Logo
image

সৰুসজাইত ১১,১৪০ ঢুলীয়া-নাচনীৰ বৰআখৰা

আমাৰ অসম, ১২ এপ্ৰিলঃ অসমীয়াৰ বুকুৰ আপোন ৰঙালী বিহুলৈ মাজত আৰু দুটা দিন বাকী৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া ঢোল-পেঁপাৰ লগতে ঢেকীৰ শব্দত উখল-মাখল পৰিৱেশ৷ ডেকা-গাভৰুৰ পৰা বৃদ্ধলৈ কাৰোৱে যেন ওলাহৰ অন্ত নাই৷ অৱশ্যে এইবাৰৰ ৰঙালী বিহুক লৈ পূৰ্বতকৈ আকৰ্ষণ বৃদ্ধি পাইছে৷ কিয়নো এইবাৰ অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুৱে গীনিজ ৱৰ্ল্ড ৰেৰ্কড গঢ়িব৷ অৰ্থাৎ প্ৰায় ১২ হাজাৰ নাচনী-ঢুলীয়াই একেখন মঞ্চতে প্ৰদৰ্শন কৰা বিহু নৃত্যই স্থান লাভ কৰিব গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলৰ বিয়লি অনুষ্ঠিত হ’বলগীয়া ১৫ মিনিটৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানটোত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ স্বাভাৱকিতেই সৰুসজাইৰ এই কাৰ্যসূচীকলৈ ঢুলীয়া-নাচনীৰ লগতে ৰজাঘৰৰো ব্যস্ততা অন্ত নাই৷ 

সোমবাৰে প্ৰতিখন জিলাৰে পৰা সৰ্বমুঠ ১১,১৪০ গৰাকী নাচনী-ঢুলীয়াই গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই মঙলবাৰে পুৱাৰে পৰা সৰুসজাইত বিহু নাচৰ বৰ আখৰা আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰলৈ প্ৰতিদিনাই বিহু নৃত্যৰ আখৰা হ’ব সৰুসজাইত৷ অৱশ্যে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠানটো উপভোগৰ বাবে ১০ হাজাৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে যদিও আসনৰ নাটনিৰ বাবে মঙলবাৰে বিয়লিৰে পৰা ৰাইজক আখৰা উপভোগৰো সুবিধা কৰি দিছে চৰকাৰে৷ অৱশ্যে দূৰ দূৰণিৰ পৰা অহা কিছু কিছু নাচনী-ঢুলীয়াৰ থকা-খোৱাৰ ব্যৱস্থাপনাত অসুবিধা হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতেই এই দিশটোক পৰিদৰ্শনৰ বাবে খোদ মুখ্যমন্ত্ৰী নিজেই মঙলবাৰে সৰুসজাইত উপস্থিত হৈ সকলো দিশ তদাৰক কৰে৷ অসমীয়াই বিশ্ব ৰেৰ্কড গঢ়িবলগীয়া অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হোৱাত সকলোৱে সহযোগিতা বিচাৰি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণকাৰী নাচনী-ঢুলীয়াসকলৰ বাবে ১৩ এপ্ৰিলত বিশেষ ঘোষণা কৰিব বুলিও জানিবলৈ দিয়ে৷ অৱশ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ অনুষ্ঠানটোৰ ব্যৱস্থাপনাক লৈ সকলোৱে সহযোগিতাৰ আহ্বান জনাই যদিও হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন কেবিনেট মন্ত্ৰীৰ উদ্ভট মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মঙলবাৰে নাচনী-ঢুলীয়া সকলৰ থকা-খোৱাৰ সা-সুবিধাৰ বুজ ল’বলৈ যোৱা মন্ত্ৰী অশোক সিংঘালক একাংশ ঢুলীয়াই থকা-খোৱাক লৈ ক্ষোভ ব্যক্ত কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়–‘ডাঙৰ অনুষ্ঠান হ’লে অসুবিধা হোৱাটো স্বাভাৱিক৷ বোকাৰ  গাহৰিক ফাইভ ষ্টাৰ হোটেলত ৰাখিলেও সি বোকালৈহে যায়৷ অসমত এতিয়া একাংশই কেৱল ‘নিগেটিভ’ চিন্তাহে কৰে৷’

সৰুসজাইত বিহুৱা-বিহুৱতীৰ বাবে বিশেষ চিকিৎসা ব্যৱস্থাপনা

সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলৰ বিয়লি বিশ্ব অভিলেখৰ লক্ষ্যৰে আয়োজিত সুবিশাল বিহুনৃত্য প্ৰদৰ্শন কাৰ্যসূচীৰ আখৰাত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলৰ স্বাস্থ্যৰ দিশটোত চকু ৰাখিবলৈ স্বাস্থ্য বিভাগে ষ্টেডিয়ামত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তদাৰকিতাত বিশেষ চিকিৎসা ব্যৱস্থাপনা কক্ষৰ ব্যৱস্থা কৰিছে৷ মঙলবাৰে দুপৰীয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ বিহুৱা-বিহুৱতীসকলক প্ৰয়োজন অনুসাৰে তাৎক্ষণিকভাৱে জৰুৰী চিকিৎসা উপলব্ধ কৰাব পৰাকৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা লোৱা ব্যৱস্থাৱলী পৰিদৰ্শন কৰে৷ ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব আবু লেইচ চৌধুৰী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচু্যত বৈশ্যক লগত লৈ বিভাগীয় মন্ত্ৰীজনে সৰুসজাই ষ্টেডিয়ামৰ বিশেষ চিকিৎসা ব্যৱস্থাপনা কক্ষৰ সা-সুবিধাসমূহ নিৰীক্ষণ কৰে৷ স্বাস্থ্যমন্ত্ৰীজনে আখৰাত ভাগ লোৱা বহুকেইগৰাকী বিহুৱা-বিহুৱতীৰে মত-বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়৷ তদুপৰি, জৰুৰীকালীন পৰিস্থিতিত প্ৰয়োজন হ’ব পৰা ঔষধ আদিৰ লগতে পৰ্যাপ্ত এম্বুলেন্সো ষ্টেডিয়ামৰ বিশেষ চিকিৎসা ব্যৱস্থাপনা কক্ষৰ সৈতে সাজু ৰখাৰ বাবেও মন্ত্ৰীজনে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলক দিহা দিয়ে৷ মন্ত্ৰী মহন্তই ইয়াৰ পাছতে ষ্টেডিয়ামত  বিহুৱা-বিহুৱতীসকলৰ বাবে সাজু কৰা খাদ্য ব্যৱস্থাপনাৰ দিশটোৰো চৰজমিন বুজ লয়৷