Logo
image

বিহুত বিমুগ্ধ মোদী শলাগি গ’ল অসমক

আমাৰ অসম, ১৭ এপ্ৰিলঃ সৰু সজাই ষ্টেডিয়ামত শুকুৰবাৰে বিয়লি হাজাৰ হাজাৰ বিহুৱা-বিহুৱতীৰ বিহু নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীয়ে বিহুৰ এই বিশাল আয়োজক প্ৰশংসাৰে উপচায় পেলায়৷ ঢোল, পেপা, গগণাৰ লগতে অসমৰ কপৌফুলৰ উচ্ছ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ শুকুৰবাৰে কলাক্ষেত্ৰত কাৰ্যসূচী সামৰি প্ৰধানমন্ত্ৰী মোদী বশিষ্ট চাৰিআলিস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা ৰোড শ্বো কৰি বিয়লি প্ৰায় ৫.৩০ বজাত সৰু সজাই ষ্টেডিয়ামত উপস্থিত হয়৷  বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা সৰুসজাই পৰ্যন্ত–এই সুদীৰ্ঘ পথচোৱাৰ দুয়োকাষে হাজাৰ হাজাৰ লোকে মোদীক অভিবাদন জনায়৷ ইয়াৰ অধিকাংশ লোকে নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি প্ৰধানমন্ত্ৰীক আদৰণি জনায়৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে যিখন গাড়ীত উঠি এই ৰোড শ্বোত অংশ লৈছিল সেই গাড়ীখনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও প্ৰধানমন্ত্ৰীৰ সংগী হয়৷ দেশত প্ৰথম বাৰৰ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ গাড়ীত কোনো এজন মুখ্যমন্ত্ৰীক এনেদৰে ৰোডশ্বোত সংগী কৰি লোৱা দেখা গ’ল৷ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সমগ্ৰ পথচোৱা উপস্থিত হাজাৰ হাজাৰ লোকক হাত জোকাৰি অভিনন্দন জনায়৷ সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে সজ্জিত বাহনত উঠি ১১ হাজাৰ বিহুৱা-বিহুৱতী আৰু ষ্টেডিয়ামত উপস্থিত ২০ সহস্ৰাধিক লোকক হাত জোকাৰি অভিভাদন জনায়৷ নাচনি সকলে গাম খাৰু, মুঠি আৰু পৰিধান কৰা হাতেৰে চাপৰি বজাই প্ৰধানমন্ত্ৰীক আদৰণি জনায় এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰধামন্ত্ৰী মোদীয়ে বিহু পৰিৱেশনৰ সমগ্ৰ সময়চোৱা থিয় হৈ ইয়াক উপভোগ কৰাৰ লগতে ঘনে ঘনে হাত চাপৰি বজায়৷ ইয়াৰ পূৰ্বে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়– আজিৰ এই বিৰল দৃশ্য চোৱা যিকোনো লোকে গোটেই জীৱনকালত এই কথা কেতিয়াও পাহৰিব নোৱাৰে৷ ই কল্পনাৰ বাহিৰত, ই অভূতপূৰ্ব৷ এয়া হৈছে অসমৰ ঢোল, পেঁপা আৰু গগণাৰ শব্দ আজি সমগ্ৰ ভাৰততে শুনা গৈছে৷ অসমৰ হাজাৰ হাজাৰ শিল্পীৰ প্ৰচেষ্টা আৰু সমন্বয় দেশৰ লগতে বিশ্বই অতি গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে শিল্পীসকলৰ সত্ত্বা আৰু উৎসাহক প্ৰশংসা কৰে৷ বিধানসভা নিৰ্বাচনৰ সময়ত অসম ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে তেওঁ এনে এটা দিনৰ কথা কৈছিল য’ত মানুহে ‘এ ফৰ আছাম’ বুলি ক’ব আৰু অৱশেষত অসম এ-ৱান ৰাজ্যলৈ পৰিণত হৈছে৷ ‘আমাৰ উৎসৱবোৰ কেৱল এক সাংস্কৃতিক প্ৰদৰ্শন নহয়, সকলোকে একত্ৰিত কৰাৰ ই এক মাধ্যম আৰু একেলগে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণাস্বৰূপ৷’ ৰঙালী বিহু অসমৰ জনসাধাৰণৰ বাবে হৃদয় আৰু আত্মাৰ উৎসৱ৷ ই জনসাধাৰণৰ মাজত বিভাজন দূৰ কৰে আৰু মানুহ তথা প্ৰকৃতিৰ মাজত নিখুঁত সমন্বয়ৰ প্ৰতীক হিচাপে কাম কৰে৷ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিশ্ব বিজয় নজোৱান শীৰ্ষক গীতটিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গীতটো অসম তথা সমগ্ৰ ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে৷ মোদীয়ে উপস্থিত লোকসকলৰ সন্মুখত প্ৰচুৰ প্ৰশংসাৰে গীতটো বৰ্ণনা কৰে৷ তেওঁ কয় যে গীতটোৱে ভাৰতৰ যুৱসকলক ভাৰত মাতৃৰ আহ্বান শুনিবলৈ আৰু পৰিৱৰ্তনৰ বাহক হ’বলৈ অনুৰোধ জনাইছে৷ এই গীতটো লিখাৰ সময়ত স্বাধীন ভাৰতৰ সপোন আটাইতকৈ ডাঙৰ সপোন আছিল, আজি যেতিয়া আমি মুক্ত হৈছো, বিকশিত ভাৰত হৈছে এতিয়াৰ আটাইতকৈ ডাঙৰ সপোন, প্ৰধানমন্ত্ৰীয়ে অসমৰ যুৱসকলক আগবাঢ়ি গৈ আৰু বিকশিত ভাৰতৰ দুৱাৰ মুকলি কৰিবলৈ আহ৩ান জনায়৷ দিল্লীত মহান অসম যোদ্ধা লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী বৰ্ষৰ বিশাল উদ্‌যাপন কৰা হয়৷ ৰাণী গাইডিলু, কাশী তামিল সংগম, সৌৰাষ্ট্ৰ তামিল সংগম আৰু কেদাৰনাথ-কামাখ্যাৰ সাংস্কৃতিক সংযোগ৷ আজি প্ৰতিটো চিন্তা আৰু সংস্কৃতিৰ মাজত সংযোগ গভীৰ কৰা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মাধৱপুৰ মেলা ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে কৃষ্ণ ৰুক্মিণীৰ এই বন্ধনে উত্তৰ-পূবক পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিছে৷ তেওঁ লগতে কয় যে মুগা চিল্ক, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল, কাজি নেমুৰ পিছত এতিয়া গামোছাই জিআই টেগ লাভ কৰিছে, এইটো আমাৰ ভগ্নীসকলৰ অসমৰ কলা আৰু শ্ৰমক দেশৰ বাকী অংশলৈ লৈ যোৱাৰ এক প্ৰয়াস৷ উত্তৰ-পূবত ভৌগলিক সংযোগৰ অভাৱৰ বিষয়টো সদায়েই অগ্ৰাধিকাৰৰ বিষয় আছিল৷ সেয়ে বৰ্তমানৰ চৰকাৰে অঞ্চলটোত পথ, ৰে’ল আৰু বিমান সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সমস্যা সমাধান কৰি আহিছে৷ উত্তৰ-পূবৰ বেছিভাগ গাঁৱলৈ পথ সংযোগ, নতুন বিমানবন্দৰ আৰু প্ৰথমবাৰৰ বাবে বাণিজ্যিক বিমান অৱতৰণ, মণিপুৰ আৰু ত্ৰিপুৰালৈ ব্ৰডগজ ৰে’ল অন্যতম৷ উত্তৰ-পূবত পূৰ্বতকৈ তিনিগুণ দ্ৰুতগতিত নতুন ৰে’ল লাইন স্থাপন কৰা হৈছে আৰু দ্বৈত ৰে’ল লাইন আগৰ তুলনাত প্ৰায় ১০ গুণ দ্ৰুতগতিত নিৰ্মাণ কৰা হৈছে৷ ৬,০০০ কোটি টকাৰ অধিক মূল্যৰ ৫টা ৰে’ল প্ৰকল্পই অসমকে ধৰি অঞ্চলটোৰ এক বৃহৎ অংশৰ উন্নয়ন তৰান্বিত কৰিব৷ প্ৰথমবাৰৰ বাবে অসমৰ এক বৃহৎ অংশত ৰে’ল লাইন সম্প্ৰসাৰিত হৈছে আৰু ৰে’ল লাইন দুগুণ কৰাৰ ফলত অসম তথা মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ সংযোগ সহজ হৈ পৰিব৷ ধৰ্মীয়স্থল আৰু পৰ্যটনমূলক স্থানলৈ ভ্ৰমণ এতিয়া সহজ হৈ পৰিব৷ প্ৰধানমন্ত্ৰীয়ে বগীবিল দলং আৰু ধলা-শদিয়া-ভূপেন হাজৰিকা দলং উৎসৰ্গা কৰিবলৈ অহাৰ সময়ৰ কথা স্মৰণ কৰে৷ তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ নেটৱৰ্ক যোৱা ৯ বছৰত কৰা কামৰ ফলস্বৰূপে সম্পন্ন হৈছে আৰু আজিৰ দলং প্ৰকল্পই শুৱালকুছি ৰেচম উদ্যোগক লাভান্বিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ বাবে বিশ্বাসো সমানে শক্তিশালী হ’ব লাগে৷ আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি উত্তৰ-পূবৰ সকলো ঠাইতে স্থায়ী শান্তি বিয়পি পৰিছে৷ বহুতো যুৱকে হিংসাৰ পথ এৰি বিকাশৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিছে৷ উত্তৰ-পূবৰ পৰা অবিশ্বাসৰ পৰিৱেশ আঁতৰি গৈছে, হৃদয়ৰ মাজৰ দূৰত্ব নাইকিয়া হৈছে৷ স্বাধীনতাৰ অমৃত কালত এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ আমি এই পৰিৱেশ উন্নত কৰিব লাগিব৷ আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ সত্ত্বাৰ সৈতে আগবাঢ়িব লাগিব৷ দিনজোৰা কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জৰিয়তে ভাৰ্চুৱেলী অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ দৈনিক ৫০০ টন উৎপাদন ক্ষমতাসম্পন্ন মিথানল প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য-কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ৰংঘৰৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ ৰূপায়ণৰ শুভাৰম্ভণি কৰে৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পলাশবাৰী-শুৱালকুছিক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৪ লেনযুক্ত দলং নিৰ্মাণৰ শুভাৰম্ভ আৰু উত্তৰ-পূব ৰেলৱেৰ নতুন দ্বৈত ৰেলপথ, নতুন ৰেলপথ আৰু বৈদু্যতিকৃত ৰেলপথ প্ৰকল্প মুকলি কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ সন্মুখত গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ বিশ্ব অভিলেখ গঢ়া অসমীয়া জাতিৰ বাপতি সাহোন বিহুনৃত্য প্ৰদৰ্শন কৰা হয়৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গীনিজ ৰেকৰ্ড কতৃৰ্পক্ষৰ পৰা আনুষ্ঠানিকভাৱে ১১,৩০৪ গৰাকী নাচনিৰ জৰিয়তে সৰ্ববৃহৎ বিহু নৃত্য আৰু ২৫৪৮গৰাকী ঢুলীয়াৰ অংশগ্ৰহণেৰে সৰ্ববৃহৎ ঢোল বাদনৰ বিশ্ব অভিলেখ গঢ়াৰ মানপত্ৰও গ্ৰহণ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো অসম মাতৃৰ বাবে এক ঐতিহাসিক দিন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহুৰ দিনা আহি অসমবাসীৰ হৃদয়ত স্থান পালে৷ বিহু অসমীয়াৰ বাপতি সাহোন৷ বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা৷ বিহু শদিয়াৰ পৰা ধুবুৰীলৈ আবদ্ধ হৈ থকাটো আমাৰ লক্ষ্য আৰু উদ্দেশ্যে নহয়৷ অসমৰ প্ৰাণৰ বিহু বিশ্বৰ চুকে-কোণে বিয়পি পৰাৰ লগতে অসমৰ শৌৰ্য আৰু বীৰ্য বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰাটোৱে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিহুক ঐতিহাসিক স্থানলৈ লৈ যাবলৈ অসমবাসী সক্ষম হৈছে৷ এই কৃতিত্ব অসমবাসীৰ লগতে বিহুনৃত্য প্ৰদৰ্শন কৰা বিহুৱা-বিহুৱতী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰিছে শিক্ষা, সংস্কৃতি আদি সকলো দিশতে প্ৰগতিৰ চৰম শিখৰলৈ গৈ অসম এদিন ভাৰতৰ মধ্যমণিত পৰিণত হ’ব৷ উল্লেখযোগ্য যে অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ দৈনিক ৫০০ টন উৎপাদন ক্ষমতাসম্পন্ন মিথানল প্ৰকল্পটো ১, ৬০৩ কোটি টকা ব্যয়ৰে স্থাপন কৰা হৈছে৷ ৰংঘৰৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পটোৰ অধীনত আহোম ৰাজত্বৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰদৰ্শনৰ কৰিবলৈ এক বিশাল জলাশয়ৰ চাৰিওফালে মনোমোহা ফাউণ্টেইন-শ্ব’, থলুৱা হস্তশিল্প আৰু জনগোষ্ঠীৰ খাদ্য সম্ভাৰ আদিৰ বাবে পৰম্পৰাগত বিপনী, ৩০০০ আসনযুক্ত এম্পিথিয়েটাৰ, জল ক্ৰীড়াকে ধৰি দুঃসাহসিক ক্ৰীড়াৰ সুবিধা গঢ়ি তোলা হব৷ ১২৪ কোটি টকা প্ৰকল্প ব্যয়েৰে ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পটোৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ৮২ বিঘা ভূমি অধিগ্ৰহণ কৰিছে৷ পলাশবাৰী-শুৱালকুছিক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪ লেনযুক্ত দলঙখন ৩২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হব৷ এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে পলাশবাৰী আৰু শুৱালকুছিক সংযোগ কৰি নামনি অসমত যোগাযোগ ব্যৱস্থাই এক বিশেষ গতি লাভ কৰিব আৰু অঞ্চলটোৰ বিভিন্ন স্থানত বাণিজ্যিক কেন্দ্ৰ গঢ় লৈ উঠিব৷ ৭,২৮০ কোটি টকা ব্যয়েৰে উত্তৰ-পূব ৰে’লৱেই নিৰ্মাণ কৰা ৰে’লপথ কেইটা হৈছে ক্ৰমে ১০২ কিঃমিঃ দৈৰ্ঘ্যৰ নিউ বঙাইগাওঁ-ধূপধৰা আৰু ১৪৭ কিঃমিঃ দৈৰ্ঘ্যৰ ডিগাৰু-লামডিং দ্বৈত ৰেলপথ শাখা, ৫১২ কিঃমিঃ বৈদু্যতিকৃত ৰেলপথ আৰু ৮৬ কিঃমিঃ দৈৰ্ঘ্যৰ গৌৰীপুৰ-অভয়াপুৰী নতুন ৰে’লপথ৷ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে৷