Logo
image

বাথৰূমতে সোমাই থাকিল কুইন ওজা!

আমাৰ অসম, ১৩ মাৰ্চঃ ৰন্ধন গেছ তথা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত সংসদত উত্থাপন কৰাৰ দাবীৰে দেওবাৰে অৰ্ধ শতাধিক মহিলাই সাংসদ কুইন ওজাৰ উলুবাৰীৰ বাসগৃহত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ অৰ্ধ শতাধিক সদস্যাই নিমাতী কইনা সাংসদ আমাক নালাগে, ৰন্ধন গেছৰ  মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি কঁপাই তোলে সাংসদগৰাকীৰ পদূলিমুখ৷ পৰৱৰ্তী সময়ত সাংসদ ওজাৰ বাসগৃহত নিয়োজিত নিৰাপত্তা কৰ্মীয়ে প্ৰতিবাদকাৰী সকলক উলিয়াই দিয়ে সাংসদৰ বাসগৃহৰ পৰা৷ ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে আকাশ চুৱাৰ উপক্ৰম হোৱাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত সংসদত সবলভাৱে উত্থাপনৰ দাবী জনাই মহিলা কংগ্ৰেছৰ বিশাল দলটো দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উলুবাৰীস্থিত বাসগৃহত উপস্থিত হয়৷ মহিলা কংগ্ৰেছৰ দলটোৱে যথাৰীতি সাংসদগৰাকীৰ ব্যক্তিগত সচিবক তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰায়৷ সেই মতে সাংসদগৰাকীয়ে তেওঁলোকক বহিবলৈ দিয়ে৷ কিন্তু এঘণ্টাতকৈ অধিক সময় তেওঁলোকে অপেক্ষা কৰি থকাৰ পাছতো গা ধুই থকা বুলি কৈ সাংসদগৰাকীয়ে বাহিৰলৈ ওলাই নাহিল৷ এই সময়খিনিত বাথৰূমতে সোমাই থাকিল সাংসদ কুইন ওজা৷ সাংসদগৰাকী বাহিৰলৈ ওলাই নহাত মহিলা কংগ্ৰেছৰ দলটোৱে ৰন্ধন গেছ তথা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত সংসদত বক্তব্য ৰাখিবলৈ দাবী জনাই এখন পত্ৰ সাংসগৰাকীৰ ব্যক্তিগত সচিবৰ হাতত অৰ্পন কৰি সাংসদগৰাকীৰে বাসগৃহতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলা কংগ্ৰেছৰ সঁজাতি দলটোৰ প্ৰতিবাদত কঁপি উঠে সাংসদ ওজাৰ বাসগৃহ৷ পাছত পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰি আৰক্ষী-নিৰাপত্তাকৰ্মীয়ে প্ৰতিবাদকাৰীসকলক সাংসদগৰাকীৰ বাসগৃহৰ পৰা উলিয়াই দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷ মহিলাসকলে ৰাজপথতো কিছু সময় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী মীৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত কয়–ৰন্ধন গেছৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে৷ আমি সাংসদ কুইন ওজাক ক’বলৈ গৈছিলো যে ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰক৷ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ ভূমিকা পালন কৰক৷ ৰন্ধন গেছ, পে’ট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি নৰেন্দ্ৰ মোদীয়ে মনমোহন সিঙক নিমাতী কইনা বুলি কৈছিল, এতিয়া আপোনালোকেও মাত মাতক৷ অসমৰ জনগনে আজি আপোনালোকৰ পৰা উত্তৰ বিচাৰিছে৷ আপোনালোকক সময়ত উত্তৰ দিবলৈ সাজু অসম তথা দেশবাসী৷