Logo
image

মদৰ নিচাত হোমৰ গুৰিত ঢলি পৰিল দৰাঃ কইনাই ল'লে বিয়াত নবহাৰ সিদ্ধান্ত

ডিজিটেল সংবাদ, নলবাৰীঃ জীৱনৰ ৰঙীন দিনটোতেই গোলাপী হৈ পৰিল এজন দৰা। মদৰ ৰাগীত মতলীয়া দৰাৰ ৰূপ দেখি হোমৰ গুৰিত নবহাৰ সিদ্ধান্ত ল'লে কইনাই। এই অভাৱনীয় ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰখানাজানত। জানিব পৰা মতে, নলবাৰী চহৰৰ গোপাল বজাৰৰ দৰা প্ৰসেনজিৎ হালৈয়ে ব,হস্পতিবাৰে নিশা বৰযাত্ৰী লৈ বিয়া কৰাবলৈ গৈছিল নলবাৰী জিলাৰ বৰখানাজানলৈ। সেই মৰ্মে  নিশা ১১ বজাত বিবাহযাত্ৰী উপস্থিত হয় কইনাগৃহত। কইনা ঘৰৰ লোকসকলে অভিযোগ অনুসৰি, সুৰামত্ত অৱস্থাত আছিল দৰা। যাৰ বাবে দৰাই গাড়ীৰ পৰা নিজেই নামিব পৰা নাছিল। 

এনে অৱস্থাত ঢলংপলঙকৈ অহা দৰাক লগৰীয়া দুজনমানে ধৰি ৰভাস্থলীত বহুৱাব লগা হৈছিল। এটা সময়ত সুৰাৰ ৰাগীত মাতাল দৰাই স্থিৰেৰে ৰ'ব নোৱাৰি হোমৰ গুৰিতে শুই পৰে। সুৰামত্ত দৰাৰ এনে কাণ্ড দেখি নিশাই গাঁও প্ৰধানৰ উপস্থিতিত কইনাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে আলোচনাত মিলিত হৈ বিবাহ স্থগিত ৰাখে। আনহাতে, মাতাল দৰাৰ অৱস্থা লক্ষ্য কৰি এই বিয়াত নবহাৰ চূড়ান্ত সিদ্ধান্ত লয় কইনাই। ফলত যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই হৃদয় ভাঙি পৰে কইনাৰ। পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত কইনা পক্ষই নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত ঘটনাই এতিয়া বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।