Logo
image

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ বিশ্বনাথত আছুৰ প্ৰতিবাদঃ আৰক্ষীৰে হতাহতি আছু কৰ্মীৰ

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে৷ মঙলবাৰে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত আছুৱে প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে আছুৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিশ্বনাথ নগৰস্থিত ছহিদ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে বিশ্বনাথ আৰক্ষী আৰু আছু কৰ্মীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সময়তে দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। ইফালে আছু কৰ্মীসকলে আৰক্ষীৰ বাধা নেওচি শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতৰ শাস্তি প্ৰদানৰো দাবী জনায়৷