Logo
image

প্ৰসংগঃ মালিগাঁও হত্যাকাণ্ড, পশ্চিম বংগলৈ পলায়নৰ চেষ্টা চলাওঁতেই অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গোসাঁইগাঁওঃ গুৱাহাটীৰ মালিগাঁৱত শনিবাৰে নিশা ভৃগু কাশ্যপৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়তে সামান্য কথাক কেন্দ্ৰ কৰি সৃষ্টি হয় কাজিয়া।এই কাজিয়াই পৰৱৰ্তী সময়ত লয় ভয়ংকৰ ৰূপ। এজন যুৱকক নৃশংসভাৱে হত্যা কৰি পেলায় দিয়ে। দেওবাৰে পুৱা উক্ত সাংস্কৃতিক অনুষ্ঠানৰ নিচেই কাষত উদ্ধাৰ হয় মৃতদেহ। উক্ত  চাঞ্চল্যকৰ তথা নৃশংস  হত্যাকাণ্ডৰ অভিযুক্ত ৰবিউল আলীয়ে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত আত্মগোপন কৰিবলৈ যাওঁতেই গোলকগঞ্জ আৰক্ষীৰ জালত পৰে। মালিগাঁৱৰ বিহু অনুষ্ঠান চলি থকাৰ সময়তেই হত্যাকাণ্ড সংঘটিত কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ  ৰবিউল আলীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰি পশ্চিম বংগলৈ যাবলৈ ৰাতিয়েই এখন বাছত উঠে ৰবিউল। পুৱা বাছৰ পৰা  গৌৰীপুৰত নামে আৰু পিছত বংগত আত্মগোপন কৰাৰ পৰিকল্পনা কৰে। ৰবিউল গৌৰীপুৰৰ পৰা টেম্পোৰে পশ্চিম বংগলৈ পলায়ন কৰাৰ সময়তে গোলকগঞ্জ আৰক্ষীৰ জালত পৰে। গোলোকগঞ্জৰ নান্দনিৰপাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গোলোকগঞ্জ থানাৰ আৰক্ষী বিষয়া  প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে হত্যাকাণ্ডৰ অভিযুক্ত ৰবিউলক । ৰবিউলৰ ঘৰ গোলোকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাঝেৰচৰত বুলি জানিব পৰা গৈছে । যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত হত্যাৰ সৈতে জড়িত আন অভিযুক্তৰ তথ্য পোহৰ লৈ আহিব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে। যুৱকজনৰ পৰা ইতিমধ্যে আৰক্ষী বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।