Logo
image

অভূতপূৰ্ব তুষাৰপাত, শুকুলা হৈ পৰিছে ছিকিম

আমাৰ অসম, ১৯ মাৰ্চঃ ছিকিমৰ বৰণ এতিয়া শুকুলা৷ পৰ্যটকে যি ৰং আৰু যাৰ আকৰ্ষণত ছিকিমলৈ ধাৱমান হয় সেই শুকুলা ৰঙে সমগ্ৰ ছিকিম আবৰি ৰাখিছে যদিও পৰ্যটকৰ আকৰ্ষণৰ উৎস বগা বৰফ এতিয়া বহুতৰ বাবে বিপদলৈ পৰ্যবসিত হৈছে৷ কিয়নো অস্বাভাৱিক আৰু অভূতপূৰ্ব তুষাৰপাতত বিপৰ্যস্ত ছিকিম৷ সাধাৰণতে মাৰ্চত উত্তৰ ছিকিমৰ য়ুংথাম বা তেনে অঞ্চলৰ বাহিৰে ৰাজ্যখনৰ বাকী অংশ বৰফমুক্ত হয় আৰু নাথুলা বা ছাংগু হ্ৰদত থকা বৰফ পৰ্যটকৰ বাবে খেলাৰ আহিলা হয়৷ এই সময়ত ছিকিমত নতুনকৈ তুষাৰপাত নহয়৷ কিন্তু এইবাৰ অস্বাভাৱিক বতৰৰ ফলত মাৰ্চৰ মাজভাগত যোৱা শনিবাৰৰ পৰা আজিলৈকে ছিকিমত এৰাধৰাকৈ প্ৰচণ্ড তুষাৰপাত হোৱাত সহস্ৰাধিক পৰ্যটক ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিছে৷ প্ৰচণ্ড তুষাৰপাত অব্যাহত থকাৰ বাবে শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে উত্তৰ-পূব ছিকিম পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ 

পৰিস্থিতি ক্ৰমাত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত শুকুৰবাৰে পুৱাই ছিকিমৰ প্ৰশাসনে নাথুলা, ছাংগু হ্ৰদ, হৰভজন বাবা মন্দিৰ আদিলৈ যোৱাৰ অনুমতিপ্ৰদান বন্ধ কৰি দিছে৷ নতুনকৈ পৰ্যটকক যাবলৈ দিয়াৰ পৰিৱৰ্তে আৱদ্ধ হৈ থকা পৰ্যটকক উদ্ধাৰৰ চেষ্টাত নামিছে প্ৰশাসন৷ উত্তৰ ছিকিম আৰু উত্তৰ-পূব ছিকিমৰ বিভিন্ন পৰ্যটনস্থলীত কেইবাশ গাড়ী, সহস্ৰাধিক পৰ্যটক আৱদ্ধ হৈ আছে৷ প্ৰাথমিকভাৱে আৱদ্ধ পৰ্যটক আৰু গাড়ীসমূহ উদ্ধাৰ কৰিছে বৰ্ডাৰ ৰোডছ অগেনাইজেছনে (বি আৰ অ’)৷ যদিও চীন সীমান্তৱৰ্তী ৰাজ্যখনৰ পথ নিৰ্মাণৰ দায়িত্বহে বি আৰ অ’ৰ, কিন্তু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনষ্ঠ এই কেন্দ্ৰীয় সংস্থাটোৱে নিজৰ কাম এৰি বৰফৰ মাজত আৱদ্ধ পৰ্যটকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰাৰ দায়িত্বত ব্ৰতী হৈছে৷

যোৱা শনিবাৰৰ পৰা হঠাতে ছিকিমৰ বতৰৰ পৰিবৰ্তন হয়৷ শনিবাৰে নিশাৰ পৰা প্ৰথমে প্ৰবল বৃষ্টিপাত, শিলাবৃষ্টি আৰু পাছলৈ প্ৰচণ্ডভাৱে তুষাৰপাত আৰম্ভ হয়৷ সেইনিশা বিভিন্ন স্থানত ৬০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছিল৷ দেওবাৰেও একেই পৰিস্থিতি অব্যাহত থকাৰ পাছত সোমবাৰৰ পৰা পৰিস্থিতি সামান্য ভাললৈ আহিলেও বৃহস্পতিবাৰৰ পৰা পুনৰ প্ৰৱল তুষাৰপাত আৰম্ভ হয়৷ সেই তুষাৰপাত আজি শনিবাৰ পৰ্যন্ত অব্যাহত থকাত ৰাজ্যখনত সংকটৰ সৃষ্টি হৈছে৷ কিয়নো এতিয়াও কেইবাশতাধিক পৰ্যটক ৰাজ্যখনৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে৷ চৰকাৰী তথ্য মতে আবদ্ধ হৈ থকা পৰ্যটকৰ সংখ্যা কেইবা শতাধিক হ’লেও স্থানীয় সংবাদ মাধ্যম আৰু বিভিন্ন ট্যুৰ অপাৰেটৰে দাবী কৰা অনুসৰি ছিকিমৰ ভিন ভিন স্থানত আৱদ্ধ  হৈ থকা দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্যা হাজাৰৰো অধিক হ’ব৷