Logo
image

অসমত দুবছৰলৈ নহয় টে’টঃ শিক্ষামন্ত্ৰী

আমাৰ অসম, ১০ মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷ তেজপুৰত এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ তেওঁ প্ৰকাশ কৰে যে, চৰকাৰী বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে আৰু শিক্ষা বিভাগৰ ১২ হাজাৰ খালী পদৰ ভিতৰত  আঠ হাজাৰ পদ পুৰণ কৰা হ’ব৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ লগতে তেজপুৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কয় যে, অহা দুবছৰলৈ ৰাজ্যত টেট অনুষ্ঠিত নহয়৷ শিক্ষা বিভাগৰ বোজা আৰু শিক্ষাৰ্থীৰ বোজা কমোৱাৰ বাবেই অসমত টেট অনুষ্ঠিত নহয় বুলি তেওঁ লগতে কয় যে, উচ্ছতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তিৰ বাবে টেটৰ বিকল্প ব্যৱস্থা লোৱা হ’ব৷ ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰ্তকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰীজনে কয় যে, বিদ্যালয়লৈ নোযোৱা, নেদেখা লোকেহে এনে বিৰ্তকৰ সৃষ্টি কৰে৷ গুণোৎসৱৰ ফলাফলৰ ওপৰত শিক্ষা বিভাগে বিদ্যালয় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়৷