Logo
image

অমিত শ্বাহৰ ঘোষণাঃ ২৪ৰ নিৰ্বাচনত ৩০০ৰো অধিক আসনত জয়ী হ'ব বিজেপি, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰি ডিব্ৰুগড়ত নিৰ্বাচনী যুদ্ধ আৰম্ভ কৰিলে শাসনাধিষ্ঠিত বিজেপি দলৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷ মঙলবাৰে বিশ হেজাৰৰো অধিক দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত ‘কৰ্মকৰ্তা সন্মিলন’ত ভাষণ প্ৰদান কৰি অমিত শ্বাহে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন আসনৰ ভিতৰত ১২ খন আসনত নিশ্চিতভাৱে জয়ী হ’ম বুলি দাবী কৰে৷ আনহাতে মোদীৰ নেতৃত্বত দেশৰ ভিতৰত ৩০০ৰো আসন লাভ কৰি পুনৰ বিজেপি দলে শাসনৰ গাদী দখল কৰিব বুলিও দাবী কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীক যিমানেই বিৰোধী দলে গালি দিয়ে সিমানেই দেশত পদুম আৰু বৃহৎ আকাৰত ফুলি উঠিব৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি গৃহমন্ত্ৰী তেওঁ কয় যে কোনোবাই বিদেশলৈ গৈ নিজৰ দেশক  সমালোচনা কৰেনে? তেওঁ আজিপৰ্যন্ত বুজা নাই যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিদৰে কংগ্ৰেছ নিঃশেষ হৈ গ’ল সেইদৰে সমগ্ৰ দেশতে এদিন কংগ্ৰেছ নিঃশেষ হৈ যাব৷ কাৰণ দেশৰ এশ ত্ৰিশ কোটি জনতাই সদায় প্ৰধানমন্ত্ৰী মোদীক দীৰ্ঘায়ু হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে৷ 

ভাষণত গৃহমন্ত্ৰী শ্বাহে অসমৰ কথা উল্লেখ কৰি কয় যে বিজেপি শাসনলৈ অহা সাত বছৰৰ পিছতে আজি ৭০ শতাংশ অশান্ত অঞ্চলেই শান্ত৷ বড়োলেণ্ড, কাৰ্বি পাহাৰ শান্ত হৈছে৷ আদিবাসী কমাণ্ডোসকলে আত্মসমৰ্পণ কৰিছে৷ অসমৰ সীমা বিবাদৰ সমস্যাও আলোচনামৰ্মে শেষ হৈছে৷ তদুপৰি অসমত শীঘ্ৰে ৪১ হেজাৰ নিবনুৱাক চাকৰি প্ৰদানৰ উপৰি বাৰখন মেডিকেল কলেজ স্থাপন কৰাৰ উপৰি আৰু বাৰখন নিৰ্মীয়মান অৱস্থাত আছে৷ 

অৰুণাচলৰ পৰা প্ৰায় এঘণ্টা পলমকৈ আহি সভাথলিত উপস্থিত হোৱাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰি অহা চৈধ্য এপ্ৰিলত বিহুৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এক ৰেকৰ্ড কৰিব কৰাৰ যি প্ৰচেষ্টা তাৰবাবে ৰাজ্য চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে৷ গৃহমন্ত্ৰী শ্বাহে ডিব্ৰুগড়ৰ চাহ খেতিয়ক মৃগেন জালানে আগবঢ়োৱা এবিঘা মাটিত বিজেপি দলৰ মাণ্ডলিক কাৰ্যালয় স্থাপনৰ জৰিয়তে দলৰ ছয়টাকে লোকসভা সমষ্টিৰ কাম-কাজ চোৱাচিতা কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে৷ এই সকলোবোৰ শুভকাৰ্য প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ যৌথ প্ৰচেষ্টাত সমাপন হোৱা বুলিও ভাষণত উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দৰ অৱদানৰ কথাও এইক্ষেত্ৰত শ্ৰদ্ধাৰে উল্লেখ কৰে৷ অৱশ্যে অসমৰ পৰা সম্পূৰ্ণৰূপে আফস্পা বাতিলকৰণৰ সম্পৰ্কত এটাও কথা উল্লেখ নকৰিলে গৃহমন্ত্ৰীগৰাকীয়ে৷ 

প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে আঁতধৰা অনুষ্ঠানতেই গৃহমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি দলৰ ডিব্ৰুগড় মাণ্ডলিক কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷ সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি দলক পৃথিৱীৰ ভিতৰতে এক সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰাৰ উপৰি দেশখনক বিশ্বৰ ভিতৰতে শীৰ্ষস্থানলৈ উন্নীত কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ অৱদান আছে বুলিও ভাষণত উল্লেখ কৰে৷ সভাত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণত চৈধ্য এপ্ৰিলৰ বিহু অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰে আশীৰ্বাদ কামনা কৰি চলিত বৰ্ষৰ বাজেটৰ উদ্ধৃতিৰে শীঘ্ৰে ৫০ হেজাৰ নিবনুৱাক নিযুক্তি, অসমৰ প্ৰতিটো চৰকাৰী পঞ্জীয়নভুক্ত মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাৰ ব্যক্তিগত একাউণ্টত দহ হেজাৰ টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷

তদুপৰি ড॰ শৰ্মাই ৰাজ্যত ইতিমধ্যে ২২ টা দলীয় জিলা কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ উপৰি ২০০ টা মণ্ডল কাৰ্যালয় নিৰ্মাণৰ কাম চলি আছে বুলি মন্তব্য কৰি অহা ১৮ মাহৰ ভিতৰত এইকাম সম্পুৰ্ণ কৰা হ'ব বুলিও উল্লেখ কৰে৷ আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহক আনুষ্ঠানিক আদৰণি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে দেশৰ আজিলৈকে কোনো গৃহমন্ত্ৰী নাই যিয়ে অৰুণাচল-চীন সীমান্ত পৰিদৰ্শনৰ লগতে ৰাতি কটাইছে৷ সভাত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সদস্য তথা সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষান, বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক প্ৰশান্ত ফুকনেও দলীয় কৰ্মকৰ্তাসকলক উদ্দেশি বক্তব্য আগবঢ়ায়৷ সভাত সাংসদ প্ৰদান বৰুৱা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাঘেৰিটা, বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাকে ধৰি উজনিৰ বিধায়কসকল আৰু বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ আদিকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে৷