Logo
image

স্বেচ্ছা অৱসৰ বিচাৰিছে হাজেলাই

আমাৰ অসম, ১৩ এপ্ৰিলঃ ৰাজ্যৰ এসময়ৰ প্ৰভাৱশালী আমোলা তথা সবাতোকৈ চৰ্চাত থকা আই এ এছ বিষয়া প্ৰতীক হাজেলাই স্বেচ্ছামূলক অৱসৰ বিচাৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলই স্বেচ্ছামূলক অৱসৰৰ বাবে ইতিমধ্যে অসম চৰকাৰক আবেদন জনাইছে৷ চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছতেই উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰতীক হাজেলাক কেন্দ্ৰীয় ডেপুটেশ্বনত ৩ বছৰৰ বাবে গৃহ ৰাজ্য  মধ্যপ্ৰদেশলৈ বদলি কৰিছিল৷ বিগত ৩১ মাৰ্চত উক্ত তিনিবছৰীয়া কাৰ্যকাল অন্ত পৰাত হাজেলাক অসমলৈ ঘূৰাই পঠাইছিল মধ্য প্ৰদেশ চৰকাৰে৷

লক্ষণীয়ভাৱে ২০১৯ চনৰ ১ নৱেম্বৰৰ পৰা মধ্যপ্ৰদেশত ডেপুটেশ্বনত থকা প্ৰতীক হাজেলাই ডেপুটেশ্বনৰ ম্যাদ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছিল যদিও ডেপুটেশ্বনৰ ম্যাদ বৃদ্ধি নকৰিলে কেন্দ্ৰই৷ ইফালে ১৯৯৫ বেট্‌ছৰ অসম-মেঘালয়ৰ কেডাৰৰ আই এ এছ বিষয়াজনক অসমলৈ ঘূৰাই পঠোৱাৰ খবৰক লৈ অসমৰ একাংশ লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ এই প্ৰতিক্ৰিয়াৰ পাছতেই প্ৰতীক হাজেলাই পহিলা এপ্ৰিলত ই-মেইলযোগে স্বেচ্ছামূলক অৱসৰ বিচাৰি অসম চৰকাৰৰ পাৰ্চনেল বিভাগলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে৷ বৰ্তমান অসম চৰকাৰৰ বিবেচনাত আছে প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদনৰ ফাইলটো৷ লক্ষণীয়ভাৱে প্ৰতীক হাজেলাই অসম ত্যাগ কৰাৰ পাছতেই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তুলি কেইবাখনো এজাহাৰ দাখিল হৈছিল৷ আনকি চি বি আইকো হাজেলাৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছিল৷ তদুপৰি এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মায়ো অৱসৰৰ পাছত হাজেলাৰ বিৰুদ্ধে অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দিয়া দেখা গৈছিল৷ 

ইফালে, প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘প্ৰতীক হাজেলা অসম চৰকাৰৰ এজন বিষয়া৷ তেওঁ আহি যদি কাম কৰিব নিবিচাৰে আমি কিয় দৰমহা দি থাকিম৷ যদিহে ভি আৰ এছ বিচাৰিছে, তেতিয়া যাব পাৰিব৷ কিন্তু যি দিনাই পুলিচে তেওঁক মাতিব সেইদিনাই তেওঁ আহিব লাগিব৷ ইতিমধ্যে হাজেলাৰ বিৰুদ্ধে থকা অভিযোগৰ সন্দৰ্ভত ডাইৰেক্টৰেট অৱ ইকন’মিক অ’ফেন্সত আনুষ্ঠানিকভাৱে এজাহাৰ পঞ্জীয়ন কৰা হৈছে৷ ভি আৰ এছ আৰু গোচৰৰ তদন্ত সুকীয়া বিষয়৷ প্ৰতীক হাজেলাক যিটো বিভাগ দিম সেইটোতে নিউজ ওলাব৷ যদি উদ্যোগ বা স্বাস্থ্য বিভাগক দায়িত্ব দিও তাতো এন আৰ চি বেয়া কৰি এইবাৰ উদ্যোগ, স্বাস্থ্য বিভাগ বেয়া কৰিব বিচাৰিছে বুলি ক’ব৷ গতিকে সঁচায়ে যদি তেওঁ ভি আৰ এছ লয়, তেতিয়া অসমীয়া জাতিৰ বিজয় হ’ব৷ এইক্ষেত্ৰত অভিজিৎ শৰ্মাকো ধন্যবাদ জনাম৷