Logo
image

কেজৰিৱালক ৯ ঘণ্টা জেৰা আপৰ বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

আমাৰ অসম, ১৭ এপ্ৰিলঃ  দিল্লীৰ আপ চৰকাৰে আবকাৰী নীতিৰ জৰিয়তে কেলেংকাৰি সংঘটিত কৰাৰ  অভিযোগত দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআয়ে প্ৰায় ৯ ঘণ্টা জেৰা কৰে৷ যোৱা শুকুৰবাৰেই চিবিআয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক এই গোচৰ সন্দৰ্ভত জেৰা কৰিবলৈ চমন জনাইছিল৷ উল্লেখ্য, আবকাৰী নীতিৰ কেলেংকাৰিৰ অভিযোগত কেজৰিৱালৰ সোঁহাত স্বৰূপ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক ইতিপূৰ্বে চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে৷ সেই গোচৰৰ নতুন সূত্ৰ আৰু তথ্য লাভ কৰা বুলি দাবী কৰি চিবিআয়ে দেওবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ  কেজৰিৱালক প্ৰায় ৯ ঘণ্টা জেৰা কৰে৷ চিবিআয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিব পাৰে বুলি তীব্ৰ চৰ্চা আৰম্ভ হৈছিল৷ পিছে প্ৰথমদিনৰ জেৰাত চিবিআয়ে কেজৰিৱালক জেৰা কৰি যাবলৈ দিয়ে৷ পৰৱৰ্তী সময়ত তেওঁক পুনৰ জেৰা কৰিব নে নকৰে সেই সন্দৰ্ভত দেওবাৰে চিবিআয়ে কোনো মন্তব্য কৰা নাই৷ দিল্লীৰ মুখ্যমন্ত্ৰীজনক দেওবাৰৰ জেৰাৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে পুনৰ চমন  জনোৱা নাই৷ ইপিনে, অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী তথা দলৰ সাংসদ আৰু সদস্য-সমৰ্থকে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীক জেৰা কৰাৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰে আৰু তেওঁলোকক দিল্লী আৰক্ষীয়ে আটক কৰে৷ 

দিনৰ ১১ বজাত চিবিআইৰ চমন অনুসৰি কেজৰিৱাল গৈ দক্ষিণ দিল্লীত থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ তাৰ পূৰ্বে তেওঁ ৰাজঘাটত মহাত্মা গান্ধীৰ  সমাধিত সেৱা কৰে৷ নিশা ৯ বজাত চিবিআইৰ কাৰ্যালয়ৰ পৰা ওলাই আহি অৰবিন্দ কেজৰিৱালে কয় যে, তেওঁক চিবিআয়ে মুঠতে ৫৬ টাপ্ৰশ্ন কৰে৷ সেই আটাইবোৰ প্ৰশ্নই ভুৱা বুলি কেজৰিৱালে মন্তব্য কৰে৷ তেওঁৰ মতে এই সম্পূৰ্ণ গোচৰটোৱেই ভুৱা৷ তেওঁলোকৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰিৰ কোনো প্ৰমাণ চিবিআইৰ হাতত নাই৷ কিয়নো  এনে কোনো কেলেংকাৰি সংঘটিত হোৱা নাই বুলি কেজৰিৱালে মন্তব্য কৰে৷ কেৱল ৰাজনৈতিক উদ্দেশ্যত নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকক পথৰ পৰা আঁতৰাবৰ বাবে চিবিআইক ব্যৱহাৰ কৰা বুলি তেওঁ পুনৰ অভিযোগ কৰে৷ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰাটোৱেই মোদী চৰকাৰৰ মূল উদ্দেশ্য বুলিও কেজৰিৱালে জেৰাৰ পৰা ওলাই আহি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে৷