Logo
image

হঠাৎ পুটিনৰ ইউক্ৰেইন চফৰ

আমাৰ অসম, ২০ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আকস্মিকভাৱে যুদ্ধবিধবস্ত ইউক্ৰেইন ভ্ৰমণ কৰাৰ এমাহ সম্পূৰ্ণ হোৱাৰ ঠিক দুদিন পূৰ্বে ইউক্ৰেইন আক্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে ৰাছিয়াৰ দখলত থকা ইউক্ৰেইনৰ দুখনকৈ চহৰত ভ্ৰমণ কৰি নিজৰ প্ৰতিপত্তি প্ৰমাণ কৰিছে৷ শনিবাৰে ৰাছিয়াৰ পৰা আহি দীৰ্ঘদিন ধৰি ৰাছিয়াৰ দখলত থকা ক্ৰাইমিয়া বন্দৰত পুটিনে অৱতৰণ কৰে আৰু দীৰ্ঘ সময় তেওঁ সেই বন্দৰত কটায়৷ ক্ৰাইমিয়াত পুতিনে ৰাছিয়াৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে যুদ্ধ সন্দৰ্ভত গভীৰ আলোচনাত মগ্ন হয়৷ একেৰাহে দ্বিতীয় দিনাৰ বাবে তেওঁ পুনৰ ৰাছিয়াৰ সেনাৰ দখলত থকা মাৰিঅ’পল চহৰ ভ্ৰমণ কৰে৷ ৰাষ্ট্ৰপতিতি পুতিনে হেলিকপ্টাৰেৰে আহি মাৰিঅ’পল চহৰত উপস্থিত হয় আৰু নিজে গাড়ী চলাই ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমণ কৰে৷ সেই সময়চোৱাত পুতিনক ৰাছিয়াৰ সেনাৰ বৃহৎ কনভয়ে আবৰি ৰাখিছিল৷ তথাপি তেওঁ নিজেই গাড়ী চলাই গৈ বিভিন্ন স্থানত গাড়ী ৰখাই স্থানীয় বাসিন্দাৰ সৈতে বাৰ্তা লাভ কৰে৷ 

উল্লেখ্য যে এই সমগ্ৰ অঞ্চলটোক ডনেৎস্ক বুলি কোৱা হয় আৰু যুদ্ধ আৰম্ভ হোৱাৰ পৰা সমগ্ৰ অঞ্চলটো ৰাছিয়াই নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই অঞ্চলৰ অধিকাংশ বাসিন্দা ৰাছিয়াপন্থী৷ ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে জনোৱা অনুসৰি যোৱা বছৰৰ মে’ৰ পৰা মাৰিঅ’পল চহৰ ৰাছিয়াৰ সেনাই নিজৰ দখলত ৰাখিছে৷ শনিবাৰে তেওঁ সেই অঞ্চললৈ গৈ নেভস্কি মাইক্ৰোডিষ্ট্ৰিক্টৰ বাসিন্দাৰ সৈতে আত্মীয়ভাৱে কথাবতৰা পতাৰ দৃশ্য সংবাদ সংস্থা টাছে প্ৰকাশ কৰিছে৷ আন এক সংবাদ সংস্থা ৰয়টাৰ্ছে জনোৱা অনুসৰি ইউক্ৰেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি পুতিনে যুদ্ধৰ দায়িত্বত থকা চিফ অব জেনেৰেল ষ্টাফ অৰ্থাৎ সৰ্বাধিনায়ক জেনেৰেল ভেলেৰি গেৰাছিমভৰ সৈতে দীৰ্ঘ সময় বৈঠকত মিলিত হয়৷ উল্লেখ্য যে ৰাছিয়াই ২০১৪ চনতে কৃষ্ণসাগৰৰ উপকূলত থকা ক্ৰাইমিয়া বন্দৰ দখল কৰি লৈছিল৷ ইউক্ৰেইনৰ একেবাৰে দক্ষিণৰ এই অংশটো দখলত ৰখাৰ ফলত যুদ্ধৰ ক্ষেত্ৰত ৰাছিয়াৰ সুবিধা হৈছে৷ শনিবাৰে তেওঁ ক্ৰাইমিয়াত ৰাছিয়াই নিয়োগ কৰা গৱৰ্ণৰ মিখাইল ৰেজভোজহায়েভক লগত লৈ কৃষ্ণসাগৰৰ আন এটা বন্দৰ ছেভাস্তোপোল ভ্ৰমণ কৰিছিল৷ ইপিনে, আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত অৰ্থাৎ আইচিচিয়ে পুতিনক যুদ্ধ অপৰাধী বুলি ঘোষণা কৰি শুকুৰবাৰে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা  জাৰি কৰিছিল৷ তাৰ ২৪ ঘণ্টাৰ ভিতৰতে পুতিনে ইউক্ৰেইন ভ্ৰমণ কৰি তেওঁৰ দমনীয় মনোভাব প্ৰমাণ কৰিলে৷ উল্লেখ্য, যোৱা ২০ ফেব্ৰুৱাৰীত আকস্মিকভাৱে আমেৰিকাৰ ৰাষ্ট˜পতি জো বাইডেনে ইউক্ৰেইন ভ্ৰমণ কৰিছিল৷