Logo
image

কংগ্ৰেছে ফাদিল কৰিছে মেট্ৰিকৰ প্ৰশ্নকাকতঃ চৰকাৰৰ বদনাম কৰিবলৈ কংগ্ৰেছে এজেণ্ডা ভিত্তিত প্ৰশ্নকাকত ফাদিল কৰিছে

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ বিজ্ঞানৰ পাছত মেট্ৰিকৰ অসমীয়া প্ৰশ্নকাকত ফাদিলৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ছেবাৰ লগতে শিক্ষা বিভাগ৷ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি ছেবাৰ অধ্যক্ষৰ লগতে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী তুলিছে৷ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্যক লৈ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে৷ প্ৰশ্নকাকত ফাদিলৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিলে ভৱেশ কলিতাই৷

শনিবাৰে জালুকবাৰী সমষ্টিৰ বেজেৰাত আয়োজিত এখন দলীয় সভাত অংশ লোৱাৰ সময়ত ভৱেশ কলিতাই প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত কয় যে চৰকাৰক বদনাম কৰিবৰ বাবে কংগ্ৰেছে পৰিকল্পিত এজেণ্ডাৰ আধাৰতে ফাদিল কৰিছে প্ৰশ্নকাকত৷ বিজেপি চৰকাৰৰ উন্নয়নৰ ধাৰাত বাধা দিবলৈ ইছ্যু বিচাৰি নাপাই চৰকাৰক বদনাম কৰিবলৈ এই ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে৷

তদুপৰি প্ৰশ্নকাকত ফাদিলৰ বাবে ছেবাকো দোষাৰোপ কৰি তেওঁ কয় যে ছেবাৰ লগতে ইয়াত নিয়োজিত সকলৰ ব্যক্তিগত জীৱনতো সংস্কাৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু অনুসন্ধান পৰা জানিব গ'ল যে এই কাৰ্যত লিপ্ত শিক্ষক কেইজন কংগ্ৰেছী পৰিয়ালৰ সদস্য। তেওঁলোক শিক্ষকৰ লগতে কংগ্ৰেছৰ নেতাও। এই দুষ্কাৰ্যত লিপ্ত শিক্ষক কেইজনৰ পৰিয়ালৰ লোক কংগ্ৰেছ কেডাৰ। যি পৰিয়ালত কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধিও আছে। তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলক লৈ হেতালি খেলাৰ অধিকাৰ ছেবা কিম্বা শিক্ষা বিভাগ অথবা আমাৰ কাৰো নাই৷ ৪ লাখ পৰীক্ষাৰ্থী-অভিভাৱকসকলে যথেষ্ট মৰ্মবেদনা ভুগিব লগা হৈছে। কিন্তু কংগ্ৰেছক এইবোৰে নুচুৱে।