Logo
image

আজিয়েই বিহুৰ অভিলেখ

১৪ এপ্ৰিলত মোদীৰ উপস্থিতিত গীনিজৰ প্ৰমাণপত্ৰ

আমাৰ অসম, ১৩ এপ্ৰিলঃ ঃ ১৩ এপ্ৰিল, ২৯ চ’ত৷ ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নতুনকৈ লিপিবদ্ধ হ’ব অসমৰ নাম৷ এই দিনটোতে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালীৰ বিহু নাচে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব৷ অসম চৰকাৰৰ লগতে ৰাজ্যবাসীয়ে অতি আগ্ৰহেৰে অপেক্ষাত থকা বিশ্ব অভিলেখৰ মধুৰ ক্ষণটোৰ সাক্ষী হ’ব সমগ্ৰ সৰুসজাই ষ্টেডিয়াম৷ অৱশ্যে পূৰ্বতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ১৪ এপ্ৰিলত বিহু নাচৰ অনুষ্ঠানটোৰ প্ৰস্তুতি চলোৱা হৈছিল যদিও বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰজনিত কাৰিকৰী অসুবিধাৰ বাবে ১৩ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামৰ নিৰ্দিষ্ট স্থানতে এই অনুষ্ঠানটো অনুষ্ঠিত হ’ব৷ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ কতৃৰ্পক্ষ উপস্থিত থাকিবলগীয়া বৃহস্পতিবাৰৰ এই অনুষ্ঠানটোত ৰাজ্যৰ ১১,১০৪জন ঢুলীয়া-নাচনীয়ে বিহু নৃত্য পৰিৱেশন কৰিব৷ অৱশ্যে একেটা অনুষ্ঠানতে অসমে দুটাকৈ বিশ্ব ৰেকৰ্ড গঢ়িব৷ বিহু নাচৰ সমান্তৰালভাৱে আন এটা শিতানত ঢোল বাদনৰো বিশ্ব ৰেকৰ্ড হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি কাইলৈ বিয়লি ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ নাচনী-ঢুলীয়াই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বিহু নাচ পৰিৱেশন কৰিব৷ 

এই ঐতিহাসিক ক্ষণটোৰ বাবে অসমবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাই নহয়, অংশগ্ৰহণকাৰী নাচনী-ঢুলীয়াসকলেও বিগত এমাহ ধৰি আখৰা কৰি আহিছে৷ বৃহস্পতিবাৰৰ বিহু নাচৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন মন্ত্ৰী-বিধেয়ক তথা বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকিব৷ ইতিমধ্যে গুৱাহাটীত বাহৰ পতা গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিয়ে কাইলৈৰ অনুষ্ঠানটোৰ সম্পূৰ্ণ ভিডিঅ’গ্ৰাফিও কৰিব৷ অৱশ্যে গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ বাবে বৃহস্পতিবাৰে বিহু নৃত্য পৰিৱেশন কৰিলেও ১৪ এপ্ৰিলতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত তুলি দিব গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কতৃৰ্পক্ষই বিশেষ প্ৰমাণ-পত্ৰখন৷ অৱশ্যে ১৪ এপ্ৰিলতো প্ৰধানমন্ত্ৰীৰ সন্মুখত পুনৰবাৰ ১১,১০৪জন ঢুলীয়া-নাচনীয়ে বিহু নৃত্য পৰিৱেশন কৰিব৷ আনহাতে কাইলৈৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠানটো উপভোগৰ বাবে কোনো প্ৰৱেশ-পত্ৰৰ প্ৰয়োজন নহ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

অৱশ্যে ১৪ এপ্ৰিলৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বিহু নাচ উপভোগৰ ক্ষেত্ৰত পাছ থকা লোককহে সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে৷ ইফালে, গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ এই অনুষ্ঠানটো উপভোগৰ বাবে ৰাজ্যবাসীৰ মাজত ‘পাছ’ক লৈ হেতা-ওপৰা লাগিছে৷ মঙলবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত টিকট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যদিও টিকট বিচাৰি হাজাৰ হাজাৰ লোকৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়৷ সৰুসজাইৰ ষ্টেডিয়ামৰ ১০ হাজাৰ আসনৰ বিপৰীতে ৰাইজৰ বাবে বিনামূলীয়া পাছৰ ব্যৱস্থা কৰিলেও প্ৰথম দিনা মাত্ৰ ২০০০ লোককহে পাছ দিবলৈ সক্ষম হয়৷ অৱশ্যে মঙলবাৰে সন্ধিয়াৰ লগে লগে কলাক্ষেত্ৰৰ টিকট কাউণ্টাৰ বন্ধ কৰি দিলেও বুধবাৰে পুৱতি নিশা ২ বজাৰ পৰা টিকট বিচাৰি একাংশ লোকে কলাক্ষেত্ৰত শাৰী পতা পৰিলক্ষিত হয়৷ গুৱাহাটীৰ স্থানীয় লোকৰ লগতে শদিয়া-মাজুলী আদি স্থানৰ পৰা নৈশ বাছত অহা বিহুপ্ৰেমী বহু সংখ্যক লোকে পুৱা বাছৰ পৰা নামিয়েই পোনে পোনে কলাক্ষেত্ৰলৈ টিকটৰ বাবে ঢপলিয়াই অহা দেখা যায়৷ ইফালে বুধবাৰে সন্ধিয়া ভাগলৈ কলাক্ষেত্ৰ কৰ্তৃপক্ষই নিৰ্ধাৰিত প্ৰৱেশ-পত্ৰ বিতৰণ শেষ হোৱা বুলি জানিবলৈ দিয়ে৷ অনকি বৃহস্পতিবাৰে কলাক্ষেত্ৰত কোনো পাছ দিয়া নহয় বুলিও স্পষ্ট কৰি দিছে কৰ্তৃপক্ষই৷ লক্ষণীয়ভাৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰতিজন নাচনী-ঢুলীয়াকে অতিৰিক্ত ২৫ হাজাৰ টকাকৈ উপহাৰ দিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷