Logo
image

উচ্ছেদত স্থগিতাদেশ

ডিজিটেল ডেস্কঃ শিলসাঁকো বিলৰ বেদখল উচ্ছেদত গুৱাহাটী উচ্ছ ন্যায়ালয়ে স্থগিতাদেশ দিলেও চলিব উচ্ছেদ অভিযান৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সংবাদমেলত এই কথা ৰাজহুৱা কৰে৷ ৰূপজ্যোতি বৰা সহ ১২জন লোকৰ লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি মঙবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ  মেধিৰ বিচাৰপীঠে ১২টা পৰিয়ালৰ ক্ষেত্ৰত ৩ মাৰ্চ পৰ্যন্ত উচ্ছেদত  স্থগিতাদেশ জাৰি কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি কয়– শিলসাকোঁ বিলত উচ্ছেদ চলিবই৷ চৰকাৰ এইক্ষেত্ৰত দৃঢ়৷ এনে কথাত আবেগৰ কথা নাহে৷ শিলসাঁকোই নহয়, দ্বীপৰ বিল বা আন বিল-জলাশয়ৰ বেদখলো উচ্ছেদ কৰা হ’ব৷ যিসকল প্ৰকৃত ভূমিহীন লোক উচ্ছেদিত হ’ব সেইসকলক মাটি দিয়া হ’ব৷ লগতে ঘৰ বনোৱাৰ বাবে পুঁজিও আগবঢ়োৱা হ’ব৷ সেইবুলি বিল-জলাশয় বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত সলনি নকৰে৷ আনকি জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট অব চ’ছিয়েল অৱ চেঞ্জ এণ্ড ডেভেলপমেণ্ট-এ কেনেদৰে তেওঁলোকৰ প্ৰকল্প নিৰ্মানৰ বাবে অনুমতি পালে সেইবোৰ পৰীক্ষা কৰিম৷ যদি বিধিবহিৰ্ভূতভাৱে তেওঁলোকক অনুমতি দিয়া হৈছে সেই অনুমতি বাতিল কৰা হ’ব৷ শিলসাঁকোত একাংশ দালালৰ জৰিয়তে মাটি বিক্ৰী কৰি আছে৷ অসমৰ জনগন, সংবাদমাধ্যমে এইবোৰৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’ব লাগে৷ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে সংবাদমেলত জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট অব ছ’চিয়েল বেণ্ড এণ্ড ডেভেলপমেণ্টৰ প্ৰকাশও উচ্ছেদ কৰা হ’ব বুলি ইংগিত দিছে যদিও আজি পৰ্যন্ত বুলড’জাৰে স্পৰ্শ কৰিব পৰা নাই জিঞ্জাৰ হোটেল, বদৰুদ্দিন আজমলৰ নিৰ্মাণত৷ বদৰুদ্দিন আজমল মালিকানাধীন হামজা প্ৰপাৰ্টিজত আজি পৰ্যন্ত বুলড’জাৰে স্পৰ্শ কৰিব পৰা নাই৷ অক্ষত হৈ আছে, হিম্মৎসিংকা মালিকানাধীন আইডিয়েল নামৰ অতি ব্যয়বহুল প্ৰকল্প৷