Logo
image

প্রধানমন্ত্ৰীৰ অসম ভ্ৰমনৰ সময়ত গুৱাহাটীত যান বাহনৰ গতি পথ সাল সলনি

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদক,১৩ এপ্ৰিল : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্রমণক লৈ গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণক লৈ গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। কালি এক সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আনুষ্ঠানিকভাবে এই কথা সদৰি কৰে। সংবাদমেলত আৰক্ষী আয়ুক্ত বৰাই ১৩ আৰু ১৪ এপ্ৰিলত বহিঃৰাজ্যলৈ যাবলগীয়া উজনি আৰু নামনি অসমৰ পৰা অহা গধুৰ যান-বাহনসমূহ গুৱাহাটীৰ মাজেৰে চলাচল নকৰিবলৈ আহ্বান জনায়। উজনি অসমৰ পৰা অহা গধুৰ যানবাহনসমূহ কলীয়া ভোমোৰা তেজপৰ-মঙলদৈ হৈ চলাচল কৰিবলৈ আহ্বান জানায়। নামনি অসমৰ পৰা অহা বাহনসমূহকো বৰপেটা- নলবাৰী-বাইহাটা হৈ চলাচল কৰিবলৈ আহ্বান জনায়। ১৩ আৰু ১৪ এপ্রিলত জৰুৰী সেবাৰ বাহনৰ বাহিৰে গধুৰ আৰু অন্যান্য বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ১৩ এপ্রিল পুরা ৯ বজাৰ পৰা নিশা ১১ বজালৈ আৰু ১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা  নিশা ১১ বজালৈ এই পথ নির্দেশনা মানি চলিব লাগিব ।


কোনটো পথ নিষেধাজ্ঞা কৰা হৈছে : -----

১/ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চাৰি চকীয়া ওপৰৰ যান বাহন সমূহ  ১৩ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা নিশা ১১ বজালৈ আৰু ১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বলালৈ এই পথ গাড়ী চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

২/ বাণিজ্যিক সামগ্রী কঢ়িওৱা চাৰিচকীয়া বা তাতোধিক চকাৰ বাহন সমূহ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত  নিষিদ্ধ কৰা হৈছে।

৩/ ১৪ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈকে বাণিজ্যিক সামগ্রী টিওৱা তিনিচকীয়া বাহন পাঞ্জাবাৰী ৰোড, জিএছৰোড, বি বৰুৱা ৰোড , এনবি ৰোড, এম জি ৰোড, বিজিৰোড, এটিৰোড, এ কে আজাদ ৰোড , কে দেব ৰোড আৰু বি কে কাকতি ৰোডত চলাচল কৰিব নোৱাৰিব।  চাইকেল ফেক্টৰীৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে আহা বাহনসমূহৰ সৰুসজাই ষ্টেডিয়ামলৈ অহা বাহনসমূহৰ বাহিৰে আন বাহনসমূহ ১৪ এপ্ৰিলৰ দিনা পুৱা ১০ বজাৰ পৰা নিশা বলালৈ বৰ্ষাপাৰা, ধীরেনপাৰা হৈ গড়চুক চাৰিআলিৰে চলাচল কৰিব লাগিব।

৪। কাহিলিপাৰা-দক্ষিণগাঁওৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে অহা বাহনসমূহৰ ভিতৰত সৰুসজাই ষ্টেডিয়ামলৈ অহা বাহনসমূহৰ বাহিৰে আন বাহনসমূহ বর্ষাপাৰা, ধীৰেনপাৰা, গড়চুক চাৰিআলি হৈ চলাচল কৰিব লাগিব।

৫/ জালুকবাৰীৰ পৰা যোৰাবাট, সোণাপুৰ দিশলৈ যোৱা বাহনসমূহৰ ভিতৰত  সৰুসজাই ষ্টেডিয়ামলৈ যোৱা বাহনৰ বাহিৰে আন বাহনসমূহ ভিজি ৰোড এমজি ৰোড, জিএছ ৰোডত ১৪ এপ্রিলৰ দিনা দিনৰ ১২.৩০ বজাৰ পৰা নিশা ১১ বজালৈকে চলাচল কৰিব পাৰিব।

৬। যোৰাবাটৰ পৰা জালুকবাৰীৰ দিশে তাহা বাহনসমূহ ছিএছ ৰোড, এম জি ৰোড, এটি ৰোড হৈ দিনৰ ১২:৩০ বজাৰ পৰা নিশা ৯ বজালৈ চলাচল কৰিব লাগিব।