Logo
image

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ১৭ টা প্ৰশ্ন মীৰা বৰঠাকুৰ গোস্বামীৰ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,১৩ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি  ১৭ টা প্ৰশ্নৰ উত্তৰ বিচাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন  কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামীয়ে। তেওঁ কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমনক স্বাগতম জনোৱাৰ সমান্তৰাল ভাবে কেইটামান তেওঁক ২০১৪ চনত অসম বাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰিছোঁ। —- অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত তেওঁ কৈছিল -১৬মে'ৰ পাছত সকলো বিদেশী টালি টোপোলা বান্ধি যাব লাগিব ! কিন্তু 'কা' আনি সমস্যা স্থায়ীহে কৰিলে !

তেওঁক সুধিব বিচাৰিছোঁ বিদেশী সমস্যা সমাধান হ'ল নেকি ? বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাতো বাদেই আপুনি বিগত সময়চোৱাত এবাৰো বানপানীত ক্ষতিগ্ৰস্ত এলেকা পৰিভ্ৰমন কৰাতো দৃষ্টিগোচৰ নহ'ল আৰু অন্য ৰাজ্যতকৈ অসমক মাহী আইৰ দৃষ্টিৰেহে চালে !বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কেতিয়া সমাধান হ'ব ? অসমৰ আজি তাৰিখৰ আন এক জলন্ত সমস্যা হ'ল সীমা সমস্যা ! মেঘালয় , অৰুনাচল, নাগালেণ্ড ,মিজোৰাম সকলোতে আমাৰ স্থানীয়লোকে অনিদ্ৰাত ৰাতি কটাব লগিয়া হয় আৰু আৰক্ষী জোৱানে প্ৰাণ দিব লগা হয় ? উত্তৰ আছেনে ?

 অসম চুক্তিৰ ৬নং দফা কিয় অগ্ৰাহ্য কৰা হ'ল ? ছয় জনগোস্থীৰ জনজাতিকৰণ কিয় কথা দি কথা নাৰাখিলে ? উত্তৰ আছেনে ?এন আৰ চি  ক লৈ কিয় এটা শব্দও শুনিবলৈ নাপালো ? 

বছৰি ২ কোটি চাকৰি কেন্দ্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ২৫ লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল , কিয় যুৱপ্ৰজন্মৰ ভৱিস্যত সপোনক লৈ ফাকি দিলে ? নে বছৰি ২ কোটি আৰু ২৫ লাখ চাকৰি দিলে উত্তৰ লাগে । মূল্যবৃদ্ধি বৰ্তমান সকলোৰে বাবে এক জলন্ত সমস্যা ! মূল্যবৃদ্ধিৰ ওপৰত আপুনি ম শব্দটোও লোৱা দেখা নাই ? পেট্ৰল , ডিজেল , গেছ , মেডিচিন এইবোৰ বস্তুৰ দাম কমাব কেতিয়া পাৰিব ? উত্তৰ লাগে ? বেটি বচাও বেটি পঢাঁও আচনিৰ নামত সৰ্বতে আভুৱা ভৰা হ'ল কাৰণ প্ৰায় ৭ হাজাৰ স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৩ হাজাৰ স্কুল অসমত বন্ধ হ'বলৈ গৈ আছে , তেনে স্থলত আমাৰ সাধাৰণ খাটিখোৱা লোকৰ ল'ৰা ছোৱালীয়ে ক'ত পঢিব ? এই আঁচনি প্ৰহসনত পৰিণত নহ'লনে ?  উত্তৰ লাগে ?

 নাৰী সমৃদ্ধি , সুকন্যা , কোমল জীৱন এইবোৰ আচনিৰ বাবে অতি কষ্টোপাৰ্জিত সাধাৰণ জনতাৰ ধন কিয় আপুনি এল আই চি/এছ বি আই আদানিক দি এছ বি আইI আৰু এল আই চি  ক নিশকটীয়া কৰিলে উত্তৰ লাগে ?অসমৰ পৰা ৰাইজৰ অজ্ঞাতে কিয় ১২ খন যাত্ৰীবাহী ট্ৰেইন বন্ধ কৰিলে ? 'এ' ফৰ আছাম' বুলি ডিঙিত গামোচা লৈ আৱেগ সৃষ্টি কৰি উন্নয়ণৰ পৰিবৰ্তে ২৭ খনকৈ টোলগেট দি অতিৰিক্ত মাচুলৰে অসমৰ জনতাক মাধমাৰ দিছে ? উত্তৰ লাগে ? এডভান্টজ আসামৰ নামত কিমান অসমলৈ বিনিয়োগ আহিল আৰু টুইন টাৱাৰ কত গ'ল ? স্মাৰ্ট চিটিৰ নামত অহা ৪০০ কোটি টকা স্মাৰ্ট চিটিৰ কাম নকৰি বেংকত জমা থৈ অসম চৰকাৰে সূদ খাই মুনাফা লৈছে , আপুনি কিয় নিমাত ?আপোনাৰ আদৰ্শ গাওঁ আচঁনি প্ৰহসনত পৰিণত হ'ল নিমাত কিয় ? 

অষ্টলক্ষ্মী বুলি কৈ আপুনিহে অসমক লক্ষ্মী দিয়াৰ পৰিৱৰ্তে অসমৰ তেল , গেছ , চাহ তলে তলে বহিৰাজ্যৰ বনিয়াক হস্তগত কৰি অসমক নিশকটীয়া কৰি ১লাখ ৩২ হাজাৰ কোটিৰ ধাৰৰ বোজা দিলে আৰু ১০০ কোটি টকাৰে বিহু পাতিছে ৰাইজৰ টকাৰে আমি আপত্তি কৰা নাই কিন্তু জাগীৰোড , পাচগ্ৰাম কাগজ কল দুটা সক্ষম কিয় কৰিব নোৱাৰিলে ? উত্তৰ লাগে ?

নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি সংকিত কাৰণ যিদিনা বিলকিছ বানুৰ বলৎকাৰীক ফুলৰ মালৰে আদৰি মন্চত আতিথ্য দিয়া গ'ল তেতিয়াই বুজিলো কিমান ভাৰতত নাৰী সুৰক্ষিত ? শেষত এটা প্ৰশ্ন নুসুধিলে আধৰুৱা হব দূৰ্নিতীৰ নামত শূন্য সহনশীল বুলি জাহিৰ কৰা আপোনাৰ কাৰ্যকালত আদানি , ললিত মোডী, মেহুল ভাই, লুই বাৰ্জাৰ , সাৰদা এইবোৰৰ ক্ষেত্ৰত নীৰৱ কিয় ? আদানিৰ ২০ হাজাৰ কোটিৰ তদন্তৰ ক্ষেত্ৰত জে পি চি ৰ অনুমতি নিদিয়ে কিয় ? তদুপৰি ১০০ কৌটি টকা খৰচেৰে বিহুৰ বিশ্বৰেকৰ্ড কৰিব বিচৰা এইখন চৰকাৰে বিহুৰ বিশ্বৰেকৰ্ডৰ বাবে অহা দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীক চৰকাৰী সংস্থাপন দিবলৈ আমি দাবী জনালোঁ। তেতিয়াহে তেওঁলোকক প্ৰাপ্য সন্মান দিয়া হ'ব। '