Logo
image

নাৰেংগী সেনা ছাউনীত ৭৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ একতা আৰু গৌৰৱৰ প্ৰতীক স্বৰূপ ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনী চৌহদৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা 'ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়া'ৰ পৃষ্ঠপোষকতাত ৭৫ ফুট উচ্চতাত স্থাপন কৰা হৈছে এখন ৰাষ্ট্ৰীয় পতাকা। 

১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। জেনেৰেল কলিতাই উপস্থিত ৩০০ বিষয়া-জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক, এন চি চি কেডেট আৰু চৌহদৰ অসামৰিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ অনুষ্ঠানত ভাৰতীয় সেনাৰ ১০১ এৰিয়াৰ ভাৰপ্ৰাপ্ত জি অ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অসীম কোহলি, সভাপতি নবীন জিন্দাল উপস্থিত থাকে ।