Logo
image

শিৱসাগৰত ক'ভিডৰ আতংকঃ ভ্ৰমণ ইতিহাস নথকা মহিলাৰ দেহত ধৰা পৰিল ক'ভিড

ডিজিটেল সংবাদ,শিৱসাগৰঃ পুনৰ ক'ভিডৰ আতংকই জোকাৰিছে শিৱসাগৰ ৷ বিগত এটা পষেকত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ দেশজুৰি মকড্ৰীল অব্যাহত থকাৰ সময়তেই মঙলবাৰে শিৱসাগৰৰ ডিমৌত চিনাক্ত হ'ল ক'ভিড আক্ৰান্ত ৰোগী ৷ বিগত কেইটামান দিন জ্বৰত আক্ৰান্ত হৈ থকা মহিলা গৰাকীয়ে ডিমৌ চৰকাৰী চিকিৎসালয়ত ক'ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ধৰা পৰে ক'ভিড ৷ 

শিৱসাগৰ স্বাস্থ্য বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে আক্ৰান্ত ৰোগী গৰাকীৰ নাছিল কোনো ভ্ৰমণ ইতিহাস৷ ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো মহিলাগৰাকী কেনেদৰে ক'ভিড পজিটিভ হ'ল তাক লৈ অনুসন্ধান অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে ৷ ইতিমধ্যে স্বগৃহতেই হোম আইচলেশ্বনত থকা মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা আন ব্যক্তিকো শীঘ্ৰে ক'ভিড পৰীক্ষাৰ বাবে আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷ উল্লেখ্য যে ক'ভিডৰ নতুন ঢৌৰ আশংকাৰ মাজতে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে যুদ্ধকালীন তৎপৰতাৰে অনুশীলনৰ সমান্তৰালভাৱে শতাধিক ব্যক্তিৰ শৰীৰত ক'ভিড পৰীক্ষা চলাইছিল ৷