Logo
image

বিস্ফোৰণত আহত ‘খলনায়ক’

আমাৰ অসম, ১৩ এপ্ৰিলঃ শ্বুটিঙত একচন দৃশ্যত অভিনয় কৰাৰ সময়ত সংঘটিত বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে সঞ্জয় দত্ত৷ কানাড়া ছবি কেডি-ৰ শ্বুটিং চলি থকাৰ সময়ত ছবিৰ একচন দৃশ্যৰ প্ৰয়োজনত সংঘটিত কৰা বিস্ফোৰণত মুখ, হাত আৰু চকুত আঘাত পাইছে সঞ্জয় দত্তই৷ বুধবাৰে বেংগালুৰুৰ সমীপৰ মাগাৰি ৰোড অঞ্চলত কেডি নামৰ কানাড়া ছবিখনৰ শ্বুটিং হৈ আছিল আৰু তাৰে এটা একচন দৃশ্যত ভাগ লৈছিল বলীউডৰ তাৰকাজনে৷ ছবিৰ ইউনিটে সবিশেষ নজনালেও সঞ্জয় দত্তৰ আঘাত নিচেই সামান্য নহয় বুলি প্ৰকাশ৷ সঞ্জয় দত্ত বিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়৷ তেওঁক শ্বুটিংস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়লৈ নিয়া হয়৷ সঞ্জয় দত্তই এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে৷ ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছে মাৰ্টিন-খ্যাত দক্ষিণৰ তাৰকা ধ্ৰুব ছাৰজাই৷ তেওঁ সুস্থ হৈ নুঠালৈকে ছবিৰ শ্বুটিং বন্ধ ৰখা হ’ব বুলি ঘোষণা কৰা হৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে সঞ্জয় দত্তই কেজিএফ চেপ্টাৰ-ৰ আৰু কেডিএফ চেপ্টাৰ-২ নামৰ দক্ষিণৰ ছবিত অভিনয় কৰিছিল৷ কেডি নামৰ ছবিখন কানাড়া ভাষাৰ উপৰি তামিল, তেলুগু, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি দিয়া হ’ব৷