Logo
image

কাজিৰঙাত ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা চোৰাং চিকাৰীক এনকাউণ্টাৰৰ সন্দেহ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়ৰ খড়্গ আৰক্ষী আৰু বন বিভাগৰ লোকে প্ৰায় এমাহ দিনৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিধন কৰা গঁড়ৰ খড়্গৰ লগতে এটা চোৰাং চিকাৰীকো কৰায়ত্ব কৰিছিল যদিও আৰক্ষীৰ জিম্মাৰ পৰা চোৰাং চিকাৰীটোৱে পলায়ন কৰে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা বন শিবিৰ এলেকাৰ বৰমাৰ বিলত যোৱা ২৬ মাৰ্চত বনকৰ্মীয়ে এটা খড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰিছিল। কাজিৰঙাৰ বনকৰ্মীয়ে কোনো সম্ভেদ নোপোৱাকৈ চোৰাং চিকাৰীয়ে গঁড়টো নিধন কৰি খড়্গ কাটি নিছিল। এইটোৱেই আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বছৰৰ প্ৰথমটো গঁড়হত্যা কাণ্ড।

এই ঘটনাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ পৰা আৰম্ভ কৰি বন বিভাগৰ লোকে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইফালে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীৰ দ্বাৰা গঠিত বিশেষ সুৰক্ষা বাহিনীৰ কাজিৰঙাস্থ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিধন কৰা গঁড়ৰ খড়্গটোৰ সৈতে এটা চোৰাং চিকাৰীক কৰায়ত্ব কৰা হয়। আৰক্ষীৰ বিশেষ সুৰক্ষা বাহিনীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ নেতৃত্বত এক গুপন সূত্ৰৰ পম খেদি দুদিন পূৰ্বে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ সৈতে যোৱা আৰক্ষীৰ দলৰ সহযোগত মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ হাবুল চৰৰ পৰা চৈদুল ইছলাম (৩৮) নামৰ এটা চোৰাং চিকাৰীক কৰায়ত্ব কৰে। ধৃত চোৰাং চিকাৰীটোৰ পৰা ৭৪৯ গ্ৰাম ওজনৰ এটা খড়্গ, ৫০ হাজাৰ নগদ ধনসহ তিনিখন মটৰ চাইকেল আৰু এটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰে। ধৃত চোৰাং চিকাৰীটোৱে দিয়া তথ্য মতে এটা থ্ৰী নট থ্ৰী ৰাইফলেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত গঁড়টো হত্যা কৰি উক্ত বনাঞ্চলৰ চাইফুল টাপুত লুকুৱাই থৈছিল ৰাইফলটো। চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত সেইদিনাইআৰক্ষী আৰু বন বিভাগৰ এটা দলে  ধৃত চোৰাং চিকাৰীটোক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ২৬ মাৰ্চত সংঘটিত হোৱা গঁড় নিধন ঘটনাস্থলীৰ কাষৰীয়া অৰ্থাৎ বন্দুক লুকুৱাই থোৱা স্থানলৈ নিওঁতে ধৃত চিকাৰীটোৱে আন্ধাৰৰ সুযোগ লৈ ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰে। 

ইফালে পলাতক চোৰাং চিকাৰীটোৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত দেওবাৰৰ পৰা অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত ব্ৰহ্মপুত্ৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বাতৰি লিখা পৰলৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ পৰিচয় চিনাক্ত কৰা নাই৷