Logo
image

বাজেটত মহিলা, মধ্যবিত্তক ৰেহাই

আমাৰ অসম, ১৬ মাৰ্চঃ  ‘বৃহস্পতিবাৰে অসম বিধানসভাত দাখিল কৰিবলগীয়া বাজেটখন হ’ব ৰাজ্যৰ সৰ্বকালৰ সৰ্ববৃহৎ সংস্থাপনমুখী বাজেট৷ মই বিত্তমন্ত্ৰী অজন্তা নেওগক অনুৰোধ কৰিম কাইলৈ তেওঁ অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ আত্মসংস্থাপনৰ আঁচনি এখন আমাৰ সদনত প্ৰস্তাৱিত কৰক৷’ বুধবাৰে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কত ভাগ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– ‘অসম চৰকাৰে এইবাৰ দাৰিদ্ৰৰ সৈতে যুঁজ কৰিবলৈ সংকল্প লৈছে৷ ইয়াৰ অংশৰূপে এইবেলিৰ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে অৰুণোদয়, স্বাস্থ্য বীমা আৰু ৰেচন, আৱাসৰ জৰিয়তে দাৰিদ্ৰৰ সৈতে যুদ্ধ ঘোষণা কৰা হৈছে৷ আমি প্ৰতিশ্ৰুতি দিছিলোঁ ৰ লাখ নিযুক্তি   আৰু ২ লাখক সংস্থাপন দিম বুলি৷ ইতিমধ্যে ৪১ হাজাৰক নিযুক্তি দিয়া হৈছে৷ বাকী ৬০ হাজাৰক মে’ মাহৰ ভিতৰত নিযুক্তি দিয়া হ’ব৷ ইতিমধ্যে উক্ত নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে৷ পূৰ্বৰ বাজেট আছিল ১.০৬ লাখ কোটি টকাৰ বাজেট৷ ২০২৩-২৪ বৰ্ষৰ বাজেট হ’ব ১.২২ লাখ কোটি টকাৰ৷ নতুন বাজেটত থাকিব ২৫খন নতুন কলেজ, প্ৰতিটো সমষ্টিত একোখন বিজ্ঞানসন্মত হাইস্কুল৷ এই বাজেটত আটাইতকৈ বেছি বিনিয়োগ হ’ব শিক্ষাত৷ চাহ বাগিচাত ১০০খন নতুন স্কুল স্থাপনৰ কাম চলি আছে৷ চৰকাৰে ৰাজহুৱা শিক্ষাত সৰ্বাধিক গুৰুত্ব দিব৷ কোনখন ৰাজ্যত একেলগে ৮ বিশ্ববিদ্যালয়, ২৪খন চিকিৎসা মহাবিদ্যালয়, ১২খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ হৈ আছে? কোনখন ৰাজ্যত অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিবলৈ একেলগে ২৫ লাখ টকা আৱণ্টন দিয়া হৈছে? কিছুমানে আমাক প্ৰশ্ন কৰিছে অৰুণোদয় কিয় লাগে? যিসকলে আমাক বিধানসভালৈ পঠাইছে তেওঁলোকক অৰুণোদয় লাগে৷ নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ কথা কওঁতে আমাক জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বজাই সমৰ্থন দিছে৷ গতিকে অৰুণোদয় আমি দিমেই৷ এইবেলি আমি ২৭ লাখ মহিলাক দিম অৰুণোদয় আঁচনি৷ পৰৱৰ্তী সময়ত ৩৫ লাখ মহিলাক দিয়া হ’ব অৰুণোদয় আঁচনিৰ ধন৷ অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে৷ এইবাৰৰ বাজেট হ’ব সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট৷ কংগ্ৰেছৰ শাসনকালতকৈ এইবেলি বাজেট ব্যয় বৃদ্ধি পাইছে ৩০০ শতাংশ৷ এইবেলি বাজেটত অন্তৰ্ভুক্ত কৰা হ’ব ‘আপোন গাড়ী’ শীৰ্ষক নতুন আঁচনি৷ পূৰ্বে গ্ৰহণ কৰা হৈছিল ‘আপোন ঘৰ’ শীৰ্ষক আঁচনি৷’ ইফালে,  বিধানসভাৰ দৃষ্টি আকৰ্ষণ কৰি বিধায়ক অখিল গগৈয়ে কয়– ‘চৰকাৰৰ বাজেট ব্যয়তকৈ ঋণৰ পৰিমাণ অধিক৷ আজিৰ তাৰিখত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৰ.৩১ লাখ কোটি টকা৷ অৰ্থাৎ বাজেটত ধাৰ্য কৰা ধনতকৈ ৬ হাজাৰ কোটি টকা অধিক ঋণত পোত গৈ আছে অসম৷ অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে ঋণ দিয়া বন্ধ কৰিছে৷ মুকলি বজাৰৰ পৰা ঋণ লৈছে অসম চৰকাৰে৷ ঠিকাদাৰক বিল দিব পৰা নাই চৰকাৰে৷’ বিৰোধী বিধায়কৰ এনে অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘ঋণ লোৱা মানে এখন ৰাজ্য দুৰ্বল নহয়৷ ঋণ পৰিশোধ কৰিব পৰা লোককহে বেংকে ঋণ দিয়ে৷ অসমে যিমান ঋণ ল’ব পাৰে সিমান লোৱা নাই৷ কেৰালা-পঞ্জাবে ঋণ যিমান ল’ব পাৰি সিমানেই লৈছে৷ কেন্দ্ৰীয় চৰকাৰে আমাক অনুমতি দিছে ৩২ শতাংশ ঋণ ল’বলৈ৷ কিন্তু আমি ২৩ শতাংশ ঋণ লৈছোঁ৷ ঋণ লোৱাটোৱে সফল ব্যক্তিক বুজায়৷’ লগে লগে মুখ্যমন্ত্ৰীৰ বক্তব্যক উভতি ধৰি কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে কয়– মুখ্যমন্ত্ৰীয়ে কৈছে ঋণলোৱা মানে সফল ব্যক্তি৷ ঋণ পৰিশোধ কৰিব পৰা লোককহে ঋণ দিয়ে৷ সেইবাবেই নীৰৱ মোদীক ইমান পৰিমাণৰ ঋণ দিছিল নেকি? এই সন্দৰ্ভত তেওঁ স্পষ্টীকৰণো বিচাৰে মুখ্যমন্ত্ৰীৰ পৰা৷ অৱশ্যে এই সন্দৰ্ভত উত্তৰ দিয়াৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী শৰ্মা৷ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– ‘ঋণ লোৱাৰ ক্ষেত্ৰত দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যসমূহতকৈ আগত আছোঁ৷ অসমে আজি কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত দৰমহা, মৰগীয়া বানচ দিব পাৰিছোঁ৷ আমি মধ্য প্ৰদেশৰ পৰাও শিকিব লাগিব৷ কিন্তু মধ্য প্ৰদেশেও এইবাৰ অসমৰ দুখন আঁচনি আন ধৰণে ৰূপায়ণ কৰিবলৈ লৈছে৷ আগন্তুক বছৰত অসমত জ্ঞানৰ দৌল নিৰ্মাণ হ’ব৷’ ইফালে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰতিটো খণ্ডক চুবলৈ চেষ্টা কৰি আছোঁ বুলি কয় বিত্তমন্ত্ৰী অজন্তা নেওগে৷ মহিলা-মধ্যবিত্তৰ বাবে সুখবৰ থাকিব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰে৷ তেওঁ কয়– ‘বাজেটত প্ৰতিটো খণ্ডক চুবলৈ বিচৰা হৈছে৷ মহিলা আৰু মধ্যবিত্তৰ বাবে নিশ্চিতভাৱে ভাল খবৰ থাকিব৷’