Logo
image

অকাদেমি বঁটা গ্ৰহণ কৰিলে মনোজ কুমাৰ গোস্বামীয়ে

আমাৰ অসম, ১২ মাৰ্চঃ যাদুকৰী লেখাৰে অসমীয়া সাহিত্যৰ গল্পৰ জগতত পৃথক আৰু অনন্য আসন লাভ কৰা প্ৰথিতযশা গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে শনিবাৰে নতুন দিল্লীত দেশৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম শ্ৰেষ্ঠ সন্মান সাহিত্য অকাডেমি বঁটা গ্ৰহণ কৰে৷ নতুন দিল্লীৰ কামানি অডিটৰিয়ামত সন্ধ্যা আয়োজিত বৰ্ণাঢ্য এই অনুষ্ঠানত মনোজ কুমাৰ গোস্বামীক অসমীয়া সাহিত্যৰ এইবাৰৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰে অকাডেমিৰ নৱনিৰ্বাচিত সবাপতি মাধৱ কৌশিকে৷ ১ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অকাডেমিৰ বঁটা গ্ৰহণ কৰি মনোজ কুমাৰ গোস্বামীয়ে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কিদৰে তেওঁ সাহিত্য ক্ষেত্ৰত ভৰি থলে, সেই ৰোমাঞ্চকৰ অভিজ্ঞতা ব্যক্ত কৰে৷ সাহিত্য অকাডেমিয়ে আয়োজন কৰা এসপ্তাহজোৰা ‘ফেষ্টিভেল অব লেটাৰ্ছ’ অনুষ্ঠানত তেওঁ দেওবাৰে সাহিত্য বিষয়ত বক্তৃতা প্ৰদান কৰিব৷ উল্লেখ্য যে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক আৰু ছেটেলাইট টিভি চেনেল ‘এন কে টিভি’ৰো মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ তেওঁৰ গল্প সংকলন ‘ভুল সত্য’ৰ বাবে যোৱা ২২ ডিচেম্বৰত এইবাৰৰ অসমীয়া সাহিত্যৰ অকাডেমি বঁটা আগবঢ়োৱা হৈছিল৷ ভুল সত্য গল্প সংকলনখনত মুঠতে ১৭টা গল্প আছে৷ শনিবাৰৰ অনুষ্ঠানত অসমৰ আন দুগৰাকী সাহিত্যিক ক্ৰমে বড়ো ভাষাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা ৰশ্মি চৌধুৰী আৰু নেপালী ভাষাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা কে বি নেপালীকো বঁটা প্ৰদান কৰা হয়৷ কামানি অডিটৰিয়ামত আয়োজিত এই অনুষ্ঠানত এইবাৰৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা মুঠতে ২৩ জন সাহিত্যিকক ভিন ভিন ভাষাৰ বাবে লাভ কৰা বঁটা প্ৰদান কৰা হয়, য’ত ৰাজস্থানৰ বঁটা প্ৰাপক অনুপস্থিত থাকে৷ বঁটা প্ৰদান অনুষ্ঠানত ইংৰাজী সাহিত্যৰ বিখ্যাত সাহিত্যিক উপমনূ্য চেটাৰ্জী মুখ্য অতিথি হিচাপে উপস্থিত আছিল৷ সাহিত্য অকাডেমিৰ সচিব শ্ৰীনিবাস ৰাৱে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে৷ উপস্থিত থাকে নৱনিৰ্বাচিত উপ-সভাপতি কুমুদ শৰ্মা৷ ইপিনে পুৱাৰ ভাগত উত্তৰ পূব আৰু দাক্ষিণাত্যৰ সাহিত্যৰ মিলনমেলা অনুষ্ঠিত কৰে ‘ফেষ্টিভেল অব লেটাৰ্ছ’ত৷