয়ালৰ ২৪৩ বিলিয়ন ডলাৰ জমা আছিল৷ সেই ধন এতিয়া শূন্যপ্ৰায়৷ আদানিয়ে কেনেদৰে সেই ক্ষতিপূৰণ কৰিব সেয়া এতিয়াও অনিশ্চিত৷ 

ইপিনে, অষ্ট্ৰেলিয়াত আদানিৰ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে আন্দোলন ক্ৰমাত গুৰুতৰ হৈ উঠিছে৷ ষ্টপ আদানি নাম দি এই আন্দোলন এইবাৰ তৃণমূল পৰ্যায়ৰ পৰা অতি সংগঠিত ৰূপত আন্দোলনকাৰীসকলে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে৷ যি সমূহ বিত্তীয় প্ৰতিষ্ঠানে অষ্ট্ৰেলিয়াত কয়লা খননৰ বাবে পুঁজিৰ যোগান ধৰিছিল, তেনে বিত্তীয় প্ৰতিষ্ঠান যেনে ভাৰতীয় ষ্টেট বেংক, ব্লেক ৰক, জেপি মৰগান, এইচ এছ বি চি, এম ইউ এফ জি আদিৰ পৰা ধনৰ যোগান বন্ধ কৰাৰ প্ৰচেষ্টা চলাইছে আন্দোলনকাৰীয়ে৷ ইপিনে, ‘এবঅৰিজিন’ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ আদিবাসীৰ দখলত থকা অঞ্চলত আদানিয়ে কয়লা খনন চলালেও সেই আদিবাসীৰ স্বাৰ্থ উলংঘা কৰিছে আদানিৰ কোম্পানীয়ে৷ আন্দোলনকাৰীয়ে সেই ‘এবঅৰিজিন’সকলকো আন্দোলনত জড়িত কৰিছে৷ আন্দোলনকাৰীৰ দাবী, আদানিয়ে কয়লা খননৰ সকলো কাৰ্যতে ‘গ্ৰীণ’ সংকল্প উলংঘা কৰিছে৷ তেওঁলোকৰ মতে এইবাৰৰ আন্দোলনে আদানিক অষ্ট্ৰেলিয়াৰ কয়লা খননৰ পৰা উৎখাত কৰিবলৈ সমৰ্থ হ’ব৷