Logo
image

৫০ হাজাৰক নিযুক্তি দিবলৈ আহিব গৃহমন্ত্ৰী

আমাৰ অসম, ১২ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যৰ ৫০ হাজাৰ নিবনুৱাৰ হাতত চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিব অসম চৰকাৰে৷ পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটে এক লাখ চাকৰিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে ৬ মে’ত ৫০ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ বিতৰণৰ সিদ্ধান্ত লৈছিল যদিও গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠানটো ১১ মে’লৈ পিছুৱাই দিছে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ উজনি অসমৰ মাণ্ডলিক কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ এই নিযুক্তি মেলাৰ কথা ঘোষণা কৰে৷ আধাৰশিলা অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ২ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ তেনেদৰে, আত্মসহায়ক গোটৰ সদস্য মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা বাজেটত অন্তৰ্ভূক্ত কৰা হৈছে৷ অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতিমাহে লাভ কৰি অহা ধনৰাশিৰ পৰিমাণো ১৪০০টকালৈ বৃদ্ধি কৰা হ’ব৷ অহা ১১ মে’ত গুৱাহাটীত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ৰাজ্যখনৰ ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী পদত আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব৷ অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ ১২ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি ৰঙালী বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ সুদৃশ্য ৰাজ্যিক কাৰ্যালয় নিৰ্মাণৰ পাছত দলে ডিব্ৰুগড়ত মাণ্ডলিক কাৰ্যালয় নিৰ্মাণৰ দিশত আগবাঢ়িছে আৰু ১৮ মাহৰ ভিতৰত এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব৷ দলৰ জিলা পৰ্যায়ত বৰ্তমানলৈকে ২২টা কাৰ্যালয় নিৰ্মাণ হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে আন ৭টা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে৷ বন্দৰ, জাহাজ তথা জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, তপন কুমাৰ গগৈ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক মন্ত্ৰীসভাৰ বহুকেইজন সদস্য আৰু বিধায়ককে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷