Logo
image

ৰঙালীৰ আনন্দৰ মাজতে কন্দলীত হত্যাকাণ্ডঃ পাৰিবাৰিক অশান্তিৰ ফলত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

ডিজিটেল সংবাদ, কামপুৰঃ সমগ্ৰ ৰাজ্যতে ৰঙালীৰ আনন্দ উছাহৰ সময়তে দেওবাৰে নিশা নগাঁও জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কন্দলী কছুবস্তিত সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি পাৰিবাৰিক অৰ্ন্তকন্দলৰ ফলত স্বামীৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। প্ৰদীপ বসুমতাৰী (৫৬) নামৰ পঞ্চাচ উৰ্ধৰ এগৰাকী লোকৰ হাতত পত্নী সবিকণ বসুমতাৰী (৫০) ৰ মৃত্যু হয়। পাৰিবাৰিক অশান্তিৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে মত প্ৰকাশ কৰাৰ লগতে একাংশই অত্যাধিক সুৰাপানৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পাই ৰাঙলু পহৰা চকীৰ আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বামী প্ৰদীপ বসুমতীক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।