Logo
image

দাতাকৰ্ণৰ ৰূপত অজন্তা ধনৰ উৎসক লৈ ৰহস্য

আমাৰ অসম, ১৭ মাৰ্চঃ নাৰী সৱলীকৰণ, চাহ বাগিচা-গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়ন, নিবনুৱা সংস্থাপন, ঘৰুৱা জনমুৰি আয় বৃদ্ধি, সমাজৰ পৰা দৰিদ্ৰতা-অসমতা, বৈষম্য দূৰ কৰা আদি অংগীকাৰেৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ পূৰ্ণাংগ বাজেট৷ কোনো অতিৰিক্ত কৰৰ বোজা আৰোপ নকৰাকৈয়ে বাজেটত দাতাকৰ্ণৰ ৰূপত হাজাৰ হাজাৰ কোটি টকাৰ এখনৰ পাছত আনখন জনহিতকৰ তথা ‘জন সুখায়’ আঁচনি ঘোষণা কৰি গ’ল বিত্তমন্ত্ৰীয়ে৷ বাজেটত মুঠ ১৩৯৪৪৩.৮৮ কোটি টকাৰ আয়ৰ বিপৰীতে ১৩৯৭৫৫.২৭ কোটি টকাৰ ব্যয় দেখুওৱা হৈছে৷ আয় আৰু ব্যয়ৰ মাজত ৰাজহ ঘাটি দেখুওৱা হৈছে ৯৩৫.২৩ কোটি টকা৷ এক কথাত ক’বলৈ গ’লে আজি ৯৩৫.২১ কোটি টকাৰ ঘাটি বাজেট সদনত দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে৷ বাজেটত প্ৰদৰ্শন কৰা অনুসৰি– ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদেন ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে৷ ২০২১-২২ বৰ্ষৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৩.৯৩ লাখ কোটি হোৱাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদন বা ‘জিএছডিপি’ ৰকেটৰ গতিৰে আগবাঢ়িলে৷ ইয়াৰ ফলত ৰাজ্যখনে আৰু ঋণ লোৱাৰ সামৰ্থ অৰ্জন কৰিছে৷ বাজেটৰ ব্যয়েও বিগত বৰ্ষত ৰ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে৷ ৰাজ্যত জনমুৰি আয় বাঢ়িছে৷ ঋণ সম্প্ৰসাৰণ বৃদ্ধি হৈ জমা আৰু ঋণৰ অনুপাত ৫৭.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৫০০০ কোটি টকা৷ নাৰী সৱলীকৰণৰ লক্ষ্যৰে মহিলা আত্মসহায়ক গোটৰ ৩৯ লাখ সদস্যলৈ প্ৰথমতে এক হাজাৰকৈ আৰু পাছত ১০ হাজাৰকৈ সাহায্য আগবঢ়োৱাৰ কথা বাজেটত উল্লেখ কৰা হৈছে৷ ইয়াৰ বাবে ৩৯০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই ধনেৰে ৰাজ্যৰ ৩৯ লাখ মহিলাই নিজাকৈ মৌ পালন, কুকুৰা পালন, গাহৰি পালন বা সৰু দোকানৰ কাম আৰম্ভ কৰিব পাৰিব৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো বেংকৰ ঋণ ৰেহাই দি মহিলাসকলক ‘এনঅ’চি’ প্ৰদানৰ কথা বাজেটত কোৱা হৈছে৷ বাজেটত ৰাজ্যত নতুনকৈ ৪০ লাখ খাদ্য সুৰক্ষাৰ হিতাধিকাৰী সৃষ্টিৰ বাবে ৪০৪.৯৪ কোটি টকা ধাৰ্য কৰা হৈছে৷ অৰুণোদয় হিতাধিকাৰীৰ মাহিলী মাননী ১২৫০ ৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বাবে ব্যয় হ’ব ৩৪২০ কোটি টকা৷ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাজেটত ৫০০ খন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ বাবে ৫ কোটিকৈ দিয়াৰ কথা উল্লেখ কৰা হৈছে৷ ৰাজ্যৰ  ৪০০বিদ্যালয়ৰ নবীকৰণৰ লগতে  ১০০ খন নতুন বিদ্যালয়ৰ নিৰ্মাণৰ বাবে ব্যয় হ’ব  ২৫০০ কোটি টকা৷ বাজেটত স্নাতক চিকিৎসা বিজ্ঞান, পলিটেকনিকৰ শিক্ষা শিক্ষাৰ্থীলৈ মাহে ২০০০ টকাৰ হোষ্টেল মাচুল ৰেহাইৰ ঘোষণা কৰা হৈছে৷ চাহ বাগিচাৰ শ্ৰমিক লাইন, পথৰ উন্নয়নত বাজেটত গুৰুত্ব দিয়া হৈছে৷ চাহ শ্ৰমিকৰ পৰিয়ালৰ বকেয়া বিদ্যুৎ বিল ৰেহাইৰ বাবে বাজেটত  ১৫০ কোটি টকাৰ ধন ধাৰ্য কৰা হৈছে৷ চাহ বাগিচাৰ গৰ্ভৱতী চাহ শ্ৰমিকৰ মজুৰি ক্ষতিপূৰণ  ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ বাগিছাত ১০০ খন নতুন হাইস্কুল স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে৷ অসমৰ চাহৰ  ২০০ বছৰীয়া জয়ন্তী উদ্‌যাপন উপলক্ষে দেশে-বিদেশে ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছে৷ অৰ্থডক্স চাহত ১২ টকাকৈ ৰাজসাহায্য ঘোষণা কৰা হৈছে৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰধানমন্ত্ৰী আবাস যোজনা লাভ নকৰা পৰিয়ালৰ বাবে ‘মুখ্যমন্ত্ৰীৰ আবাস যোজনা’ ঘোষণা কৰা হৈছে৷ ইয়াৰ বাবে ধাৰ্য কৰা হৈছে  ৮০০ কোটি টকা৷ ৩২ লাখ পৰিয়ালক সামৰি আয়ুস্মান ভাৰতৰ লগত মুখ্যমন্ত্ৰীৰ আয়ুস্মান কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ বাবে ব্যয় হ’ব ১৩৫ কোটি টকা৷ ৰেচনকাৰ্ড থকা প্ৰতিটো পৰিয়ালে বছৰি  ৫ লাখ টকাকৈ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব৷ মুখ্যতঃ  ২০১৭-১৮ বৰ্ষত তদানীন্তন বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গীতাৰ  ১৮ অধ্যায়ৰ অনুপ্ৰেৰণাত ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাক বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ  ৰ লাখ যুৱক-যুৱতীক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ২ লাখকৈ টকা প্ৰদানৰ কথা কোৱা হৈছে৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ৫০০ কোটি ধাৰ্য কৰা হৈছে৷ বৈদ্যুতিক বাহন ক্ৰয়ৰ ক্ষেত্ৰত ২ শতাংশ কৰ ৰেহাইৰ ঘোষণা কৰা হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে ২০০ কোটি টকাৰ কৰ্পাছ পুঁজিৰ ব্যৱস্থা কৰা হৈছে৷ দিবাংগৰ স্বনিয়োজন আৰু পুনৰ সংস্থাপনৰ বাবে ২০,০০০ টকাকৈ এককালীন সাহায্যৰ ঘোষণা কৰা হৈছে৷ আপোন ঘৰ আঁচনিৰ দৰে ৰাজ্যিক কৰ্মচাৰীলৈ ১০৮ কোটি টকীয়া আপোন বাহন আঁচনি ঘোষণা কৰা হৈছে৷ ২০২৬ ৰ ভিতৰত বাল্যবিবাহমুক্ত অসম গঢ়াৰ বাবে ২০০ কোটি টকা ঘোষণা কৰা হৈছে৷ পিছে বিত্তমন্ত্ৰীয়ে আজি আগবঢ়োৱা আঁচনিৰ ধনৰ উৎসক লৈ প্ৰশ্ন কৰিছে বিৰোধীয়ে৷

ধনৰ উৎসক লৈ ৰহস্যৰ গোন্ধ পাইছে বিৰোধীয়ে

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰে ২০২৩-২৪ বৰ্ষৰ বাবে প্ৰায় ১.৩১ লাখ কোটি টকা ব্যয়ৰ এখন বাজেট৷ পিছে ৰাজ্য চৰকাৰে ব্যয় কৰিবলৈ ধনৰ উৎস কি, উক্ত ধনৰাশি কেনেদৰে আহিব ক’ৰ পৰা তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰক উদ্দেশ্যি এই প্ৰশ্ন বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইনৰ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–বিত্তমন্ত্ৰী অজন্তা নেওগে যিখন বাজেট বিধানসভাত দাখিল কৰিছে সেই বাজেটত তেওঁ ব্যয় কৰিব বিচৰা ধন  ক’ৰ পৰা, কেনেকৈ লাভ কৰিব সেই সন্দৰ্ভত কোনো উল্লেখ কৰা নাই৷ নিবনুৱাক সংস্থাপনৰ বাবে যোৱা বাৰৰ দৰে কেৱল ঘোষণা আছে বাজেটখনত৷ এইখন কেৱল নিৰ্বাচনমুখী বাজেট৷ ডিবিটিৰ যোগেদি ভোট কিনি ৰাজনীতি কৰিবলৈ যেন উত্থাপন কৰা হৈছে উক্ত বাজেটত৷ বাজেটৰ ব্যয়-ৰূপায়ণৰ কোনো উত্তৰ নাই৷ শিক্ষাৰ অধিকাৰৰ কথা কোৱা হৈছে৷ উচ্ছেদিতৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে কেনেকৈ শিক্ষাগ্ৰহণ কৰিব তাৰ উল্লেখ নাই৷ ইফালে, উপ-দলপতি ৰকিবুল হুছেইনে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ ন’লও বুলি কৈছিল৷ পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিতাধিকাৰী সৃষ্টি কৰি অসমখন ধবংস কৰা বুলি কৈছিল৷ এতিয়া কেৱল হিতাধিকাৰী সৃষ্টি কৰি থকা হৈছে৷ আজিৰ তাৰিখত চৰকাৰ ১.৩০ লাখ কোটি ধাৰত পোত গৈ আছে৷ এই ধাৰ ক’ৰ পৰা পৰিশোধ কৰিব কোৱা নাই৷ এইখন নিবনুৱা বিৰোধী, কমফিউজড্‌ বাজেট৷ 

বাজেটে সমবিকাশ নিশ্চিত কৰিবঃ মুখ্যমন্ত্ৰী

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ বাবে দাখিল কৰা পূৰ্ণাংগ বাজেট হৈছে পুনৰুজ্জীৱীত অসমৰ লক্ষ্যপ্ৰাপ্তিৰ দিশে আৰু এখোজ৷ এইখন জনকল্যানমুখী বাজেট৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–অসমৰ দৰে এখন ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ৰাজহুৱা ব্যয় ১.৩০ লাখ কোটি ধাৰ্য কৰা হৈছে৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে ২ লাখ যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে প্ত হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷  বাজেটখনে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক সৱলীকৰণ আৰু সম বিকাশ সুনিশ্চিত কৰিব৷ বাজেটখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আশা-আকাংক্ষা পূৰণৰ দিশত এক মাইলৰ সুঁতি হিচাপে পৰিগণিত হ’ব আৰু ইয়াৰ জৰিয়তে অসমে প্ৰতিটো ক্ষেত্ৰতে উজলি উঠাৰ পথ প্ৰশস্ত হৈ পৰিব৷ ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক স্বনিয়োজনৰ সুবিধা প্ৰদান কৰিব পৰাকৈ বাজেটত ৫ হাজাৰ কোটি টকাৰ আৱণ্টন কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ই এক বৈপ্লৱিক পদক্ষেপ৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে স্বনিৰ্ভৰশীল হৈ উঠাৰ দিশত সহায়ক হৈ উঠিব৷ যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল তাক ৰূপায়ণৰ দিশতো এই বাজেটত ব্যৱস্থা ৰখা হৈছে৷ ৰাজ্যখনৰ ৩.২৭ লাখ আত্ম-সহায়ক গোটৰ ৩৯ লাখ সদস্যই উপকৃত হ’ব পৰাকৈ এই বাজেটত পুঁজি ধাৰ্য কৰা হৈছে৷ ইয়াৰ জৰিয়তে এই আত্ম-সহায়ক গোটৰ সদস্যসকলে ঘৰুৱা উদ্যোগ গঢ়ি তোলাৰ দিশত বিত্তীয় সাহায্য লাভ কৰিব৷  অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ লেখীয়াকৈ মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে মুখ্যমন্ত্ৰী আৱাস যোজনা এইবাৰৰ বাজেটৰ আন এক উল্লেখযোগ্য দিশ৷ অসমৰ অৰ্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু অৰ্থনৈতিক বিকাশক প্ৰতিগৰাকী ব্যক্তিকে সামৰি লোৱাৰ এক মহান সংকল্পৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে৷ মহিলাসকলৰ বাবে বাজেটত বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ বেংকক ঋণ ওভতাই দি মহিলাসকলক এন অ’ চি প্ৰদান কৰাৰ কথা বাজেটত কোৱা হৈছে৷ অসমত ৩.২৭ লাখ আত্মসহায়ক গোটৰ ৩৯ লাখ সদস্যৰ প্ৰতিগৰাকী মহিলাকে এইবছৰ এহাজাৰ টকাকৈ দিয়া হ’ব৷ যাতে ঘৰতে উদ্যোগ গঢ়াৰ চিন্তা কৰিব পাৰে৷ সেই চিন্তাৰ প্ৰজেক্ট ৰিপ’ৰ্ট অহাৰ লগে লগে বিত্তমন্ত্ৰীয়ে প্ৰত্যেকগৰাকী মহিলাকে আৰু ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব৷ ইয়াৰ বাবে বাজেটত ৩৯০০ কোটি টকা আৱণ্টন দিয়া হৈছে৷ আনহাতে কেন্দ্ৰীয় আঁচনিয়ে স্পৰ্শ নকৰা সকলৰ বাবে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ কথা বাজেটত কোৱা হৈছে৷ সেইদৰে স্বাস্থ্যখণ্ডৰ বাবে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ সুবিধা লাভ কৰিব পাৰিব ৩২ লাখ পৰিয়ালে৷ ৰেচন কাৰ্ড থকা সকলোৱে প্ত লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব৷ এই বিত্তীয় বৰ্ষৰ বাজেটতে অসমৰ ৫০০খন স্কুলক ৬ কোটি টকাকৈ যোগান ধৰা হ’ব৷ নতুনকৈ তিনি হাজাৰ কিলোমিটাৰ পকী পথ নিৰ্মাণ কৰা হ’ব৷ আনহাতে অসমৰ চাহশিল্পৰ দুশ বছৰীয়া উদযাপনৰ বাবে অৰ্থডক্স চাহৰ ক্ষেত্ৰত প্ৰতি কেজিত ১২ টকাৰ ৰাজসাহায্য দিয়াৰ কথা বাজেটত কোৱা হৈছে৷ বাজেটত কৃষি আয়কৰ আৰু তিনি বছৰৰ বাবে ৰেহাই দিয়া হৈছে৷ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে চৰকাৰী চাকৰিত ৩ শতাংশ আৰক্ষণৰ ব্যৱস্থা বাজেটত ৰখা হৈছে৷ আন্তঃগাঁথনি উন্নয়নৰ দিশত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ আনহাতে বাল্য বিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে৷ বাজেটক বিৰোধীয়ে হিতাধিকাৰী সৃষ্টি কৰা বুলি কোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ কামেই সেইটো৷ চৰকাৰৰ কামেই হিতাধিকাৰী সৃষ্টি কৰা৷ আমি শাসনত হিতাধিকাৰী সৃষ্টি কৰাৰ বাবেই আহিছো৷ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল হিতাধিকাৰী হ’লে ৰাইজ কিয় নহ’ব৷ তেওঁ কয় যে এই চৰকাৰখনৰ লক্ষ্যই হ’ল হিতাধিকাৰী সৃষ্টি কৰা৷ বিৰোধীৰ কথাখিনিক আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম৷দৰিদ্ৰতা নিৰ্মূলৰ প্ৰসংগত তেওঁ কয় যে নিবনুৱাৰ সংখ্যা ২২ লাখৰ পৰা ১২ লাখলৈ কমি আহিল৷

সমৃদ্ধিশালী অসমৰ প্ৰতিফলন ঘটিছে বাজেটতঃ অতুল বৰা

সদনৰ মজিয়াত বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখন যথাৰ্থতে এখন জনমুখী বাজেট৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ উন্নত, সমৃদ্ধিশালী অসমৰ বাস্তৱ প্ৰতিফলন ঘটিছে আজিৰ এই বাজেটখনত৷ বিশেষকৈ সমাজৰ দৰিদ্ৰ জনসাধাৰণৰ লগতে কৃষক, শ্ৰমিক, ৰোৱনী-বোৱনী, গৃহিণীকে ধৰি মধ্যবিত্ত শ্ৰেণীয়ে বাজেটখনৰ জৰিয়তে সম্পূৰ্ণ সকাহ পাব৷ চহৰ-নগৰ, মহানগৰৰ লগতে গ্ৰামাঞ্চলৰ বিকাশত অভূতপূৰ্ব অৰিহণা আগবঢ়াব এই বাজেটখনে৷ ৰাজ্যখনৰ নিৱনুৱাসকলৰ বাবেও অতি সু-সংবাদ কঢ়িয়াই আনিছে আজিৰ বাজেটখনে৷ ‘স্বয়ম’ আঁচনিৰ অধীনত অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ৰ লাখ নিৱনুৱা যুৱক-যুৱতীক একঁকালীন প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে এই বাজেটত৷ তদুপৰি, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এইখন চৰকাৰৰ দুবছৰীয়া পূৰ্তিৰ সময়তে ১ লাখ নিযুক্তিৰ সীমাৰেখা প্ৰায় স্পৰ্শ কৰিব৷ ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ-সংখ্যালঘু সকলো জাতি-জনগোষ্ঠীৰ সমউন্নয়নৰ বাবে বাজেটখনে গ্ৰহণ কৰা ভূমিকাই নিঃসন্দেহে আগন্তুক দিনত আমাৰ মাতৃভূমি অসমক দেশৰ ৫খন শীৰ্ষ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰাত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷ অসমৰ ঐতিহ্যৰ অন্যতম চানেকিস্বৰূপ তথা চাহ খেতিৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে চাহ-কৃষি শিল্পক অসমৰ পৰিসীমা নেওচি দেশ তথা বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে এই বাজেটখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ সমান্তৰালভাৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা অসমীয়া জাতীয় জীৱনৰ অন্যতম হৃদস্পন্দন কাজিৰঙাকে ধৰি ৰাজ্যৰ অন্যান্য অভয়াৰণ্যসমূহক পুনৰ নতুন ৰূপেৰে উজ্জ্বীৱিত কৰিবলৈ এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে৷ তদুপৰি, দৰিদ্ৰতা নিবাৰণৰ বাবে দেশৰ অন্যতম বৃহৎ সফল আঁচনি হিচাপে চিহ্নিত ‘অৰুণোদয় আঁচনি’ৰ ক্ষেত্ৰতো পূৰ্বৰ মাহিলি ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৪০০ টকালৈ বৃদ্ধি কৰা কাৰ্যই ৰাজ্যখনৰ সৰ্বমুঠ ২৭.৫ লাখ মহিলাক প্ৰত্যক্ষভাৱে উপকৃত কৰিব৷ তেনেদৰে কৃষি, পশুপালন আদি খণ্ডতো কৃষক তথা পশুপালকসকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটাই ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ গতি ক্ষিপ্ৰ কৰি তোলাৰ বাবে এই বাজেটৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৰাস্তা-ঘাট, দলং আদিৰ বাবে বাজেটত উল্লেখ কৰা প্ৰস্তাৱসমূহ ৰাজ্যৰ প্ৰগতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব৷ অসমৰ ঐতিহ্যপূৰ্ণ চৰাইদেউ পূৰাতাত্বিক স্থানৰ লগতে অসমৰ বিভিন্ন অংশৰ ১১টা স্থানৰ পূৰাতাত্বিক খননৰ বাবে বাজেটখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবেও বাজেটত ঘোষিত প্ৰকল্প তথা আঁচনিসমূহে নিঃসন্দেহে ৰাজ্যখনৰ জনস্বাস্থ্যৰ আমূল পৰিৱৰ্তনৰ সূচনা কৰিব৷ একেদৰে, ৰাজ্যখনৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত বান-খহনীয়া আদিৰ সমাধানৰ ক্ষেত্ৰতো এই বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ শিক্ষা, বন, নগৰ উন্নয়ন, পঞ্চায়ত তথা গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, মীন, উদ্যোগ আৰু বাণিজ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, হস্ততাঁত আৰু বয়ন, ৰেচম, শক্তি, জলসিঞ্চন, সাংস্কৃতিক, ক্ৰীড়া, শ্ৰম আৰু শ্ৰমিক কল্যাণ আদি বিভিন্ন ক্ষেত্ৰৰ বিকাশতো এই বাজেটে বিশেষ গুৰুত্ব দিছে৷ ৰাজ্যখনৰ সমবায় খণ্ডৰ বিকাশৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণক সংগঠিত কৰি তেওঁলোকৰ অৰ্থনৈতিক স্থিতি সবল কৰাত এই বাজটে গুৰুত্ব দিছে৷ লগতে সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ দিশতো অগ্ৰাধিকাৰ দিয়া হৈছে৷ ঐতিহাসিক অসম চুক্তিৰ বিভিন্ন দফাৰ ফলপ্ৰসূ ৰূপায়ণৰ উপৰি শ্বহীদসকলৰ স্মৃতি যুগজয়ী কৰি ৰখাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগকো বাজেটত যথেষ্ট গুৰুত্ব দিয়া হৈছে৷

ৰিয়েল ইষ্টেট খণ্ডলৈ আশাৰ বতৰাঃ এৰিডা

বিত্তমন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই৷ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে বাজেটত নতুন পথ, দলং আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব৷ আনহাতে চৰকাৰে যথেষ্ট পুঁজি আৱণ্টন দি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ তিনি হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ পদক্ষেপ আন এক উল্লেখযোগ্য দিশ৷ শৰ্মাই লগতে কয় যে গোপীনাথ বৰদলৈ পথত ওপৰত চাৰি লেনৰ পথ, চাইকেল ফেক্টৰীত ফ্লাইঅভাৰ, ফটাশিল চাৰিআলি আৰু ডাউনটাউন হাস্পতালৰ ওচৰত ফ্লাইঅভাৰ, জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ ওচৰত ফ্লাইঅভাৰ, কামাখ্যা মন্দিৰলৈ বিকল্প উন্নত পথ, দীপৰ বিলৰ ওচৰত হাতীৰ আণ্ডাৰপাছ আদি বহু কেইটা আদৰণীয় পদক্ষেপ বাজেটত উল্লেখ কৰা হৈছে৷ সেইদৰে ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটী ৰিং ৰোড প্ৰকল্পক স্বাগতম জনাই শৰ্মাই কয় যে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ সেইদৰে পলাশবাৰীক শুৱালকুছিৰে সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৩১৯৭.২০ কোটি টকাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু অতি সোনকালেই কাম আৰম্ভ হ’ব৷ শৰ্মাই লগতে কয় যে অসম চৰকাৰে স্বনিয়োজন আৰু উদ্যোগক বিশেষভাৱে সমৰ্থন কৰিছে৷ অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ জৰিয়তে এম এছ এম ই খণ্ডক উদ্‌গনি যোগোৱা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে বি পি এল পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটোৱা৷ বাজেটত ব্যক্তিগত খণ্ডত স্ব-নিয়োজনত গুৰুত্ব দিছে৷ এই আঁচনিৰ অধীনত ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু সহযোগী, পশুপালন, মীন পালন আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যক সমৰ্থন কৰা হ’ব৷ আনহাতে চৰকাৰে এক লাখ যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ যিসকলক অহা তিনি বছৰত মাইক্ৰ’ এণ্টাৰপ্ৰাইজ ইউনিট আৰম্ভ কৰাৰ বাবে একঁকালীন সাহায্য হিচাপে ২ লাখ টকা প্ৰদান কৰিব৷ ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি শৰ্মাই সদৰি কৰে৷ বাজেটত সৌৰ শক্তিক উৎসাহিত কৰা হৈছে৷ আনহাতে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্ৰত বাজেটত অনলাইন ব্যৱস্থাৰ কথা কোৱা হৈছে৷ ইয়াক বিশেষভাৱে আদৰণি জনাই শৰ্মাই কয় যে অনলাইন বিল্ডিং অনুমতি ব্যৱস্থাটো সময়ৰ অতি প্ৰয়োজনীয়তা৷ ইমান বছৰ কাগজত থকাৰ পিছত চৰকাৰে অৱশেষত ইয়াৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে৷ যাৰ বাবে চৰকাৰক অভিনন্দন জনাই শৰ্মাই কয় যে ইয়াৰ দ্বাৰা দুৰ্নীতি-অনিয়ম নোহোৱা হ’ব৷ বাজেটত পৰ্যটন খণ্ডৰ ওপৰত দিয়া গুৰুত্বক আদৰণি জনাই শৰ্মাই কয় যে ৰিয়েল ইষ্টেট বিকাশকাৰী হিচাপে আমি পৰ্যটনৰ বাবে মূল আন্তঃগাঁথনিৰ বিকাশত নিজৰ বাবে বিশাল সম্ভাৱনা দেখিছোঁ৷ মুখমন্ত্ৰী আৱাস যোজনাৰ বাবে এক লাখ হিতাধিকাৰী সামৰি ল’বলৈ বাজেটত ৮০০ কোটি টকা আৱণ্টন দিয়া হৈছে৷ শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত প্ৰাপ্ত সকলো আৱেদনৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া, এন চি গাওঁসমূহৰ জৰীপ আৰু নিষ্পত্তি সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি গাওঁ আৰু চৰকাৰী ভূমিৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি, ভূমি ধাৰকসকলক তেওঁলোকৰ কাৰ্যালয় আৰু ঘৰৰ আৰামৰ পৰা ভূমি ৰাজহ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং সম্পূৰ্ণৰূপে আৰম্ভ কৰাটো প্ৰথম বাৰৰ বাবে দেখা গৈছে৷ এনেবোৰ পদক্ষেপৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি শৰ্মাই কয়৷