Logo
image

কৰ্ণাটকত বিজেপিত খহনীয়াঃ এতিয়ালৈকে ৮ জন জ্যেষ্ঠ বিজেপি নেতাৰ দল ত্যাগ, কংগ্ৰেছত যোগদান

ডিজিটেল ডেস্কঃ সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন৷ ইয়াৰ লগে লগে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি৷ আৰম্ভ হৈছে দলত্যাগৰ ৰাজনীতি৷ নিৰ্বাচনৰ পূৰ্বে খহনীয়া আৰম্ভ হৈছে বিজেপিত৷ ইজনৰ পিছত সিজন জ্যেষ্ঠ বিজেপি নেতাই দলত্যাগ কৰিছে৷ এতিয়ালৈকে মুঠ ৮ জন জ্যেষ্ঠ বিজেপি নেতাই দল ত্যাগ কৰিছে৷ ইফালে এতিয়াও বহুকেইজন জ্যেষ্ঠ নেতাই দলীয় কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকেও দল ত্যাগ কৰিব বুলি চৰ্চা চলিছে৷ এই নেতাসকলৰ তালিকাৰ শীৰ্ষত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা জগদীশ শ্বেট্টাৰৰ নাম।

বিগত কেইদিনমানত বিজেপিৰ ৮ জন জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি কংগ্ৰেছ আৰু জে ডি এমত যোগদান কৰে। দল ত্যাগ কৰা নেতাসকলৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ বিধায়কসকলো অন্তৰ্ভুক্ত আছে। 

নিৰ্বাচনৰ পূৰ্বে বিজেপিক মোক্ষম আঘাত দি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী লক্ষ্মণ সাবাদীয়ে ১৪ এপ্ৰিলত কংগ্ৰেছত যোগদান কৰে। ইয়াৰ পূৰ্বে, প্ৰাক্তন বিধায়ক ডি পি নাৰিবোল, বৰ্তমানৰ বিধায়ক এম.পি. কুমাৰস্বামী, ৰামাপ্পা লামানি, গুলিহাট্টি ডি শ্বেখৰ, বৰ্তমানৰ এমএলচি শংকৰ আৰ, বৰ্তমানৰ মন্ত্ৰী এছ অংগাৰা আৰু বি এছ য়েদিয়ুৰাপ্পাৰ ঘনিষ্ঠ ডঃ বিশ্বনাথে বিজেপি ত্যাগ কৰে।

ইফালে বিধানসভা নিৰ্বাচনৰ টিকট প্ৰত্যাখ্যান কৰাৰ পিছত ১৩ এপ্ৰিলত বিজেপি নেতা তথা মুদিগেৰেৰ তিনিবাৰৰ বিধায়ক কুমাৰস্বামীয়ে দলৰ পৰা পদত্যাগ কৰে। দল ত্যাগ কৰাৰ পিছত কুমাৰস্বামীয়ে বিজেপিক সতৰ্ক কৰি দিছিল যে চি.টি. ৰবিয়ে কৰ্ণাটকত বিজেপিক নিশ্চিহ্ন কৰিব। তেওঁ কয় যে যদি জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাই এসপ্তাহৰ বাবে ফোনৰ সংযোগ বন্ধ কৰে, তেন্তে বিজেপিয়ে কৰ্ণাটকত ৫০ খন আসনো জয় কৰিব নোৱাৰিব।

একে সময়তে আৰ শংকৰে বিজেপি ত্যাগ কৰিছে। শেহতীয়াকৈ, বাণিজ্যিক কৰ বিভাগে আৰ শংকৰৰ ঘৰত তালাচী চলাইছিল। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে এমাহৰো কম সময় বাকী থকাৰ সময়তে বিজেপিত টিকট কেন্দ্ৰিক কন্দলৰ সৃষ্টি হৈছে। টিকট কেন্দ্ৰিক ৰাজনীতিক লৈ বিজেপিত আৰম্ভ হোৱা কন্দলক ফলত নিৰ্বাচনত এক বৃহৎ প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব সেয়া নিশ্চিত৷