Logo
image

বহিঃৰাজ্যৰ ব্ৰইলাৰ-কুকুৰা আমদানিত নিষেধাজ্ঞাঃ নিশাটোৰ ভিতৰতে ব্ৰইলাৰ মাংসৰ দাম বাঢ়িল ৫০ টকা পৰ্যন্ত

ডিজিটেল সংবাদ, দক্ষিণ নলবাৰীঃ বহিঃৰাজ্যৰ পৰা গাহৰি-ব্ৰইলাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু ব্ৰইলাৰৰ এভিয়ান ইনফ্লুয়েঞ্জাৰ সংক্ৰমণৰ বাবে অসমলৈ বহিঃৰাজ্যৰ গাহৰি-ব্ৰইলাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰৰ আমদানিত নিষেধাজ্ঞাৰ পিছতে ৰাজ্যত বাঢ়িছে ব্ৰইলাৰ মাংসৰ দাম। বিগত দুদিনত নলবাৰীৰ বজাৰতো ব্ৰইলাৰ-কুকুৰাৰ মাংসৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান নলবাৰীত প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মাংসৰ প্ৰায় ৫০ টকা বৃদ্ধি হৈ দাম হৈছেগৈ ২২০-২৪০ টকা পৰ্যন্ত। উল্লেখ্য য়ে নিষেধাজ্ঞা জাৰি কৰাৰ আগলৈকে প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মাংসৰ দাম আছিল ১৫০-১৭০ টকা।