Logo
image

বিশিষ্ট চাহ উদ্যোগী, সমাজকর্মী ধীৰাজ কাকতিৰ মৃত্যু

আমাৰ অসম, গুৱাহাটীঃ বিশিষ্ট চাহ উদ্যোগী, সমাজকর্মী ধীৰাজ কাকতিৰ বৃহস্পতিবাৰে আবেলি ৪.৪৫ বজাত মৃত্যু হয়। গুৱাহাটীৰ এপ'ল' হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা কাকতিৰ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৭ বছৰ। তেওঁ বিগত প্ৰায় পাঁচদিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ আছিল। তেওঁ শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি আছিল।

তেওঁ বিগত বছৰত ক'ভিডত আক্রান্ত হৈছিল। বিশিষ্ট ভাষাবিদ,গৱেষক ড০ বাণীকান্ত কাকতিৰ নাতিয়েক তথা অসমৰ প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰয়াত দেৱকান্ত কাকতিৰ পুত্ৰ ধীৰাজ কাকতিয়ে শ্বিলঙত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইণ্ডিয়ান টি এছ'চিয়েচনৰ সচিব হিচাপে যোগদান কৰিছিল। অসমৰ চাহ উদ্যোগৰ সৈতে বিগত ৪০ বছৰ ধৰি ওত:প্ৰোতভাৱে জড়িত কাকতিয়ে অৱসৰ গ্ৰহণৰ পাছতো টাটা টিৰ এটা প্ৰকল্পৰ সৈতে জড়িত আছিল। তেওঁ এগৰাকী সমাজকর্মী তথা মানৱ দৰদী ব্যক্তি হিচাপে সমাজত বিশেষ স্থান দখল কৰিছিল। তেওঁ ছাউথ গুৱাহাটী ৰ'টাৰী ক্লাব আৰু প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ গুৱাহাটীৰ উলুবাৰীৰ বৈদুতিক শ্মশান নিৰ্মাণত আগবাঢ়ি আহি গুৱাহাটী পৌৰ নিগমৰ সৈতে সহযোগিতা আগবঢ়াইছিল। 

কৰ্মসূত্ৰে উজনি অসম, শিলচৰ, নৰ্থ বেংগল আদিত সেৱা আগবঢ়োৱা কাকতিয়ে ফিছিং, ট্ৰেকিং আদি কৰি ভাল পাইছিল। গুৱাহাটীৰ জাপৰিগোগ নিবাসী কাকতিয়ে মৃত্যুৰ সময়ত পত্নী কল্পনা কাকতি, দুই কন্যা অৰিজিতা কাকতি আৰু বিনীতা কাকতি, পৰিয়ালৰ লোক আত্মীয় স্বজনক এৰি যায়। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত কাকতিৰ শেষ কৃত্য সম্পন্ন কৰা হয়। তেওঁৰ কন্যাই মুখাগ্নী কৰে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া হিমাংশু প্ৰসাদ দাসে শোক প্ৰকাশ কৰি কয়, "বিগত ৪০ বছৰীয়া বন্ধুত্বৰ আজি অৰসান ঘটিল। তেওঁ এজন মানৱদৰদী ব্যক্তি আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।"