Logo
image

পৰীক্ষাৰ দুসপ্তাহতে এপিএছচি প্ৰাৰম্ভিকৰ ফলাফল ঘোষণা

আমাৰ অসম, ১৩ এপ্ৰিলঃ দুসপ্তাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰি বিৰল নিদৰ্শন দাঙি ধৰিছে অসম লোকসেৱা আয়োগে৷ বুধবাৰে লোকসেৱা আয়োগে ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ এইবাৰ ৯১৩টা পদৰ বিপৰীতে ২৬ মাৰ্চত এপিএছচিয়ে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে ৭৪,৩৬৮জন প্ৰাৰ্থীয়ে আবেদন জনাইছিল যদিও প্ৰায় ৫০ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ২৬ মাৰ্চত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱা এপষেকৰ ভিতৰতে বুধবাৰে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে৷ ইউপিএছচি আৰ্হিত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত মুঠ ১০,১৪৮জন প্ৰাৰ্থীক মূল পৰীক্ষালৈ বাছনি কৰিছে৷ ইয়াৰ ভিতৰত ৭,২৯৬জন পুৰুষ আৰু ২,৮৫২গৰাকী মহিলা প্ৰাৰ্থী আছে৷ এপিএছচিয়ে প্ৰকাশ কৰা অনুসৰি ৪৭৫টা অসংৰক্ষিত পদৰ বিপৰীতে মূল পৰীক্ষালৈ বাছনি লাভ কৰিছে ৫,২৮২জন প্ৰাৰ্থীয়ে৷ তদুপৰি ২৪০টা অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষিত পদৰ বিপৰীতে ২,৬৬৫জন, অনুসূচীত জাতিৰ ৫৮টা পদৰ বিপৰীতে ৬৪৫জন, অনুসূচিত জনজাতিৰ (ভৈয়াম) ৯৮টা পদৰ বিপৰীতে ১,০৯১জন, অনুসূচিত জনজাতিৰ (পাৰ্বত্য) ৪২টা পদৰ বিপৰীতে ৪৬৫জন, বিশেষভাৱে সক্ষমৰ বাবে সংৰক্ষিত ৩৫টা পদৰ বিপৰীতে ২১৪জন আৰু প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত ২৬টা পদৰ বিপৰীতে ৬৫জন প্ৰাৰ্থীক মূল পৰীক্ষালৈ বাছনি কৰিছে৷ 

লোকসেৱা আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ জুনত অনুষ্ঠিত হ’ব মূল পৰীক্ষা৷ লক্ষণীয়ভাৱে বুধবাৰে এপিএছচিয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে যদিও কাট অৱ মাৰ্ক ৰাজহুৱা কৰা দেখা নগ’ল৷ তদুপৰি প্ৰাৰম্ভিক পৰীক্ষাৰ পাছতেই ‘এনছাৰ কী’ ৰাজহুৱা কৰি পৰীক্ষাৰ্থীৰ পৰা নিৰ্দিষ্ট উত্তৰক লৈ আপত্তি থাকিলে অভিযোগ দিবলৈ আহ্বান জনাইছিল এপিএছচিয়ে৷ কিন্তু প্ৰাৰম্ভিক পৰীক্ষাৰ জিএছ-ৰ প্ৰশ্নকাকতত প্ৰায় ৩টা এনছাৰ কী অশুদ্ধ থকা বুলি অভিযোগ কৰিছিল একাংশ পৰীক্ষাৰ্থীয়ে৷ একেদৰে জিএছ-২ পেপাৰৰ এনছাৰ কীক লৈও আপত্তি আছিল একাংশ প্ৰাৰ্থীৰ৷ কিন্তু এপিএছচি কতৃৰ্পক্ষই ফলাফলৰ সমান্তৰালভাৱে চূড়ান্ত এনছাৰ কী ৰাজহুৱা নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো পূৰ্বে এপিএছচি পৰীক্ষাত এনছাৰ কী শুদ্ধ কৰাৰ পাছতো বহু ভুল ৰৈ যোৱাৰ তথ্য উচ্ছ ন্যায়ালয়ৰ মজিয়াত উন্মোচন হৈছিল৷ সেয়েহে অসম লোকসেৱা আয়োগক স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰি তাৎক্ষণিকভাৱে চূড়ান্ত এনছাৰ কী ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে একাংশ প্ৰাৰ্থীয়ে৷