Logo
image

সতীশ কৌশিকক মোৰ স্বামীয়ে হত্যা কৰিছে

আমাৰ অসম, ১৩ মাৰ্চঃ  অভিনেতা-পৰিচালক সতীশ কৌশিকৰ মৃত্যুক কেন্দ্ৰ কৰি নতুন ৰহস্যৰ সৃষ্টি হৈছে৷ এখন বিশেষ পত্ৰক লৈ অভিনেতাজনৰ  মৃত্যু ৰহস্যই নতুন মোৰ লৈছে৷ উল্লেখ্য যে ৯ মাৰ্চৰ সন্ধিয়া দক্ষিণ-পশ্চিম দিল্লীৰ যিটো ফাৰ্ম হাউছৰ  অনুষ্ঠানত সতীশ কৌশিকে ভাগ লৈছিল সেই ফাৰ্মহাউছটোৰ স্বত্বাধিকাৰী বিকাশ মালুৰ পত্নীয়ে দিল্লী আৰক্ষীক  দিয়া এখন পত্ৰক লৈ আৰম্ভ হৈছে নতুন ৰহস্য৷ প্ৰতিষ্ঠিত ব্যৱসায়ী বিকাশ মালুৰ দ্বিতীয় পত্নী ছানভি মালুৱে পত্ৰখনত উল্লেখ কৰা মতে ‘সতীশ কৌশিকক বিহ খুৱাই হত্যা কৰা হৈছে৷ খাদ্য অথবা সুৰাৰ সৈতে অভিনেতাজনক বিহ মিহলাই খুওৱা হৈছিল৷’ ছানভিৰ এই বিস্ফোৰক অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিঠিখনত উল্লেখ কৰা মতে ‘সতীশ কৌশিকৰ পৰা বিকাশ মালুৱে ব্যৱসায়িক কাৰণত  ১৫ কোটি টকা লৈছিল৷ সেই টকা ওভোটাই দিয়া হোৱা নাছিল৷ যোৱা বছৰৰ ২৩ আগষ্টত টকা ঘূৰাই বিচাৰি সতীশে বিকাশক ডুবাইত লগ ধৰে৷ সেইদিনা দুয়োৰে মাজত তুমুল বাক-বিতণ্ডা হয়৷ হয়তো সেই টকাৰ বাবেই সতীশ কৌশিকক হত্যা কৰা হৈছে৷’ বিকাশৰ পত্নীৰ এই অভিযোগৰ পাছতে দিল্লী-আৰক্ষীয়ে অভিনেতাজনৰ মৃত্যুৰ তদন্ত নতুনকৈ আৰম্ভ কৰিছে৷  চিঠিখনত এই বুলিও উল্লেখ কৰা হৈছে যে ‘২৩ আগষ্টৰ বাক-বিতণ্ডাৰ পাছত বিকাশে মোক কৈছিল, পাগলটোৱে যি ১৫ কোটি টকা দিছিল সেই সমস্ত টকা কৰ’নাত ডুব গ’ল৷ এতিয়া মই ক’ৰ পৰা দিম৷ এদিন তাক মই ঔষধ খুৱাই মাৰি পেলাম৷’ তদুপৰি ছানভিয়ে ফাৰ্ম হাউছটোত বিকাশে কোকেইন, গাঞ্জা আদিকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য মজুত কৰি ৰখা বুলি  চিঠিখনত উল্লেখ কৰে৷ ছানভিৰ মতে সেই দ্ৰব্যসমূহ ফাৰ্ম হাউছটোত আয়োজন কৰা পাৰ্টীৰ সময়ত ব্যৱহাৰ কৰা হয়৷ এই  চিঠিখনক লৈ এতিয়া নতুন আলোড়নৰ সৃষ্টি হৈছে৷ ইয়াৰ পূৰ্বে শনিবাৰে সতীশ কৌশিকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলায়৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে হাৰ্টএটেক হোৱাৰ ফলতে অভিনেতাজনৰ মৃত্যু হয়৷ কিন্তু কিহৰ বাবে হাৰ্টএটেক হ’ব লগা হ’ল সেই সন্দৰ্ভত এতিয়া নতুনকৈ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হ’ব৷ স্মৰ্তব্য যে সতীশ কৌশিকৰ মৃত্যুৰ পাছত আৰম্ভ হোৱা প্ৰাথমিক তদন্ত কালত আৰক্ষীয়ে ফাৰ্ম হাউছটোৰ পৰা বিভিন্ন সন্দেহজনক ঔষধ উদ্ধাৰ কৰে৷ ইপিনে স্বামীৰ বিৰুদ্ধে হত্যাৰ দৰে বিস্ফোৰক অভিযোগ অনা ছানভি মালুক শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে জৱানবন্দী গ্ৰহণৰ কাৰণে তলব কৰা বুলি জানিব পৰা গৈছে৷ বিকাশ মালু নামৰ ব্যৱসায়ীজনৰ নাম সতীশ কৌশিকৰ মৃত্যু ৰহস্যৰ সৈতে সাঙোৰ খাই পৰাৰ পাছত স্বাভাৱিকতে বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় হৈছে– কোন এই বিকাশ মালু? আৰু তেওঁৰ সৈতে সতীশ কৌশিকৰ কি যোগাযোগ আছিল?

বিকাশ মালু হৈছে ডুবাইৰ কুবেৰ গ্ৰুপৰ এজন অন্যতম সঞ্চালক৷ কুবেৰ গ্ৰুপৰ অধীনত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বিলাসী সামগ্ৰীৰ উদ্যোগ৷ যোৱাবছৰলৈকে দিল্লীত কুবেৰৰ ১২টা ব্যৱসায়িক কেন্দ্ৰ আছিল৷ কৰ’নাকালৰ লকডাউনৰ সময়ত প্ৰতিষ্ঠানটোৱে ‘কুবেৰ ছপ’ নাম নিজৰ উৎপাদিত পণ্য বিধৰ জৰিয়তে সৰ্বসাধাৰণৰ মাজতপ্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ সমগ্ৰ দেশত কুবেৰে দুই শতাধিক ব্যৱসায়িক কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ তদুপৰি এই প্ৰতিষ্ঠানৰ অধীনতেই আছে এন ভি লাইফ ষ্টাইল প্ৰাইভেট লিমিটেড নামৰ আন এটা সংস্থা৷ সেই সংস্থাটোৰ জৰিয়তে কুবেৰে ভাৰতত বিদেশী সুৰা আৰু ছিগাৰৰ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে৷ একেদৰে কুবেৰে ‘কুবেৰ এণ্টাৰটেইনমেণ্ট’ নামৰ আন এক  ব্যৱসায়ো আৰম্ভ কৰিছে৷ ভাৰতৰ উপৰি মালদ্বীপ, শ্ৰীলংকা আদিতো আছে বিকাশ মালুৰ ব্যৱসায়িক প্ৰতিষ্ঠান৷ এইজন বিকাশ মালুৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল সতীশ কৌশিকৰ৷ বিকাশৰ মতে সতীশ কৌশিক আৰু তেওঁৰ বন্ধুত্ব তিনি দশকৰ৷ পত্নী ছানভি মালুৰ অভিযোগৰ পাছত শেহতীয়াকৈ বিকাশে ছ’চিয়েল মিডিয়াত  পত্নীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে৷ দেওবাৰে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ আপলোড কৰে৷ য’ত দেখা গৈছে বগা পাঞ্জাৱী পৰিধান কৰি ইংৰাজী গানৰ তালে তালে নৃত্যত  মচগুল হৈ আছে সতীশ কৌশিক৷ বিকাশৰ মতে সতীশক তেওঁ হোলীৰ পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল৷ সেই অনুসৰি পাৰ্টীত সতীশে সাংঘাতিক ‘এনজয়’ কৰে৷ লগতে তেওঁ উল্লেখ কৰে যে ইমান সুন্দৰ অনুষ্ঠানটোৰ পাছত যি অঘটন সংঘটিত হ’ল সেয়া মই বিশ্বাসেই কৰিব পৰা নাই৷ কিন্তু ঘটনাটোৰ সৈতে মোৰ নাম সাঙোৰ খুৱাবলৈ কাৰোবাৰ বাবে  এক মিনিট সময়ো নালাগিল৷ পোষ্টটোত এনেদৰে আক্ষেপ কৰে বিকাশ মালুৱে৷ উল্লেখ্য যে শেহতীয়াকৈ বিকাশ মালু আৰু তেওঁৰ দ্বিতীয় পত্নী ছানভি মালুৰ সম্পৰ্কত ফাট মেলিছে৷