
ডিব্ৰুগড়ৰ জে’লত নিক্ষেপ অমৃতপালৰ ঘনিষ্ঠক
আমাৰ অসম, ১২ এপ্ৰিলঃ পঞ্জাৱৰ বিদ্ৰোহী খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ সহযোগী পাপলপ্ৰীত সিঙক সোমবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰেৰণ কৰিলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত মঙলবাৰে পাপলপ্ৰীতক বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ আনিলে পঞ্জাৱ আৰক্ষীয়ে৷ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে পাপলপ্ৰীতক পঞ্জাৱ আৰক্ষীৰ এটা দলে গতাই দিয়ে অসম আৰক্ষীক৷ দিনৰ প্ৰায় ১১.৪০ বজাত অমৃতসৰৰ পৰা ভিষ্টাৰা বিমানযোগে লৈ অনা হৈছিল ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সহযোগী পাপলপ্ৰীত সিঙক৷ যিহেতু সোমবাৰে অমৃতসৰ কাঠু নাঙাল নামৰ অঞ্চলৰ পৰা গোপন সূত্ৰে পম খেদি চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিছিল পাপলপ্ৰীতক৷ নিশাটো অমৃতসৰতে ৰখাৰ পাছতে বিমানযোগে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় পাপলপ্ৰীত সিঙক৷
ইফালে সংবাদ মাধ্যমৰ সন্মুখত পাপলপ্ৰীতক বক্তব্য দিয়াৰ পৰা বিৰত ৰাখে নিৰাপত্তাৰক্ষীয়ে৷ মন কৰিবলগীয়া যে, ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিং আৰু সহযোগী পাপলপ্ৰীত সিঙে পলাতক হৈ থকাৰ চিচি টিভি ফুটেজ লাভ কৰিছিল পঞ্জাৱ আৰক্ষীয়ে৷ সেই চিচি টিভি ফুটেজৰ ভিত্তিতে পঞ্জাৱ আৰক্ষীয়ে অভিযান চলাই পাপলপ্ৰীতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বৰ্তমানলৈকে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী বিদ্ৰোহী নেতাৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে৷ সোমবাৰে অমৃতপাল সিঙৰ অধিবক্তাৰ এটা দলে কাৰাবন্দী ৮ কয়দীক সাক্ষাৎ কৰি মতামত গ্ৰহণ কৰিছিল৷ উল্লেখ্য, পঞ্জাৱত পৃথক খালিস্তান দাবীৰে সন্ত্ৰাস চলোৱা ৯ কয়দীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে৷ আটাইকেইজন অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰৰ ১৩ নং চেলত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷
১৯ মাৰ্চত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা হৈছিল৷ দলজিৎ কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিঙক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ ২১ মাৰ্চত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পাছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ ইফালে আটাইকেইজন বিদ্ৰোহী নেতাক লৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত৷ অমৃতসৰৰ পৰা বায়ু সেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে অনা হৈছিল অমৃতপাল সিঙৰ দেহৰক্ষীক৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে পঞ্জাৱ আৰক্ষী আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়৷ সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰে-বাহিৰে গঢ়ি তোলা হৈছে নিচ্ছিদ্ৰ নিৰাপত্তা৷ মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ প্ৰায় ডজন কামাণ্ডো৷