Logo
image

ফচল বীমা আঁচনি ৰূপায়ণত অসমৰ সফলতা

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অধীনত সমগ্ৰ দেশতে ৰূপায়িত হৈ থকা এখন ধ্বজাবাহী আঁচনি হল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। বানপানী, খৰাং, গৰা খহনীয়া আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ তথা অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ-আজাৰ আদিৰ বাবে হ'ব পৰা সম্ভাব্য ক্ষয়-ক্ষতিৰ বিপৰীতে কৃষকক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিগত কিছু বছৰ ধৰি এই আঁচনিখন সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ কৰা হৈছে। জাননীকৃত কেতবোৰ শস্য বীমাকৰণৰ জৰিয়তে ইতিমধ্যে ৰাজ্যখনৰ বুজন সংখ্যক কৃষকে এই আঁচনিৰ অধীনত আৰ্থিক সকাহ লাভ কৰিছে।

ৰাজ্যৰ বাবে সুখৰ বতৰা এই যে ২০২২ চনৰ খাৰিফ বতৰৰ বেলিকা আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেখুওৱা উল্লেখযোগ্য পাৰদৰ্শিতাৰ বাবে অসমে দেশৰ A2 শ্ৰেণীভূক্ত প্ৰদেশসমূহৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা ১৪ এপ্ৰিলত চট্টিশগড়ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিৱৰ্তনত এই বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ এই বঁটা গ্ৰহণ কৰে নডেল বিষয়া মকিবুৰ ৰহমানে।