Logo
image

কামপুৰত বি এছ এফ জোৱানৰ আত্মহত্যা

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ভলভলীয়া গাঁৱৰ সীমান্তৰক্ষী বাহিনীৰ জোৱানে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা জোৱানজনৰ নাম সঞ্জীৱ লস্কৰ বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি সঞ্জীৱৰ পত্নীৰ লগত পাৰিবাৰিক সংঘাত চলি অহাৰ লগতে কিছুদিনৰ পৰা পত্নীয়ে নগাঁৱৰ জাজৰিৰ মাতৃগৃহত তাকিবলৈ অহাৰ অভিযোগ কৰিছে পৰিয়ালে। ১৫ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা সঞ্জীৱ এটি সন্তানৰ পিতৃ।  বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।