Logo
image

চতিয়াত ৰে'লৰ খুন্দাত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ মৃত্যু

ডিজিটেল সংবাদ, চতিয়াঃ সোমবাৰে পুৱা চতিয়াত ৰে'লৰ খুন্দাত এজন অৱসৰপ্ৰাপ্ত অধ্যাপকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ চতিয়া মহাবিদ্যালয়ৰ পৰা দুবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা অসমীয়া বিভাগৰ অধ্যাপকজনৰ নাম পিয়াৰ আলি৷ আনদিনাৰ দৰে আজিও পুৱা প্ৰায় ৫-৩০ বজাত  প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈ ঘৰলৈ ঘূৰি নাহিল পিয়াৰ আলি৷ পিছত পুৱা প্ৰায় ৭ মান বজাতহে স্থানীয় লোকে তেওঁৰ মৃতদেহ ঘৰৰ সমীপৰ ৰে'ললাইনৰ কাষত ক্ষতবিক্ষত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি চতিয়া আৰক্ষীক খবৰ দিয়ে৷ চতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ স্বল্পভাষী, অমায়িক তথা চতিয়াৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সুদিহা পৰামৰ্শ আগবঢ়াই অহা অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীৰ মৃত্যুত চতিয়াৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷