Logo
image

আমিনগাঁৱত জণ্ডিছ ৰোগৰ সংহাৰী ৰূপঃ এতিয়ালৈকে ৫জনৰ মৃত্যু

ডিজিটেল সংবাদ,আমিনগাঁওঃ কামৰূপ জিলা সদৰ আমিনগাঁৱত মহামাৰী ৰূপ ধাৰণ কৰিছে জণ্ডিছ ৰোগে। জণ্ডিছ ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত মৃত্যু হৈছে পাঁচজনকৈ লোকৰ। বৰ্তমানো চিকিৎসাধীন হৈ আছে অঞ্চলটোৰ ৬২ জন লোক। আমিনগাঁৱত বিগত কেইদিন মানত জণ্ডিছ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে অৰ্ধশতাধিক লোক চিকিৎসাধীন হোৱা খবৰে চিন্তিত কৰি তুলিছে জালুকবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। 

বৃহস্পতিবাৰে পুৱা ৯ মান বজাত আমিনগাঁৱৰ জণ্ডিছ ৰোগ অধ্যুষিত অঞ্চলত পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়৷ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালৰ খবৰ লোৱাৰ লগতে পহিলা বহাগৰ দিনা মৃত্যু হোৱা কিশোৰ-কিশোৰী তিনিওজনৰ পৰিয়ালৰ খবৰ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। পৰিস্থিতিৰ বুজ লৈ দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। আনহাতে চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ সা-সুবিধাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে আগন্তুক ১০ দিনৰ ভিতৰত ৰে'লৱে আৰু জনস্বাস্থ্য বিভাগৰ সহযোগত বিশুদ্ধ খোৱা পানী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও আশ্বাস দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে কাইলৈ গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকৰ এটা দল আমিনগাঁৱলৈ আহিব বুলি কয়। চিকিৎসকৰ দলটোৱে অঞ্চলটোত চিকিৎসা প্ৰদান কৰাৰ লগতে আমিনগাঁৱৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিব। আমিনগাঁও ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।