Logo
image

পুলিচৰ আবেষ্টনীতে দুবৃৰ্ত্তৰ গুলীত ভাতৃসহ গেংষ্টাৰ আতিক ধৰাশায়ী

আমাৰ অসম, ১৭ এপ্ৰিলঃ অপৰাধ আৰু ৰাজনীতিক অতি নিকটতম বন্ধনেৰে বান্ধি সাম্প্ৰতিক কালত সমান্তৰালভাৱে অপৰাধৰ সাম্ৰাজ্য চলাই থাকি ৰাজনীতিৰো বিশেষাধিকাৰ উপভোগ কৰি থকা উত্তৰ প্ৰদেশৰ মাফিয়া-ৰাজনীতিক আতিক আহমেদক শনিবাৰে নিশা প্ৰয়াগৰাজত ১৭জন আৰক্ষীৰ আবেষ্টনী আৰু লাইভ কেমেৰাৰ সন্মুখত গুলীয়াই হত্যা কৰাৰ লোমহৰ্ষক ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১০০ ৰো অধিক ফৌজদাৰী গোচৰ থকা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আছৰফ আহমেদক সাংবাদিকৰ ভেশ লৈ অহা   তিনি অপৰাধীয়ে কৰা লোমহৰ্ষক হত্যাকাণ্ড সাম্প্ৰতিক সময়ত দেশত বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে মূলতঃ, লাইভ কেমেৰাৰ সন্মুখত সংঘটিত কৰা দুঃসাহসিক অভিযানৰ বাবে৷ মাফিয়া ডন তথা ৰাজনীতিক আতিক আহমেদক লোকচক্ষুৰ সন্মুখত হত্যা কৰি নিজে সাধাৰণ অপৰাধীৰ পৰা আতিকৰ দৰে ডন হিচাপে উত্থান ঘটাবলৈ থকা অভিলাষৰ বাবেই এনে দুঃসাহসিক অভিযান চলোৱা বুলি তিনিও হত্যাকাৰীয়ে স্বীকাৰোক্তি দিয়াৰ বিষয়টোও অতি বিস্ময়কৰ হিচাপে পৰিগণিত হৈছে৷ আনহাতে, মৃত্যুৰ ভীতি আৰু আশংকা থকা আতিক আহমেদৰ দৰে হাই-প্ৰফাইল অপৰাধী-ৰাজনীতিকক ইমান সুৰক্ষাহীনভাৱে কিয় উত্তৰ প্ৰদেশ আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ গৈছিল সেই লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো আতিক আহমেদে নিজেই কেইদিনমান পূৰ্বে উচ্ছ ন্যায়ালয়ত তেওঁৰ প্ৰাণৰ সংশয় থকা বুলি প্ৰকাশ কৰিছিল আৰু উচ্ছ ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰক্ষীক আতিক আহমেদক সুৰক্ষা প্ৰদান কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল৷ তথাপি কিয় উত্তৰ প্ৰদেশ আৰক্ষীয়ে মাথোঁ ১৭ জন আৰক্ষীৰ জিম্মাত আতিক আহমেদ আৰু ভ্ৰাতৃ আছৰফক স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিছিল, সিয়ো প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে৷ হত্যাৰ সময়ত আতিক আৰু ভ্ৰাতৃ আচৰফৰ চৌপাশে ৯ জনহে আৰক্ষী আছিল, কেন্দ্ৰীয় বাহিনী বা অতিৰিক্ত আৰক্ষীৰ কোনো নিৰাপত্তা ব্যৱস্থা নাছিল৷ তদুপৰি সেই ৯ জন আৰক্ষীৰ এজনেও হত্যাকাৰীক উদ্দেশ্যি গুলী চলোৱা দূৰৰে কথা, হাতত পিস্তল বা আগ্নেয়াস্ত্ৰ তুলি ল’বলৈও সক্ষম হোৱা নাছিল৷ এই ঘটনা আৰক্ষীৰ জিম্মাত সংঘটিত হত্যা হিচাপে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওপৰতো কলংকৰ দাগ লাগিছে৷ যোগী আদিত্যনাথ চৰকাৰৰ কাৰ্যকালত গড়ে প্ৰতি ১৩ দিনত একোটাকৈ এনকাউণ্টাৰত হত্যাকাণ্ডৰ অভিলেখ ৰচনা কৰা উত্তৰ প্ৰদেশৰ প্ৰশিক্ষিত আৰক্ষী সাধাৰণ, নাম-নাচ অপৰাধীৰ ওচৰতো কিমান অসহায়, সেয়া শনিবাৰে নিশা লাইভ টিভিত সমগ্ৰ দেশে উপলব্ধি কৰিলে৷ 

‘হি হু লিভছ বাই দ্য ছ’ৰ্ড, ডাইজ বাই দ্য ছ’ৰ্ড’ – বুলি এষাৰ কথা আছে৷ ৫ বাৰৰ বিধায়ক, এবাৰৰ সাংসদ আৰু ৪ দশক ধৰি উত্তৰ প্ৰদেশত  মুকলিভাৱে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা আতিক আহমেদৰ জীৱনপাতো সেইদৰেই অনুজ্ঞাপত্ৰবিহীন আগ্নেয়াস্ত্ৰৰ আঘাততে হ’ল৷ ১৭ বছৰ বয়সত হত্যাৰ গোচৰত অভিযুক্ত হোৱা আতিক আহমেদৰ শেষ দশা এনে হ’ব বুলি আন বহুতৰে দৰে স্বয়ং নিজেও অনুমান কৰিছিল৷ যোৱা ২৭ মাৰ্চত গুজৰাটত সৱৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজলৈ অনাৰ সময়ত তেওঁ সাংবাদিকৰ সন্মুখত উত্তৰ প্ৰদেশ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ অনা বুলি মন্তব্য কৰিছিল৷ প্ৰসংগত, আতিক আহমেদক সুৰক্ষিতভাৱে প্ৰয়াগৰাজলৈ অনা হয় আৰু যোৱা ২৮ মাৰ্চত তেওঁক উমেশ পাল হত্যাৰ গোচৰত আদালতত হাজিৰ কৰোৱা হয়৷ সেই গোচৰত আদালতে আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল৷ শনিবাৰে হত্যাৰ সময়ত আতিক আহমেদ উত্তৰ প্ৰদেশৰ বি এছ পিৰ প্ৰাক্তন বিধায়ক ৰাজু পালৰ হত্যাৰ গোচৰত আৰক্ষীৰ জিম্মাত আছিল৷ উল্লেখ্য, ভ্ৰাতৃ আছৰফৰ বিৰুদ্ধে নিৰ্বাচনত বিজয়ী হোৱা ৰাজু পালক  আতিক আহমেদে  ২০০৫ চনত গুলীয়াই হত্যা কৰোৱাইছিল৷ ৰাজু পাল হত্যাৰ মূল সাক্ষী উমেশ পালক যোৱা ২৪ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰাই আতিক আহমেদে তেওঁৰ সহযোগীৰ হতুৱাই হত্যা কৰাইছিল৷ সেই হত্যাত আতিক আহমেদৰ পুত্ৰ আছাদ জড়িত থকা বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰিছিল আৰু আছাদ পলাতক হৈ আছিল৷ যোৱা ১৩ এপ্ৰিলত আতিক আহমেদৰ পলাতক পুত্ৰ আছাদক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ঝান্সিত এনকাণ্টাৰ কৰি হত্যা কৰে৷ শনিবাৰে আছাদৰ শেষকৃত্য হৈ যায়৷ সেই শেষকৃত্যত উপস্থিত থাকিবলৈ আতিক আহমেদে আদালতত আবেদন জনালেও তেওঁৰ আবেদন সঠিক স্থান গৈ পোৱাৰ পূৰ্বে দিনৰ ১০ বজাত আছাদৰ জানাজা সম্পন্ন হয়৷ জানাজাত আতিক আহমেদ আৰু তেওঁৰ পত্নী ছায়েস্তা পাৰবীন উপস্থিত নাছিল৷ কিয়নো আতিক আহমেদৰ পত্নী ছায়েস্তা পাৰবীনো সম্প্ৰতি পলাতক৷ শনিবাৰে নিশা হত্যাৰ সময়ত আতিক আহমেদে পুত্ৰৰ জানাজাত কিয় উপস্থিত থাকিব নোৱাৰিলে সেই কথা সাংবাদিকক কওঁতেই তেওঁক আততায়ীয়ে মূৰত গুলীয়াই থিতাতে নিহত কৰে৷ 

মাথোঁ ২২ চেকেণ্ডত সম্পন্ন হৈছিল আতিক আহমেদ আৰু তেওঁৰ ভ্ৰাতৃ আছৰফ আহমেদৰ হত্যাকাণ্ড৷  তিনি সাধাৰণ অপৰাধী অৰুণ কুমাৰ মোৰ্য, ছানি পূৰণ সিং আৰু লৱলেশ সিঙে প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ৰ সন্মুখত মাথোঁ ২২ চেকেণ্ডতে সমাপ্ত কৰিছিল তেওঁলোকৰ অভিযান৷ পূৰ্বে সৰু সুৰা দুই এটা অপৰাধ কৰা অথচ কোনো ডাঙৰ অভিযান নচলোৱা এই তিনি অপৰাধীয়ে যিদৰে আৰক্ষীৰ বেষ্টনীত থকা আতিক আহমেদক শনিবাৰে নিশা ১১ বজাত হত্যা কৰিলে সেই অভিযানে সকলোকে স্তম্ভিত কৰি তুলিলে৷ আনকি তিনিও হত্যাকাৰীয়ে উপৰ্যুপৰি কৰা গুলীচালনাত আতিক আহমেদ আৰু ভ্ৰাতৃক লৈ অহা আৰক্ষীয়ে ফৰিং চিটিকা দিলে৷ কেৱল গুলী চালনাৰ ঘটনাৰ সময়ত স্থিতপ্ৰজ্ঞ হৈ ৰ’ল হাতত কেমেৰা আৰু বুম থকা সাংবাদিকহে৷ সেই সময়ত আতিক আহমেদক সাংবাদিকে পুত্ৰৰ জানাজালৈ কিয় নগ’ল সেয়া সুধি আছিল৷ বহুবাৰ প্ৰশ্ন কৰাৰ অন্তত তেওঁ কৈছিল– লৈ নগ’ল, সেই বাবে নগ’লো৷ পুনৰ আতিক আহমেদে ক’বলৈ আৰম্ভ কৰিছিল– আচল কথা হ’ল গুড্ডু ইছলাম...৷ তেওঁৰ সেই বাক্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে ইতিপূৰ্বে হাতত কেমেৰা আৰু বুম লৈ সাংবাদিকৰ ভেশ ধৰি থকা হত্যাকাৰীয়ে কেমেৰা আৰু বুম পেলাই আতিক আহমেদৰ তেনেই কাষলৈ আহি মূৰৰ বাওঁফালে ‘পইণ্ট ব্লেংক ৰেঞ্জ’ৰ পৰা গুলী কৰে৷ লগে লগে আতিক আহমেদ পৰি যায়৷ সেই সময়ত আৰু দুজন হত্যাকাৰী আগবাঢ়ি আহি আতিক আহমেদ আৰু ভ্ৰাতৃ আছৰফক উদ্দেশ্যি উপৰ্যুপৰি গুলীচালনা কৰে৷ দুয়ো পৰি গ’লেও তিনিও হত্যাকাৰীয়ে উপৰ্যুপৰি গুলীচালনা কৰি দুয়োৰে মৃত্যু নিশ্চিত কৰে৷ সেই সময়ত দুয়োকে পহৰা দি থকা আৰক্ষীৰ লোকসকল ভয়ত চিটিকি আঁতৰি পৰিছিল৷ মাত্ৰ ২২ চেকেণ্ডত এক ডজনতকৈ অধিক বুলি আতিক আৰু ভ্ৰাতৃৰ শৰীৰত সুমুৱাই দি তিনিও হত্যাকাৰীয়ে হাত দাঙি আত্মসমৰ্পণ কৰে৷ তিনিও জয় শ্ৰীৰাম ধবনি দিয়ে আৰু হাত দাঙি থিয় হৈ থকা অৱস্থাত আৰক্ষীৰ লোকে তেওঁলোকক কৰায়ত্ত কৰে৷ ইমান নিখুঁতভাৱে তিনিও হত্যাকাৰীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিলে, য’ত ‘ক্ৰছ ফায়াৰিঙ’ত আৰক্ষী আৰু সাংবাদিক হতাহত হোৱাৰ আশংকা আছিল৷ পিছে সেই গুলীচালনাত মাত্ৰ এজন আৰক্ষীয়ে সামান্য আঘাত পায় আৰু ‘আজটক’ৰ এজন সাংবাদিকৰ সামান্য ছাল ছিগে৷ তিনিও হত্যাকাৰীয়ে তুৰস্কত নিৰ্মিত ‘ছেমি অটোমেটিক’ ঝিগানা নামৰ পিস্তল ব্যৱহাৰ কৰিছিল৷ উল্লেখ্য, পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাতো এই ঝিগানা পিস্তলেই ব্যৱহাৰ কৰা হৈছিল৷ তিনিও হত্যাকাৰীক দেওবাৰে আদালতত হাজিৰ কৰোৱা হয়৷ তেওঁলোকে আৰক্ষীৰ ওচৰত দিয়া স্বীকাৰোক্তিত আতিক আহমেদৰ দৰে  ডন হোৱাৰ মানসেৰে এনে এটা ডাঙৰ অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে আদালতত জনাইছে৷ তিনিও অপৰাধীৰ বয়স ২২-২৬ৰ ভিতৰত৷ ইয়াৰে অৰুণ মৌৰ্যৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ আছে৷ আনহাতে, ছানিৰ বিৰুদ্ধে ১৪-১৫ টা আৰু লৱলেশৰ বিৰুদ্ধে আছে চাৰিটা গোচৰ৷ কাৰাগাৰত থকা অৱস্থাত তিনিও বন্ধুত্ব কৰিছিল আৰু এনে ডাঙৰ অপৰাধ কৰি উত্তৰ প্ৰদেশত আতিক আহমেদৰ দৰে ভয়ংকৰ মাফিয়া ডন হ’বলৈ পৰিকল্পনা কৰিছিল৷ তাৰেই ফলশ্ৰুতিত এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে আদালতত জনালেও জনসাধাৰণে আৰক্ষীৰ সেই ভাষ্য বিশ্বাস কৰা নাই৷ সেয়া যোগী আদিত্যনাথৰ আৰক্ষীয়ে বনাই লোৱা গল্প বুলি সকলোৱে চৰ্চা কৰিছে৷ 

আতিক আহমেদৰ হত্যাই গুজৰাটৰ ৰাজনীতিত তোলপাৰ লগাইছে৷ বিৰোধী ৰাজনৈতিক দলে আদিত্য নাথৰ শাসনত ৰাজ্যত আইন শৃংখলা নোহোৱা বুলি মন্তব্য কৰিছে আৰু কাৰো জীৱন নিৰাপদ নহয় বুলি সমালোচনা কৰিছে৷ এই ঘটনাই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ আশংকাত প্ৰয়াগৰাজকে ধৰি স্পৰ্শকাতৰ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে৷ উল্লেখ্য, আতিক আহমেদে ১৭ বছৰ বয়সত এটা হত্যাকাণ্ড সংঘটিত কৰি অপৰাধৰ সাম্ৰাজ্যত প্ৰৱেশ কৰে৷  প্ৰথমে তেওঁ ৰে’লৰ পৰা কয়লা চুৰি কৰি তাকে বিক্ৰী কৰি পৰিয়াল চলোৱাৰ চেষ্টা কৰিছিল৷ কিয়নো পিতৃ আছিল থেলাত পাচলি বিক্ৰী কৰা সাধাৰণ লোক৷ পাছত আতিকে ভঙা লোহাৰ ব্যৱসায় অৰ্থাৎ স্ক্ৰেপৰ ব্যৱসায়ত নামে৷ তাৰ পাছতে তেওঁ লাহে লাহে গেংষ্টাৰত পৰিণত হয় আৰু কেইবছৰমানৰ ভিতৰত সীমাহীন টকাৰ গৰাকী হৈ পৰে৷ হত্যা, ধন দাবী আৰু অন্যান্য অপৰাধেৰে আতিক আহমেদে চাৰিটা দশক ধৰি উত্তৰ প্ৰদেশত সন্ত্ৰাসৰ ৰাজত্ব চলাই আছিল৷ তাৰ মাজতে তেওঁ পাঁচবাৰকৈ উত্তৰ প্ৰদেশ বিধানসভাৰ বিধায়ক হয়৷ জৱাহৰলাল নেহৰুৱে প্ৰতিদ্বন্দ্বিতা কৰা এলাহাবাদ পূব সমষ্টিৰ পৰা  আতিক আহমেদ সাংসদো হয়৷   ৰাজনৈতিক প্ৰভাব খটুৱাই তেওঁ অপৰাধ কৰিও শাস্তি আৰু কাৰাদণ্ডৰ পৰা ৰক্ষা পৰি আছিল৷ ২০০৮ চনত তেওঁ ৰাজু পাল হত্যাৰ গোচৰত কাৰাবন্দী কৰা হয়৷ তেওঁ কাৰাগাৰৰ পৰাই মাফিয়াৰাজ চলাই আছিল আৰু নিৰ্বিঘ্নে হত্যাকাণ্ড তথা ৰাজনীতি সমান্তৰালভাৱে চলাই আছিল৷ এবাৰ এটা গোচৰত তেওঁৰ বিচাৰ ল’বলৈ ভয় কৰি এঘাৰজন বিচাৰকে সেই গোচৰৰ পৰা আঁতৰি পৰিছিল৷ ইমানেই আছিল উত্তৰ প্ৰদেশত আতিক আহমেদৰ আতংক৷ বিভিন্ন সময়ত তেওঁ সমাজবাদী পাৰ্টীৰ পৰা আৰু একাধিকবাৰ অপনা দল নামৰ ৰাজনৈতিক দলৰ পৰা বিধায়ক তথা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ এঘাৰ হাজাৰ কোটিৰো অধিক সম্পত্তিৰ সাম্ৰাজ্য থকা আতিক আহমেদক ৰাজনৈতিক দলসমূহে ভয়তে নিৰ্বাচনৰ টিকট দিছিল৷ তেওঁ সেই ৰাজনৈতিক অধিকাৰক নিজৰ ক’লা সাম্ৰাজ্য চলোৱা আৰু আইনৰ পৰা আত্মৰক্ষা কৰি থকা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ অৱশেষত আৰক্ষীৰ হাতত পুত্ৰৰ হত্যা আৰু জানাজাতো উপস্থিত থাকিব নোৱাৰা অসহায় পিতৃ হৈ আতিক আহমেদে সাধাৰণ দুৰ্বৃত্তৰ হাতত প্ৰাণ দিলে৷ লগে লগে যৱনিকা পৰিল উত্তৰ প্ৰদেশৰ চাৰিদশকৰ মাফিয়া ৰাজনীতিকৰ সাম্ৰাজ্যৰ৷