Logo
image

প্ৰয়াত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে এই সাহায্য আগবঢ়ায় প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাক। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক এই বদন্যতাৰ বাবে প্ৰয়াত সাংবাদিকজনৰ পত্নী জোনটি বৰাই ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পূৰ্বজ্যোতি চুতীয়াৰ ২০২১ চনত ৫২ বছৰ বয়সত গুৱাহাটীত অসুস্থ হৈ আকস্মিক মৃত্যু ঘটে। ৰাজ্যখনৰ কেইবাটাও আগশাৰী সংবাদগোষ্ঠীৰ সৈতে জড়িত আছিল প্ৰয়াত সাংবাদিকজন। আজি, দৈনিক বাতৰি কাকত, আমাৰ অসম, জনসাধাৰণ, নিয়মীয়া বাৰ্তা আদি কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰিছিল প্ৰয়াত চুতীয়াই। মৃত্যুৰ সময়লৈকে তেওঁ নিয়মীয়া বাৰ্তা কাকতত নিউজ এডিটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিয়মীয়া বাৰ্তা কাকতৰ পূৰ্বে প্ৰয়াত চুতীয়াই জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।