Logo
image

উজনিত বিধায়কৰ হাতে হাতে আলফাৰ ধনদাবী পত্ৰ

আমাৰ অসম, ১৯ মাৰ্চঃ উজনি আৰু উত্তৰ অসমৰ বিজেপি বিধায়কৰ হাতে হাতে এতিয়া আলফা (স্বাধীন)ৰ ধনদাবী পত্ৰ৷ কেৱল ধনদাবী পত্ৰ লাভতে শেষ হোৱা নাই এই পৰিক্ৰমা৷ আলফা (স্বাধীন)ৰ বিভিন্ন পৰ্যায়ৰ নেতাৰ পৰা ধন আদায়ৰ বাবে অহৰহ ফোনযোগে হেঁচা আৰু ভাবুকিও পাই আছে এইসকল বিধায়কে৷ আলফা (স্বাধীন)ৰ এই শেহতীয়া তৎপৰতাত এতিয়া চৰম শংকা আৰু নিৰাপত্তাহীনতাত ভুগিছে উজনি আৰু উত্তৰ অসমৰ শাসনাধিষ্ঠিত দলৰ অধিকাংশ বিধায়ক৷ উল্লেখ্য যে চৰকাৰ গঠনৰ পাছতে পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সদিচ্ছা প্ৰদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই৷ ইয়াৰ বাবে বিভিন্ন পৰ্যায়ত অনানুষ্ঠানিক কথা-বাৰ্তাত আৰম্ভ হৈছিল৷ মুখ্যমন্ত্ৰীৰ এই উদ্যোগক মুকলিভাৱে সঁহাৰি জনোৱাৰ উপৰি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল পৰেশ বৰুৱা৷ আনকি আলফাই একপক্ষীয় যুদ্ধবিৰতিৰ দৰে পদক্ষেপো গ্ৰহণ কৰিছিল৷ চলিত বৰ্ষৰ ১ জানুৱাৰীৰ দিনাও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আলফা-চৰকাৰৰ মাজৰ বহুপ্ৰতিক্ষীত শান্তি আলোচনাক লৈ বহু আশাব্যঞ্জক মন্তব্য কৰিছিল৷ ৰাজ্যৰ ছাত্ৰ আৰু নাগৰিক সমাজক আগবাঢ়ি আহি সাৰ্বভৌমত্বৰ বিষয়টো বাদ দি আলোচনাৰ মেজত বহাৰ বাবে পৰেশ বৰুৱাক আহ্বান জনাবলৈও মুখ্যমন্ত্ৰীয়ে আবেদন জনাইছিল৷ কিন্তু হঠাৎ এনে কি পৰিস্থিতিৰ সৃষ্টি হ’ল যে পৰেশ বৰুৱাপন্থী আলফা এতিয়া বিজেপি বিধায়কৰ বাবে চৰম শংকাৰ কাৰণ হৈ পৰিছে? আলফা-চৰকাৰৰ বহুচৰ্চিত শান্তি আলোচনা প্ৰক্ৰিয়াত হঠাৎ যতি পৰিল নেকি? উল্লেখ্য যে উজনি আৰু উত্তৰ অসমৰ অধিকাংশ বিজেপি বিধায়কে শেহতীয়াভাৱে আলফাৰ পৰা ধনদাবী পত্ৰ লাভ কৰিছে৷ ধনদাবী পত্ৰ দিয়াতেই ক্ষান্ত থকা নাই আলফা (স্বাধীন)৷ দাবী কৰা ধন সময় মতে আদায় দিবলৈ বিধায়কসকলক ফোনযোগে বাৰম্বাৰ হুমকিপৰ্যন্ত দি থকা হৈছে৷ 


এই কাৰ্যই চৰম সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিজেপি বিধায়কসকলৰ মাজত৷ আলফা (স্বাধীন)-এ বিধায়কসকলক ৪০ লাখৰ পৰা ৫ কোটিপৰ্যন্ত দাবী কৰিছে৷ আলফাৰ এই শেহতীয়া তৎপৰতাৰ বিপৰীতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসমৰ দীৰ্ঘদিনীয়া উগ্ৰপন্থী সমস্যা শেষ হোৱা বুলি দৃঢ়তাৰে দাবী কৰি আহিছে৷ আলফাৰ পৰা ধনদাবী পত্ৰ আৰু অহৰহ ভাবুকি লাভৰ সমগ্ৰ বিষয়টো বিধায়কসকলে ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক আনুষ্ঠানিকভাৱে অৱগত কৰিছে৷ আলফাৰ ধনদাবী পত্ৰৰ উপৰি ফোনৰ কল ৰেকৰ্ডিংপৰ্যন্ত আৰক্ষী সঞ্চালকপ্ৰধানক জমা দিছে বিজেপি বিধায়কসকলে৷ এই ঘটনাই যথেষ্ট অস্বস্তিত পেলাইছে গৃহ বিভাগৰো দায়িত্ব থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাক৷ মুখ্যমন্ত্ৰীয়ে নিজৰ অতি ঘনিষ্ঠ একাংশ লোকক পৰেশ বৰুৱাৰে কথা পাতি দলৰ বিধায়কসকলক ধনদাবী কৰা কাৰ্যৰ পৰা আঁতৰি থকাৰ বাবে তেওঁক সৈমান কৰাবৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত আশানুৰূপ সঁহাৰি লাভ কৰা নাই আলফা (স্বাধীন)ৰ পৰা৷ ফলত কাৰ্যভাৰ গ্ৰহণৰ পাছতে এক নতুন প্ৰত্যাহ৩ানৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে৷ উল্লেখ্য, আলফাৰ ধনদাবী অভিযান নতুন কথা নহয়৷ উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আনকি যোৰহাটৰো বহু ব্যৱসায়ী, ঠিকাদাৰ আৰু তৈল তথা গেছ খণ্ডত কৰ্মৰত বহু বিষয়াৰ পৰা ব্যাপক হাৰত নিয়মীয়াভাৱে ধন সংগ্ৰহ কৰি আছে পৰেশ বৰুৱা বাহিনীয়ে৷ বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ পাছতো কিন্তু আলফা (স্বাধীন)ৰ এই কাৰ্য ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰক্ষী আৰু গৃহ বিভাগে৷ কিন্তু শাসনাধিষ্ঠিত দলৰ বিধায়কক আলফাই ধনদাবী কৰাৰ পাছতে আৰক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে, আৰক্ষীক অৱগত নকৰাকৈয়ে বিজেপিৰ বহুকেইজন বিধায়কে প্ৰাণৰ আশংকাত ইতিমধ্যে দাবী কৰা ধন আলফাক আদায় দিছে৷ আনকি বহু বিধায়ক আৰক্ষীৰ কাষ চপাৰ বিপৰীতে একাংশ বিধায়কে এইক্ষেত্ৰত সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিছে৷ এতিয়া প্ৰশ্ন উঠিছে– আলফাৰ সৈতে চৰকাৰৰ আলোচনাৰ ‘হনীমুন’ শেষ হ’ল নেকি? পৰেশ বৰুৱাই এনেদৰে ব্যাপক হাৰত ধন সংগ্ৰহ কৰি নিজৰ শক্তি অধিক বৃদ্ধিৰ পৰিকল্পনা কৰিছে নেকি? ইতিমধ্যে অসমৰ বহু ঠাইৰ পৰা বহু যুৱক-যুৱতীয়ে নতুনকৈ আলফাত যোগদান কৰিয়েই আছে৷ এয়াও পৰেশ বৰুৱাৰ শক্তি সঞ্চাৰৰ এক কৌশল বুলি সন্দেহ কৰিছে গৃহ বিভাগে৷ আলফাৰ ধনদাবী পত্ৰ লাভ কৰা বিজেপিৰ কেইবাজনো বিধায়ক যথেষ্ট শংকাত ভুগি ইতিমধ্যে নিজৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ দিছপুৰৰ শৰণাপন্ন হৈছে৷