Logo
image

গীনিজ বুকত আছে অসমৰে একাধিক চমকপ্ৰদ অভিলেখ

২০১৩ চনত তিতাবৰত ১৪,৮৩৩জনৰ খোলবাদনেৰে বিশ্ব অভিলেখ শংকৰ সংঘৰ

আমাৰ অসম, ১২ এপ্ৰিলঃ ঢোলৰ মাত শুনিলেই গা-মন উচাতন কৰা অসমীয়াৰ মন এইবাৰ উগুল-থুগুল৷ বিহুৰ প্ৰথমদিনাই কৰিবলগীয়া বিশ্বাভিলেখক লৈ এনে হোৱাৰে কথা৷ গৰু বিহুৰ দিনাই গুৱাহাটীত ১২ সহস্ৰাধিক গাভৰুৱে বিহু নাচি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমীয়াৰ বিহুৰ নাম লিপিবদ্ধ কৰাৰ বাসনাত এতিয়া ৰাজ্যৰ বিহুবলীয়া অসমীয়া উদগ্ৰীৱ৷ পিছে অসমীয়াৰ বাবে এয়াই প্ৰথম গীনিজ অভিলেখ নহয়৷ ইয়াৰ আগতেও অসমীয়াই গীনিজ বুকৰ অভিলেখৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিছে৷ অন্যাৰ্থত গীনিজ বুকত আছে অসমীয়াৰ একাধিক বিশ্বাভিলেখ৷ শেহতীয়াকৈ অসমে গীনিজ বুকৰ স্থান লাভ কৰিছিল লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি৷ মুঠতে ৪৩.৯৪ লাখ লোকে লাচিত বৰফুকনৰ বিষয়ে হাতেৰে ৰচনা লিখি যোৱা মাহত এই গীনিজ অভিলেখ স্থাপন কৰিছিল৷
অৱশ্যে ইয়াৰ পূৰ্বে ২০১৩ চনৰ ৬ জানুৱাৰীত কৰা গীনিজ অভিলেখো আছিল অতি তাৎপৰ্যপূৰ্ণ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনত সেইবাৰ মুঠ ১৪,৮৩৩জন খুলীয়াই একেলগে ১৫ মিনিট খোলবাদন কৰি গীনিজ বুকত অভিলেখৰ পৃষ্ঠাত নাম লিখিছিল৷ সেই অনুষ্ঠান হৈছিল যোৰহাট জিলাৰ তিতাবৰৰ মেজেংগা পথাৰত৷ মাটিৰে নিৰ্মিত আৰু হাতেৰে বজোৱা বাদ্য পূৰ্বে কেতিয়াও ইমানসংখ্যক লোকে একেলগে বজোৱা নছিল৷ আধ্যাত্মিক গীত গাই একেলগে ১৪,৮৩৩জন ব্যক্তিয়ে খোল বজোৱাৰ সেই দৃশ্য আছিল অভিনৱ আৰু সংখ্যাৰ জৰিয়তে সেই অনুষ্ঠানে গীনিজ বুকত অভিলেখ সৃষ্টি কৰিছিল৷ বেচৰকাৰীভাৱে এটা ধৰ্মীয় সংগঠনে সৃষ্টি কৰা সেই অভিলেখৰ অনুষ্ঠানত ব্যয় হৈছিল ১৪ লাখ টকা৷ নিখুঁতভাৱ সম্পন্ন হোৱা অনুষ্ঠানটোৰ আয়োজন আৰু ব্যয় সকলোখিনি চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে সম্পন্ন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই৷ উল্লেখ্য, একেটা অনুষ্ঠানৰ বাবে সমবেত হোৱা লোকে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ১ মিনিট ৫ ছেকেণ্ডত পৰিৱেশন কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান অৰ্জন কৰিছিল৷
আনহাতে, খালী ভৰিৰে দৌৰি অসমীয়া যুৱক অভিজিৎ বৰুৱাই গীনিজ বুকৰ অভিলেখ স্থাপন কৰি থৈছে৷ ২০২২ চনৰ ৩০ জানুৱাৰীত তেওঁ যোৰহাটৰ পৰা খালী ভৰিৰে একেৰাহে ২৪ ঘণ্টাত ১৯০ কিলোমিটাৰ দৌৰি এই অভিলেখ স্থাপন কৰিছিল৷