Logo
image

আপৰ আশংকাঃ গ্ৰেপ্তাৰ কৰিব পাৰে কেজৰিৱালক

ডিজিটেলল ডেস্কঃ আবকাৰী নীতি কেলেংকাৰী গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰৰ পিছত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মাৰাথান জেৰা অব্যাহত ৰাখিছে চি বি আয়ে৷ আবকাৰী গোচৰত কিছুদিন পূৰ্বে সোধা-পোছাৰ বাবে কেজৰিৱালক চি বি আইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী দিয়াৰ পিছতে দেওবাৰে চি বি আইৰ জেৰাৰ সন্মুখীন হয় কেজৰিৱাল৷ ইফালে কেজৰিৱালক জেৰা অব্যাহত ৰখাৰ মাজতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ আশংকা কৰিছে আম আদমী পাৰ্টীয়ে৷ এই আশংকাৰ পিছতেই আম আদমী পাৰ্টিৰ দিল্লীৰ আহ্বায়ক গোপাল ৰায়ে দলীয় কাৰ্যালয়ত এখন জৰুৰী বৈঠক আহ্বান কৰে৷

চি বি আয়ে অৰবিন্দ কেজৰিৱালক জেৰা অব্য়াহত ৰখাৰ সময়তে মোদী চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমী পাৰ্টীয়ে৷ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি পঞ্জাবৰ কেবিনেট মন্ত্ৰী কুলদীপ সিং ধালিৱালই কয় যে মোদী চৰকাৰে চি বি আইৰ লগতে দেশৰ আন তদন্তকাৰী সংস্থাসমূহক নিজ ইচ্ছানুসাৰে ব্যৱহাৰ কৰি আছে৷ যিটো গণতন্ত্ৰৰ বাবে বিপদজনক। তেওঁ লগতে কয় যে অৰবিন্দ কেজৰিৱাল এজন নিৰ্ভীক, কট্টৰ সৎ নেতা হোৱাৰ লগতে দেশপ্ৰেমী৷ সেয়েহে তেওঁ এনে কোনো কৌশলক ভয় নকৰে।

গুৱাহাটীতো অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আপৰ দলীয় কৰ্মকৰ্তাসকলে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ লগতে পৰৱৰ্তী সময়ত আটক কৰি চচললৈ লৈ যায়৷ ইফালে দিল্লীত চি বি আইৰ মুখ্য কাৰ্যালয়ৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে। ১৪৪ ধাৰা জাৰি কৰা স্থানত প্ৰতিবাদ সাব্যস্ত কৰিলে ব্যৱস্থা গ্ৰহণৰো সকীয়নি দিছে দিল্লী আৰক্ষীয়ে৷ আপৰ মুখ্য কাৰ্যালয়ৰ পৰা চি বি আইৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ পথত দিল্লী আৰক্ষীৰ উপৰি বৃহক সংখ্যক অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷