Logo
image

স্কুলীয়া ছাত্ৰীলৈ আৰ বি এল বেংকৰ ১০০ খন চাইকেল

ডিজিটেল সংবাদ, গুৱাহাটীঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি  আৰ বি এল বেংকে ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে উমিদ ১০০০ ৰ অধীনত গুৱাহাটীৰ দুখীয়া ছাত্ৰীসকলক ১০০খন চাইকেল প্ৰদান কৰে। অসম কেভিআইভিৰ অধ্যক্ষ, অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ প্ৰাক্তন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ কমলা কান্ত কলিতা, অসম চৰকাৰৰ কামৰূপ(ম)ৰ জিলা পৰিষদৰ চিইঅ' তথা এচিএছ বিষয়া দৰথী চুচিয়াং আৰু আৰবিএল বেংকৰ জ্যেষ্ঠ প্ৰতিনিধিৰ উপস্থিতিত বেংকে এই কার্যসূচী অনুষ্ঠিত কৰে।

স্কুলীয়া ছাত্ৰীসকলক যাতায়তৰ ক্ষেত্ৰত সুবিধা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে আৰ বি এল বেংকে। বেংকৰ উদ্যোগত ৰায়পুৰ, চেন্নাই, হায়দৰাবাদ, কলহাপুৰ, গুৱাহাটী, কলকাতা, চিলিগুৰি আৰু গোৱাকে ধৰি সমগ্ৰ ভাৰততে ১০০০ৰো অধিক চাইকেল আৰু স্কুল-কিট বিতৰণ কৰি আহিছে৷ 

এই উদ্যোগ সন্দৰ্ভত মন্তব্য কৰি আৰ বি এল বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰ সুব্ৰমনিয়াকুমাৰে কয়, "আমি আমাৰ অনন্য চিএছআৰ প্ৰচাৰ কাৰ্যসূচীৰ সৈতে প্ৰত্যন্ত অঞ্চলৰ সম্প্ৰদায়সমূহক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। সমগ্ৰ বিশ্বতে শিক্ষা হৈছে ছোৱালীৰ বাবে এক উজ্জ্বল ভৱিষ্যত উন্মুক্ত কৰাৰ মূল চাবিকাঠি। শিক্ষাৰ সুবিধা প্ৰদান কৰি আমি যুৱতীসকলক তেওঁলোকৰ সপোন পূৰণৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাবোৰ ভাঙি পেলাব পাৰোঁ।"