Logo
image

আকৌ ব'ব কলংঃ নগাঁৱত কলং খননৰ কাম আৰম্ভ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

ডিজিটেল সংবাদ, নগাঁওঃ মধ্য অসমৰ হৃদস্পন্দন স্বৰূপ কলঙক পুনৰ প্ৰবাহিত কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁৱত নিজে ফকলেণ্ডৰ চালকৰ আসনত বহি কলঙৰ উফন্দি থকা বুকু খন্দা কামৰ শুভাৰম্ভ কৰি নিশ্চিত কৰিলে কলং আকৌ ব'ব ৷ কলঙক পুনৰ প্ৰবাহিত কৰিবলৈ দীৰ্ঘ দিন ধৰি উঠি অহা দাবী আৰু প্ৰত্যাশাক অন্য মাত্ৰা প্ৰদান কৰি শনিবাৰে নগাঁও চহৰৰ আমোলাপট্টিৰ ৰত্নকান্ত বৰকাকতি দলঙৰ কাষত কলং খন্দাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় ৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কলং খননৰ কাম আৰম্ভ কৰে৷

২.৮ কোটি টকা ব্যয়ৰে কলং খনন প্ৰকল্পৰ কাম চলিব। প্ৰথম অৱস্থাত আমোলাপট্টিৰ পৰা খাগৰিজানলৈকে খনন কৰা হ'ব কলং। কলং খননৰ কাম শুভাৰম্ভ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়, "কলঙক পুনৰুদ্ধাৰ কৰাৰ পদক্ষেপ লোৱা হৈছে ৷ কলঙক পুনৰ প্ৰবাহিত কৰাৰ পদক্ষেপৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত নগাঁও চহৰত তিনি কিলোমিটাৰ অংশ খন্দা হ’ব ৷ জলসিঞ্চন বিভাগৰ কলনিৰ দলঙৰ পৰা ভূঞাপট্টি দলঙৰ ওচৰলৈকে প্ৰথম পৰ্যায়ত কলং খন্দা হ'ব৷ পৰৱৰ্তী সময়ত আন স্থানত খনন কৰা হ’ব ৷ নগাঁও চহৰ আটকধুনীয়া কৰি তোলাৰ অংশ হিচাপে কলং খননৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷" মন্ত্ৰী হাজৰিকাই লগতে কয় যে কলিয়াবৰৰ হাতীমূৰাত শ্লুইছ গেইটৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ অহা বৰ্ষত শ্লুইছ গেইটখন পৰীক্ষামূলকভাৱে মুকলি কৰা হ’ব ৷ এক দুবছৰমান গেইট খুলি পৰ্যবেক্ষন কৰা হ'ব ৷ কলঙৰ মুখ খুলি দিয়াৰ পিছত প্ৰবাহ কেনে হয় সেই দিশটোত চকু দিব লাগিব ৷

ইয়াৰ উপৰি মন্ত্ৰী হাজৰিকাই কয় যে চৰকাৰে নগাঁৱৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাব ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ দিয়া সভাত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিভিন্ন বিভাগৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁও সমষ্টিৰ ডাকৰঘাট আৰু তুলসীমুখত কলঙৰ মথাউৰি নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে ।