Logo
image

৩০ এপ্ৰিলত প্রধানমন্ত্ৰীৰ এশ সংখ্যক 'মন কি বাত' অনুষ্ঠানঃ ৰাজ্যৰ ২৮ হাজাৰ বুথত সমবেত হ'ব লাখ লাখ কাৰ্যকর্তা

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো বুথে বুথে প্রধানমন্ত্ৰীৰ ‘মন- কি- বাত’কাৰ্যক্ৰমৰ ১০০ সংখ্যাক সংস্কৰণ আগন্তুক ৩০ এপ্ৰিলৰ দিনা লাখ লাখ কাৰ্যকৰ্তাই শ্ৰৱন কৰিব। অসমৰ ২৮ হাজাৰতকৈও অধিক বুথত মন কি বাত কাৰ্যক্ৰম উলহ-মালহেৰে অনুষ্ঠিত কৰাৰ বাবে দলে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে। এই বিষয়ত পৰ্যালোচনা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বৈঠক দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয়। দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰস্তুতি বৈঠকত দলৰ ৩৯৯ টা মণ্ডল সমিতিৰ সভাপতি, মণ্ডল সমিতিৰ 'মন কি বাত' প্রমূখ, ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি দলৰ জিলা প্ৰভাৰী, সহ- প্ৰভাৰী সকল আৰু ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। 

এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সম্পাদক আশা লাক্ৰা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকক্ৰমে পুলক গোঁহাই, পল্লৱ লোচন দাস আৰু দিপু ৰঞ্জন শৰ্মা, দলৰ ৰাজ্যিক উপসভাপতি তপন কুমাৰ গগৈ, অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গালোচাকে ধৰি ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ প্ৰতিষ্ঠানলৈ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰেৰণ কৰা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে। উল্লেখ‍্য, ৩০ এপ্ৰিলৰ দিনা অনুষ্ঠিত হ'ব লগীয়া মন কি বাত অনুষ্ঠানৰ কাৰ্য্যক্ৰমত ৰাজ্যৰ প্ৰতিটো বুথত অতি কমেও ১০০ জনকৈ কাৰ্য্যকর্তা উপস্থিত থকাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে বুথৰ কাৰ্য্যক্ৰমত স্থানীয় সমাজসেৱক, অগ্রণী যুৱক- যুৱতী, মহিলা, চৰকাৰী কৰ্মচাৰীকে ধৰি সামাজিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলকো অংশীদাৰ কৰাৰ বিষয়ে দেওবাৰৰ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। 

সভাত উপস্থিত থকা কেন্দ্রীয় নেত্রী লাক্রাই মন কি বাত অনুষ্ঠানটো সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে বুলি উল্লেখ কৰি তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কাৰ্যকৰ্তাক আহ্বান জনায়। লাক্ৰাৰ মতে প্ৰধানমন্ত্ৰী দেশৰ প্ৰতিজন নাগৰিকৰ। সেয়েহে তেওঁৰ 'মন কি বাত' কাৰ্যক্ৰমো প্ৰতিগৰাকী দেশবাসীৰ বাবে উৎসর্গিত। উল্লেখ্য, 'মন কি বাত অনুষ্ঠানৰ জৰিয়তে মাননীয় প্রধানমন্ত্রীয়ে বিভিন্ন সামাজিক বিষয়ত সজাগতা সৃষ্টিৰ বাবে এক বিনম্ৰ প্ৰয়াস কৰি আহিছে। সেয়েহে এই অনুষ্ঠানটো দেশৰ অন্যতম জনপ্রিয় অনাতাৰ অনুষ্ঠান হিচাপে পৰিচিত। দেশৰ উপৰিও বিদেশতো 'মন কি বাত' অনুষ্ঠানৰ ব্যাপক চর্চা হোৱাৰ কথা আমি সকলোৱে জানোঁ। অনুশাসন আৰু নিষ্ঠাৰে ১০০ সংখ্যক মন কি বাত অনুষ্ঠান শ্ৰৱন কৰাৰ লগতে প্রধামন্ত্ৰীয়ে দিয়া প্ৰতিটো বাৰ্তা জনগণৰ ওচৰলৈ অতি আন্তৰিকতাৰে আগবঢ়াই নিবলৈ প্রস্তুতি বৈঠকত উপস্থিত থকা সহস্রাধিক কাৰ্য্যকৰ্তাক সম্বোধন কৰি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আহ্বান জনায়। কলিতাই নিয়মানুবর্তিতা আৰু অনুশাসনক সৰ্বাধিক গুৰুত্ব দি 'মন কি বাত' অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাৰ্যকৰ্তাসকলক পৰামৰ্শ আগবঢ়ায়।